• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা কাৰ্যকৰী হ’ল নতুন আইন; সাধাৰণ মানুহে যি ১০টা পৰিৱৰ্তনৰ বিষয়ে জনা উচিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2024 10:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ১ জুলাই সোমবাৰৰ পৰা দেশত তিনিখন নতুন অপৰাধমূলক আইন বলবৎ হৈছে। ইয়াৰ ফলত ভাৰতৰ অপৰাধমূলক ন্যায় ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন আহিব। পুৰণি ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা আৰু ভাৰতীয় প্ৰমাণ আইনৰ সলনি আজিৰে পৰা কাৰ্যকৰী হ’ল ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য সংহিতা।

এই নতুন আইনৰ বিষয়ে জানিবলগীয়া ১০টা গুৰুত্বপূৰ্ণ কথা জানি লওক-

১. অপৰাধমূলক গোচৰত বিচাৰ সম্পূৰ্ণ হোৱাৰ ৪৫ দিনৰ ভিতৰত ৰায়দান দিব লাগিব। প্ৰথম শুনানিৰ ৬০ দিনৰ ভিতৰত অভিযোগ গঠন কৰিব লাগিব। সাক্ষীৰ সুৰক্ষা আৰু সহযোগিতা নিশ্চিত কৰিবলৈ সকলো ৰাজ্য চৰকাৰে সাক্ষী সুৰক্ষা আঁচনি ৰূপায়ণ কৰিব লাগিব।

Apply Now

২.এগৰাকী মহিলা আৰক্ষী বিষয়াইহে ধৰ্ষণৰ বলি হোৱা মহিলাৰ ভাষ্য ল’ব লাগিব। ভাষ্য ভুক্তভোগীৰ অভিভাৱক বা আত্মীয়ৰ উপস্থিতিত লিপিবদ্ধ কৰিব লাগিব। সাত দিনৰ ভিতৰত ভুক্তভোগীৰ চিকিৎসা প্ৰতিবেদন সম্পূৰ্ণ কৰিব লাগিব।

৩.নাৰী আৰু শিশুৰ বিৰুদ্ধে হিংসা আইনৰ নতুন অধ্যায়ত উল্লেখ আছে যে শিশু ক্ৰয় বা বিক্ৰী কৰাটো এক জঘন্য অপৰাধ হিচাপে গণ্য কৰা হ’ব। নতুন দণ্ডবিধি আইনত কঠোৰ শাস্তিৰ ব্যৱস্থা আছে। নতুন আইনৰ অধীনত নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিলে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে।

৪.বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে নাৰীক বিপথে পৰিচালিত কৰি পৰিত্যাগ কৰাটো এতিয়া আইনৰ দ্বাৰা শাস্তিযোগ্য হ’ব।

৫.হাৰাশাস্তিৰ বলি হোৱা মহিলাসকলে ৯০ দিনৰ ভিতৰত নিয়মীয়াকৈ গোচৰৰ আপডেট পোৱাৰ যোগ্য। হিংসাৰ বলি হোৱা মহিলা আৰু শিশুসকলক সকলো চিকিৎসালয়তে বিনামূলীয়া প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগিব।

৬.অভিযুক্ত আৰু অভিযোগকাৰী দুয়োজনেই ১৪ দিনৰ ভিতৰত বক্তব্য, আৰক্ষীৰ প্ৰতিবেদন, অভিযোগনামা, জবানবন্দী, স্বীকাৰোক্তিমূলক বক্তব্য আৰু অন্যান্য নথি-পত্ৰৰ কপি লাভ কৰাৰ অধিকাৰ আছে। গোচৰৰ শুনানিত অপ্ৰয়োজনীয় পলম নহ’বলৈ আদালতক সৰ্বাধিক দুটা স্থগিতাদেশৰ অনুমতি দিয়া হৈছে।

৭. ইপিনে, এতিয়া ইলেক্ট্ৰনিকভাৱে অভিযোগ দাখিল কৰিব পাৰিব। ইয়াৰ বাবে কোনো থানালৈ যোৱাৰ প্ৰয়োজন নাই। জিৰ’ এফ আই আৰ প্ৰৱৰ্তনৰ ফলত এতিয়া ব্যক্তিয়ে অধিকাৰক্ষেত্ৰ নিৰ্বিশেষে যিকোনো থানাত এফ আই আৰ দাখিল কৰিব পাৰিব।

৮.গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে নিজৰ পছন্দৰ ব্যক্তিজনক নিজৰ অৱস্থাৰ বিষয়ে অৱগত কৰাৰ অধিকাৰ থাকিব। যাতে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে তৎকালীনভাৱে সহায় লাভ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা। ধৃত ব্যক্তিসকলৰ সবিশেষ থানা আৰু জিলা সদৰত প্ৰদৰ্শিত কৰা হ’ব যাতে পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে আটক কৰা ব্যক্তিজনৰ গ্ৰেপ্তাৰ সম্পৰ্কে সহজে তথ্য লাভ কৰিব পাৰে।

৯.এতিয়া গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত ফৰেনছিক বিশেষজ্ঞসকলে অপৰাধস্থলীলৈ যোৱাটো বাধ্যতামূলক। ফৰেনছিক বিশেষজ্ঞসকলে তালৈ গৈ নিজে প্ৰমাণ সংগ্ৰহ কৰিব লাগিব।

১০.‘লিংগ’ৰ সংজ্ঞাত এতিয়া তৃতীয় লিংগকো অন্তৰ্ভুক্ত কৰা হৈছে। মহিলাৰ বিৰুদ্ধে কিছুমান অপৰাধৰ বাবে নতুন নিয়মত কোৱা হৈছে যে ভুক্তভোগীৰ বক্তব্য সম্ভৱ হ’লে মহিলা দণ্ডাধীশে লিপিবদ্ধ কৰিব লাগে। আৰু যদি সেয়া সম্ভৱ নহয়, তেন্তে এজন পুৰুষ দণ্ডাধীশে মহিলাৰ উপস্থিতিত সেই বক্তব্য লিপিবদ্ধ কৰিব লাগে। ধৰ্ষণ সংক্ৰান্তীয় বক্তব্য অডিঅ’-ভিডিঅ’ৰ জৰিয়তে ৰেকৰ্ড কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd