• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিপদে লগ এৰা নাই ড’নাল্ড ট্ৰাম্পক; ট্ৰাম্পৰ সভাৰ সমীপত গ্ৰেপ্তাৰ মাস্ক পৰিহিত বন্দুকধাৰী যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 8:00 am
665
VIEWS
Share on FacebookShare on Twitter

চিবিএছ নিউজে প্ৰকাশ কৰা অনুসৰি, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ কিছুদিন পাছত মিলৱাকিত ৰিপাব্লিকান নেশ্যনেল কনভেনচন অনুষ্ঠিত হোৱা স্থানৰ সমীপত এজন ২১ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হয়৷

১৫ জুলাই সোমবাৰে অধিৱেশন অনুষ্ঠিত হোৱা ফিচাৰ্ভ ফ’ৰামৰ ওচৰত কেপিটেল আৰক্ষী বিষয়া আৰু হোমলেণ্ড ছিকিউৰিটি ইনভেষ্টিগেশ্যনে সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰে। দিনটোৰ শেষৰ ফালে অধিৱেশনত উপস্থিত হোৱাৰ কথা আছিল ট্ৰাম্প।

ফক্স নিউজৰ মতে, লোকজনৰ সাজ-পোছাকৰ বাবেই কৰ্তৃপক্ষ সন্দেহজনক হৈ পৰে, য’ত আছিল স্কি মাস্ক আৰু টেকটিকেল বেগ। পৰিদৰ্শন কৰাৰ লগে লগে বেগটোত এটা এ কে ৪৭ আৰু এটা লোডেড মেগজিন থকা দেখা যায়। বিখ্যাত ৰাইফলটোৰ এটা ভেৰিয়েন্ট মডেল হৈছে এ কে-৪৭ পিষ্টল।

মিলৱাকি আৰক্ষীয়ে জনোৱা মতে, অধিৱেশন স্থানৰ পৰা কেইটামান ব্লক দূৰৈত নিশা ১ বজাৰ ওচৰত (স্থানীয় সময় অনুসৰি) গ্ৰেপ্তাৰ হয়। তেওঁলোকে জনোৱা মতে, উইচকনচিন বা আন কোনো ৰাজ্যত সন্দেহযুক্ত লোকজনৰ হাতত বৈধ গোপন অস্ত্ৰৰ অনুমতি নাছিল।

মিলৱাকি কাউন্টি জিলা এটৰ্নীৰ কাৰ্যালয়ে সন্দেহযুক্ত লোকজনৰ বিৰুদ্ধে সম্ভাৱ্য অভিযোগ পৰ্যালোচনা কৰি আছে, যাৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই।

যোৱা সপ্তাহত পেনচিলভেনিয়াত ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ সভাত সংঘটিত হোৱা গুলীচালনাৰ পাছতে এই গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ দি থকাৰ সময়তে বন্দুকধাৰীয়ে গুলীচালনা কৰে।

গুলীচালনাত এজন ৰেলীলৈ যোৱা লোক নিহত হোৱাৰ বিপৰীতে আন দুজন আহত হয়। গুলীচালনা কৰা ২১ বছৰীয়া থমাছ মেথিউ ক্ৰুকছক নিৰাপত্তা সেৱাৰ স্নাইপাৰে গুলীয়াই হত্যা কৰে।

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অবৈধ খননত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অবৈধ খননত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

লখিমপুৰৰ এখন বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে ডিক্ৰং নদীৰ বান খনীয়াই! কাণসাৰ নাই চৰকাৰৰ

লখিমপুৰৰ এখন বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে ডিক্ৰং নদীৰ বান খনীয়াই! কাণসাৰ নাই চৰকাৰৰ

জ্যোতি মালহোত্ৰাৰ সৈতে ঘনিষ্ঠ যোগাযোগ! ইউটিউবাৰ যশবীৰ সিঙক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ

জ্যোতি মালহোত্ৰাৰ সৈতে ঘনিষ্ঠ যোগাযোগ! ইউটিউবাৰ যশবীৰ সিঙক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ

ৰঘুৰাম ৰাজনৰ গুৰুত্ব পূৰ্ণ মন্তব্য: উন্নত দেশ হ’বলৈ ৮-৯% হ’ব লাগিব ভাৰতৰ বিকাশৰ হাৰ

ৰঘুৰাম ৰাজনৰ গুৰুত্ব পূৰ্ণ মন্তব্য: উন্নত দেশ হ’বলৈ ৮-৯% হ’ব লাগিব ভাৰতৰ বিকাশৰ হাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd