• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ প্ৰসিদ্ধ কণ্ঠশিল্পী দ্বীপেন বৰুৱালৈ ‘ৰঙালী’ৰ মঞ্চত জীৱনজোৰা সাধনা বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2024 1:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰ পৰা আৰম্ভ অসমৰ সৰ্ববৃহৎ অনুষ্ঠান ৰঙালীৰ অষ্টম সংস্কৰণ। ২১ জুন দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আজিৰ অনুষ্ঠানৰ আৰম্ভণি ঘটে যোগা প্ৰদৰ্শনেৰে।

অনুষ্ঠানৰ নেতৃত্ব লয় বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ কন্যা তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগ প্ৰশিক্ষক জে এন তুলিকাই। তেখেতৰ প্ৰচেষ্টাত গঢ় লৈ উঠা বেচৰকাৰী সংস্থা য়ুজ ৱেলনেচনৰ তত্ত্বাৱধানত প্ৰায় ডেৰ ঘণ্টা সময় ৪০০ৰো অধিক যোগাভ্যাসকাৰীয়ে যোগৰ বিভিন্ন আসনসমূহ প্ৰদৰ্শন কৰে। লগতে লাইভ ষ্ট্ৰিমৰ জৰিয়তে দেশ বিদেশৰ বহু যোগ অনুৰাগীয়ে এই অনুষ্ঠানত ভাগ লয়।

অনুষ্ঠানটোত উপস্থিত থাকে এন কে নিউজ প্লাছৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, ৰঙালীৰ উদ্যোক্তা শ্যামকানু মহন্ত, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব চবিন ৰাজখোৱা ইত্যাদি বিশিষ্ট ব্যক্তিসকল।

Apply Now

সন্ধিয়া ৰঙালীৰ অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে অসমৰ মাননীয় ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই। তেখেতে ভাষণ প্ৰসংগত ৰঙালীয়ে উদ্যমীতা আৰু পৰ্যটনৰ সমল সৃষ্টি আৰু প্ৰতিভা বিকাশৰ জৰিয়তে সৃষ্টিশীলতাৰ এক বৃহৎ মঞ্চ সৃষ্টি কৰাৰ বাবে উদ্যোক্তা শ্যামকানু মহন্তক ধন্যবাদ জনায়। লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগিতাৰ কথাও উল্লেখ কৰে।

গোলাব চান্দ কাটাৰিয়া ডাঙৰীয়াই আৰু বহু বেছি পৰ্যটকৰ আগমণৰ বাবে ৰঙালীক দেশৰ বিভিন্ন অঞ্চলত জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা হাতত ল’ব লাগে বুলিও কয়। তদুপৰি ৰাজ্যপাল কাটাৰিয়াই আয়োজকসকলৰ প্ৰশংসা কৰি ৰঙালীৰ অষ্টম সংস্কৰণত “জীৱনজোৰা সাধনা বঁটা” এক অভিনৱ সংযোজন বুলি মন্তব্য কৰে।

আজি সন্ধিয়াৰ মুখ্য অনুষ্ঠান ৰঙালী মিউজিক এৱাৰ্ডত অসমৰ মাননীয় ৰাজ্যপাল কাটাৰিয়া ডাঙৰীয়াই অসমৰ স্বনামধন্য কন্ঠশিল্পী দ্বীপেন বৰুৱাদেৱক ‘জীৱনজোৰা সাধনা বঁটা’ প্ৰদান কৰে। এই বঁটাত তেখেতলৈ এখন এড়ী কাপোৰ, ১ লাখ ৫১ হাজাৰ টকাৰ চেক আৰু ৰঙালীৰ চিহ্ন সম্বলিত এটা স্মাৰক আগবঢ়োৱা হয়। গুৱাহাটীৰ বিখ্যাত বৰুৱা পৰিয়ালত ১৯৪৫ চনত জন্মগ্ৰহণ কৰা দ্বীপেন বৰুৱাৰ সংগীত যাত্ৰাৰ আৰম্ভণি হৈছিল ১৯৬৮ চনত। জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত ডক্তৰ বেজবৰুৱা ছবিৰ জৰিয়তে তেওঁ সংগীত জগতত প্ৰৱেশ কৰিছিল।

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই। এই ছবিখনৰ ‘কি নাম দি মাতিম’, ‘জিলিকি জিলিকা তৰা আকাশৰে’, ‘মইনা কোন বিধাতাই স্ৰজিলে’, ‘ফুল ফুল ফুল’, শীৰ্ষক চাৰিটা গীতত কন্ঠদান কৰি ইতিহাস সৃষ্টি কৰিলে।

কেৱল ৭০-৯০ৰ দশকতেই নহয় দ্বীপেন বৰুৱাৰ গীত মানেই আজিও নতুন শ্ৰোতাৰ মনত শিহৰণ। বঁটা গ্ৰহণ কৰি বৰুৱাদেৱে ৰঙালীৰ আয়োজনত আনন্দ প্ৰকাশ কৰি জীৱনজোৰা বঁটাৰ বাবে বাছনি কৰাৰ বাবে ৰঙালীৰ উদ্যোক্তা আৰু বিশেষকৈ তেখেতৰ ভাতৃপ্ৰতীম শ্যামকানু মহন্তক ধন্যবাদ জ্ঞাপন কৰে। দ্বীপেন বৰুৱাদেৱে লগতে এনে ধৰণৰ সমাজমুখী অনুষ্ঠানসমূহ ভৱিষ্যতেও সুকলমে সম্পন্ন হৈ থাকিবলৈ ৰঙালীক শুভেচ্ছা জনায়।

