আজি ২০ মে’ত অনুষ্ঠিত হোৱা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষা ( Panchayat & Rural Development Exam )ৰ প্ৰশ্নকাকত বিভিন্ন ঠাইত ‘ফাদিল হোৱা’ৰ ফলত পৰীক্ষাটো বাতিল হ’ব নেকি প্ৰশ্ন উঠিছে।
নাম প্ৰকাশত অনিচ্ছুক এগৰাকী পৰীক্ষাৰ্থীয়ে জনোৱা মতে ‘আমি ইমান কষ্ট কৰি পৰীক্ষাত বহাৰ পিছত পৰীক্ষা গৃহত দেখো যে কিছুমান পৰীক্ষাৰ্থীয়ে ম’বাইল উলিয়াই উত্তৰ লিখাত লাগিছে। আমি হতাশ হৈছো। এনেকে পৰীক্ষা পতাৰ অৰ্থ কি?’
বহুতেই এতিয়া পৰীক্ষাটোক লৈ ব্যাপক প্ৰতিক্ৰিয়া কৰাৰ ফলত পৰীক্ষাটো বাতিল কৰি পুনৰ নিয়াৰিকৈ পতাৰ কথা উত্থাপিত হৈছে।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে শিলচৰৰ এটা পৰীক্ষা কেন্দ্ৰত দেওবাৰে দিনৰ ১.২০ বজাত প্ৰশ্নকাকত ফাদিল হয়। বিভিন্ন লোকে হোৱাটছ এপযোগে প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ তুলিছে। আনহাতে পৰীক্ষাটো আছিল আজি দিনৰ ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ।
আনহাতে অ’ এম আৰ প্ৰশ্নকাকত দেৰিকৈ আহি পোৱা বাবে ৰঙিয়াৰ পৰীক্ষা কেন্দ্ৰ এটাত পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ লাগে। আনকি উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰিব লগাও হয়। কেন্দ্ৰটোত পৰীক্ষা ২ ঘণ্টা দেৰিকৈ আৰম্ভ হয়।
আন এগৰাকীয়ে পৰীক্ষাত ‘সহায় বিচৰা’ পৰীক্ষাৰ্থীৰ কথা ছছিয়েল মিদিয়াত সদৰী কৰিছে।
মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ পিছত এইবাৰ যোগ্যতা নিৰ্ধাৰণ কৰা পৰীক্ষা এটাত হোৱা ব্যাপক খেলি মেলিৰ অভিযোগৰ ফলত ৰাজ্যৰ বিভাগবিলাকৰ বিশ্বাসযোগ্যতাকে লৈ প্ৰশ্ন উঠিছে।