• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংবাদিক গৌৰী লংকেশ হত্যাকাণ্ডৰ মূল সাক্ষীয়ে আদালতত সলনি কৰিলে বক্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 2:30 pm
241
VIEWS
Share on FacebookShare on Twitter

মানৱ অধিকাৰ কৰ্মী তথা সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰটোত নতুন মোৰ আহিছে। এই গোচৰৰ অন্যতম মূল সাক্ষীয়ে আদালতৰ সন্মুখত নিজৰ বক্তব্য সলনি কৰিছে।

প্ৰতিবেদন অনুসৰি, হত্যাকাণ্ডৰ অন্যতম মূল সাক্ষী ৪৬ বছৰীয়া ব্যৱসায়ী মাদেতিৰা থিমায়াই আদালতত কয় যে তেওঁ আৰক্ষীৰ হেঁচাত প্ৰথমটো বক্তব্য দিছিল, য’ত তেওঁ ক’বলৈ বাধ্য হৈছিল যে হত্যাকাণ্ডৰ তেওঁ এজনক চিনি পায়৷

জনা যায় যে মাদেতিৰা থিমায়াই তেওঁৰ প্ৰথম বিবৃতিত কৈছিল যে তেওঁ এই হত্যাকাণ্ডৰ সৈতে জড়িত মহাৰাষ্ট্ৰৰ পৰা অহা একাংশ লোকৰ সৈতে বংগেৰাৰ সংস্পৰ্শত থকাৰ কথা জানিছিল আৰু তেওঁলোকে কৰ্ণাটকৰ এটা কাৰ্যালয়ত বংগেৰাক লগ পাইছিল।

অৱশ্যে শেহতীয়াকৈ কৰ্ণাটকৰ বিশেষ আদালতৰ সন্মুখত থিমায়াই দাবী কৰিছিল যে তেওঁৰ স্বীকাৰোক্তি হেঁচাত দিয়া হৈছে আৰু তেওঁ পূৰ্বৰ বক্তব্য প্ৰত্যাহাৰ কৰে।

উল্লেখ্য যে, ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত ৫৫ বছৰীয়া সাংবাদিক গৌৰী লংকেশক ঘৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল। তেওঁৰ চোকা লেখা আৰু স্পষ্টবাদী দৃষ্টিভংগীৰ বাবে কৰ্ণাটকৰ পাঠকৰ মাজত জনপ্ৰিয় নাম আছিল।

গৌৰী লংকেশ সাপ্তাহিক ‘লংকেশ পত্ৰিকা’ৰ সম্পাদক আছিল। এই আলোচনীখনক ‘চৰকাৰ বিৰোধী’ বুলি গণ্য কৰা হৈছিল। সংঘ পৰিবাৰৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে তেওঁৰ কণ্ঠস্বৰ মতামতৰ বাবে গৌৰী লংকেশ কৰ্ণাটকৰ সোঁপন্থী শক্তিৰ অহৰহ লক্ষ্য হৈ আছিল।

তেওঁৰ হত্যাকাণ্ডৰ গোচৰত দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা হৈছে যে লংকেশৰ হত্যাকাণ্ডক কঠোৰ হিন্দুত্ববাদী সংগঠন সনাতন সংস্থাৰ সৈতে জড়িত লোকে সংঘটিত কৰা ‘সংগঠিত অপৰাধ’।

উল্লেখযোগ্য যে এই গোচৰৰ তদন্তত এছ আই টিয়ে জানিব পাৰিছিল যে গৌৰী লংকেশক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল যুক্তিবাদী এম এম কলবুৰ্গীৰ হত্যাৰ অভিযোগত অভিযুক্ত একেটা সোঁপন্থী গোটৰ সদস্যই।

বেংগালুৰু আদালতত এছ আই টিয়ে দিয়া ফৰেনছিক প্ৰতিবেদনত কলবুৰ্গী আৰু গৌৰী লংকেশৰ হত্যাকাণ্ডত ব্যৱহৃত বন্দুকটো একেই বুলি প্ৰকাশ পাইছিল। ২০১৮ চনৰ নৱেম্বৰ মাহত এছ আই টিয়ে প্ৰধান দেৱানী আৰু অধিবেশন আদালতত ৯,২৩৫ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল, য’ত ১৮ জন অভিযুক্তৰ নাম উল্লেখ কৰা হৈছিল।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd