পিভি সিন্ধুৰ পদক লাভৰ আশা নিৰ্বাপিত হ’ল। তেওঁ অলিম্পিকত তৃতীয়টো পদক জয় কৰিব নোৱাৰিলে। ভাৰতীয় শ্বাটলাৰগৰাকীৰ পদকৰ হেট্ৰিকৰ আশাৰ অন্ত পৰিল। বৃহস্পতিবাৰে চীনৰ হে বিংজিয়াওৰ বিৰুদ্ধে পৰাস্ত হয়। খেলখনত সিন্ধুৱে ২১-১৯, ২১-১৪ ব্যৱধানত পৰাস্ত হয়।
গ্ৰুপ পৰ্যায়ত সিন্ধুৱে মালদ্বীপ আৰু ইষ্ট’নিয়াৰ দুগৰাকী শ্বাটলাৰক পোনপটীয়া খেলত পৰাস্ত কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে ষ্ট্ৰেইট খেলত জয়লাভ কৰিছিল যদিও বৰ প্ৰত্যয়ী যেন লগা নাছিল। সেয়ে কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৰ জয়ক লৈ সন্দেহৰ সৃষ্টি হৈছিল। চীনা প্ৰতিযোগীৰ বিৰুদ্ধে সেই শংকা সঁচা হ’ল। প্ৰথম গেমত সিন্ধুৱে সংগ্ৰাম কৰিছিল যদিও জয়ী হ’ব নোৱাৰিলে। দ্বিতীয় গেমত বিংজিয়াওৱে প্ৰায় তিষ্ঠিবই নিদিলে।
একেৰাহে তিনিখন অলিম্পিকত পদক লাভ কৰাৰ সুযোগ লাভ কৰিছিল সিন্ধুৱে। ৰিঅ’ আৰু টকিঅ’ৰ পিছত সিন্ধুৱে সেই লক্ষ্য লৈ পেৰিছলৈ গৈছিল। কিন্তু তেওঁ কোৱাৰ্টাৰ ফাইনেলৰ পৰা আঁতৰি আহিবলগীয়া হ’ল। চাৰি বছৰৰ পাছত দেশৰ জাৰ্চি পিন্ধি তেওঁ পুনৰ অলিম্পিক খেলিব পাৰিবনে নাই তাত সন্দেহ আছে। সেই সময়ত সিন্ধুৰ বয়স হ’ব ৩৩ বছৰ।
লগতে পঢ়কঃ পানীত পৰি প্ৰতিদিনে মৃত্যু হয় ৩৫০ জন লোকৰ : স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন
সিন্ধুৰ পৰাজয়ৰ পিছত লক্ষ্য সেনে এতিয়া ভাৰতক বেডমিণ্টনৰ পৰা পদক আনি দিব বুলি আশা কৰিছে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বৃহস্পতিবাৰে লক্ষ্যই হেৰুৱায় ভাৰতৰ এইচ এছ প্ৰণয়ক। পুৰুষৰ ডাবলছ যুটি চিৰাগ শ্বেট্টী আৰু সাত্বিক সাইৰাজ ৰেংকিৰেড্ডিও পৰাস্ত হৈছে। গ্ৰুপ পৰ্যায়ৰ সকলো মেচত পৰাস্ত হৈ মহিলা ডাবলছ দলটোও বিদায় লৈছে। সেই দলত আছিল ৰনিছা ক্ৰাষ্টো আৰু অশ্বিনী পান্নাপ্পা।