ৰঙালী মিউজিক এৱাৰ্ডৰ অন্যান্য প্ৰতিযোগিতামূলক শিতানসমূহত আগানৰ গানৰ বাবে ঠেঙাল জ্যোতি স্বপ্নক শ্ৰেষ্ঠ গীতিকাৰ, শিতানৰে গাৰুৰ বাবে ৰাণা বুঢ়াগোঁহাইক শ্ৰেষ্ঠ সংগীত পৰিচালক, অধিকাৰৰ বাবে তন্ময় শইকীয়াক উদীয়মান গায়ক, বহুদিন হ’লৰ বাবে জোনাকী মনক শ্ৰেষ্ঠ গায়ক (পুৰুষ), বাউলী ফাগুনৰ বাবে শতাব্দী খাটনিয়াৰক শ্ৰেষ্ঠ গায়ক (মহিলা), ক’লা বগাৰ বাবে মিনিমিক শ্ৰেষ্ঠ ৰেপাৰৰ বঁটা দিয়া হয়। আনহাতে বৰ্ষশ্ৰেষ্ঠ জনপ্ৰিয় গীতৰ শিতানত ৰাইজৰ ভোটত শ্ৰেষ্ঠ বিবেচিত হয় প্ৰাণদ্বীপৰ যুদ্ধ।

ৰঙালী মিউজিক এৱাৰ্ডৰ বিচাৰকৰ ৰূপত আছিল অসমৰ গৌৰৱ গীতিকাৰ, সংগীত পৰিচালক ইবছন লাল বৰুৱা আৰু প্ৰসিদ্ধ সংগীত পৰিচালক তথা সুৰকাৰ যতীন শৰ্মা ডাঙৰীয়া।

ৰঙালী সন্দৰ্ভত মুখ্য আয়োজক শ্যামকানু মহন্তই উল্লেখ কৰে যে কাইলৈ অৰ্থাৎ ২২ জুনৰ সন্ধিয়া বলিউডৰ বিখ্যাত শিল্পী এনিমেল খ্যাত ৰাঘৱ চৈতন্য আৰু দেওবাৰে জুবিন গাৰ্গৰ লগতে থাকিব ভাৰতৰ শ্ৰেষ্ঠ ৰক বেণ্ড নালায়কৰ প্ৰদৰ্শন। লগতে আছে পুষ্পাখ্যাত প্ৰসিদ্ধ গায়ক আৰু সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদ।

তেখেতে মন্তব্য কৰে যে সমগ্ৰ প্ৰচেষ্টাটোত অসমৰ বহু জাতি জনগোষ্ঠী জড়িত হৈছে আৰু এই কথাটোত আমি আনন্দিত। লগতে বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠন, উন্নয়ন পৰিষদ, অসম চৰকাৰ আৰু বিশেষকৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা বহুখিনি সহযোগিতা পোৱাৰ কথাও মহন্তই উল্লেখ কৰে। ৰঙালীক এক জাগৰণত পৰিণত কৰাৰ বাবে শ্যামকানু মহন্তই ৰাইজক ধন্যবাদ জনায়।

ৰঙালীৰ আন এক উল্লেখযোগ্য বাৰ্তা ইয়াৰ লোক মঞ্চত চুতীয়া, বড়ো, ৰাভা, কাৰ্বি, সোণোৱাল কছাৰী, চাহ জনগোষ্ঠীকে ধৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে ৰহনীয়া সংস্কৃতিৰ প্ৰদৰ্শন। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ তাঁতশাল, চুতীয়া জনগোষ্ঠীৰ এলেং ঘৰ, ৰাতি বিহু, গছ বিহু আদিৰে সমৃদ্ধ এই প্ৰদৰ্শনীয়ে অলেখ দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই প্ৰদৰ্শনী অহা ২৩ মে’ অৰ্থাৎ অনুষ্ঠানৰ অন্তিম দিনলৈকে অনুষ্ঠিত হ’ব। জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ পয়োভৰৰ লগতে ইয়াত অনুষ্ঠিত হৈছে ক্ষুদ্ৰ ব্যৱসায়ী সকলক অনুপ্ৰেৰণা জগাব পৰাকৈ ভকেল ফৰ লকেল প্ৰদৰ্শনী। লগতে আছে আৰ্ট, হিপ হপ আৰু অসংখ্য অনুষ্ঠানৰ সমাহাৰ। সুকলমে পাৰ হৈ যোৱা ৰঙালীৰ প্ৰথম দিনটোত বতৰে প্ৰতিকুলতাৰ সৃষ্টি কৰিছিল যদিও এই প্ৰতিকুলতাক নেওচি ৰঙালী ৰঙীন হৈ উজলি উঠিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd