নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ সৰ্বত্ৰে দল-সংগঠন, শিল্পী-সাহিত্যিককে ধৰি সৰ্বসাধাৰণ লোক প্ৰতিবাদ মুখৰ হৈ থকাৰ সময়তে ওদালগুৰিতো দেখা গ’ল প্ৰতিবাদ।
কেন্দ্ৰীয় চৰকাৰে এই বহু বিতৰ্কিত বিধেয়কখনৰ জৰিয়তে ভাৰতবৰ্ষৰ অন্য প্ৰান্তত তথা অসমত হিন্দু বাংলাদেশী লোকক সংস্থাপন কৰিব বিচৰা কাৰ্যত ক্ষুভিত হৈয়ে ওদালগুৰিৰ প্ৰব্ৰজন বিৰোধী মঞ্চই শণিবাৰে বিধেয়কখন বাতিল তথা খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ দাবীত বৃহৎ গণস্বাক্ষৰ অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰে।
গণস্বাক্ষৰ অভিযানৰ সময়ত সংগঠনটোৰ নেতৃবৃন্দই কয় যে কেন্দ্ৰীয় চৰকাৰে অসমত অবৈধ হিন্দু বাংলাদেশী সংস্থাপনৰ যি ষড়যন্ত্ৰ ৰচিছে তাৰ ফলত অসমৰ জনগাথনি, ভাষা, সংস্কৃতি ধংস হৈ যোৱাৰ লগতে অসমলৈ বিৰূপ প্ৰভাৱ পৰিব।
‘এই বিধেয়কখন গৃহীত হ’লে অসমৰ অনুসূচিত জাতি, জনজাতিলৈ সংকট নামি অহাৰ লগতে এইসকল ভূমিপুত্ৰ নিজৰ ৰাজ্যতে সংখ্যালঘুত পৰিণত হ’ব’। জ্যেষ্ঠ সংবাদিক অখিল কলিতাই এইদৰে প্ৰকাশ কৰে।
উল্লেখ্য যে প্ৰবজন বিৰোধী মঞ্চৰ গণস্বাক্ষৰ অভিযানত ওদালগুৰি জিলাৰ অসম জাতিয়তাবাদী যুব ছাত্ৰ পৰিষদ আৰু অসমীয়া যুব মঞ্চৰ নেতৃবৃন্দও অংশগ্ৰহণ কৰা দেখা যায়।
ইফালে ওদালগুৰি জিলাৰ উপায়ুক্তৰ জৰিয়তে গণস্বাক্ষৰ পত্ৰখন প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।