নিৰ্বাচন আয়োগে ৰাহুল গান্ধীৰ নেতৃত্বাধীন বিৰোধী প্ৰতিনিধিদলক সাক্ষাৎ কৰিবলৈ অস্বীকাৰ কৰাৰ কাৰণ ৰাজহুৱা কৰিছে। আয়োগৰ মতে, ২০২৫ চনৰ প্ৰট’কল অনুসৰি যিকোনো ৰাজনৈতিক দলে আনুষ্ঠানিক সাক্ষাতৰ বাবে প্ৰাধিকৃত প্ৰতিনিধিৰ জৰিয়তে পূৰ্বৱৰ্তী সময় লোৱাটো বাধ্যতামূলক। আনহাতে, নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়লৈ সমদল বাহিৰ কৰা বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ নেতাসকলে আকাশবাণী ভৱনত প্ৰৱেশ কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰৱৰ্তী সময়ত দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকীও বিৰোধী নেতাক আটক কৰে।
নিৰ্বাচন আয়োগে এক বিবৃতিত প্ৰকাশ কৰা মতে, মঙলবাৰে বিয়লি ৪ বজালৈকে কোনো ৰাজনৈতিক দলে প্ৰাধিকৃত প্ৰতিনিধিৰ জৰিয়তে আয়োগৰ সৈতে সাক্ষাতৰ বাবে সময় বিচৰা নাছিল। সংবাদ মাধ্যমৰ জৰিয়তেহে আয়োগে জানিব পাৰিছিল যে একাংশ সাংসদে সমদলৰ মাজতে আয়োগক সাক্ষাৎ কৰিব বিচাৰিছে। বিয়লি ৪ বজাত দিল্লী আৰক্ষীয়ে আয়োগক অৱগত কৰে যে এটা প্ৰতিনিধিদলে এখন স্মাৰকপত্ৰ প্ৰদান কৰিব বিচাৰিছে। কিন্তু ইয়াৰ কিছু সময়ৰ পাছতেই আৰক্ষীৰ উপ-আয়ুক্তই (ডিচিপি) জনায় যে ২৪০ গৰাকী সাংসদৰ সৈতে এই বৈঠকখন সংসদ ভৱনৰ এনেক্সত (Parliament House Annexe) অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। নিৰ্বাচন আয়োগে এই অনুৰোধক ‘অস্বাভাৱিক’ বুলি অভিহিত কৰি প্ৰত্যাখ্যান কৰে, কিয়নো আয়োগৰ নিয়ম অনুসৰি এনে বৈঠক কেৱল নিৰ্বাচন আয়োগৰ চৌহদতহে অনুষ্ঠিত হ’ব পাৰে। বিকল্প হিচাপে আয়োগে স্মাৰকপত্ৰখন গ্ৰহণ কৰিবলৈ এগৰাকী জ্যেষ্ঠ বিষয়াক প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দিছিল যদিও সাংসদসকলে সেয়া নাকচ কৰে। আয়োগে লগতে কয় যে তেওঁলোকে সংসদীয় আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ লগতে নিজৰ প্ৰট’কলকো সমানে গুৰুত্ব প্ৰদান কৰে।
নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে বিৰোধী নেতাসকলে। জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে নিৰ্বাচন আয়োগৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে বিৰোধী দলৰ দলপতিক সাক্ষাৎ কৰিবলৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কিয় অস্বীকাৰ কৰিব। নিৰ্বাচন ভৱনত সাংসদসকলক বহুৱাব পৰাকৈ কোনো প্ৰেক্ষাগৃহ নাই নেকি বুলি প্ৰশ্ন কৰি চিদাম্বৰমে কয় যে মুখ্য নিৰ্বাচন আয়ুক্তই বেছি দিনলৈ গোপনীয়তা আৰু স্বেচ্ছাচাৰিতাৰ আঁৰত লুকাই থাকিব নোৱাৰিব আৰু তেওঁ পদত্যাগ কৰিবলগীয়া হোৱাৰ দিন বেছি দুৰত নাই। একেদৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰয়ো ২৫০ গৰাকী সাংসদৰ অনুৰোধক ‘অস্বাভাৱিক’ বুলি কোৱাৰ বাবে আয়োগক সমালোচনা কৰে। তেওঁ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে বৈধ ভোটাৰসকলক বেআইনী আৰু একপক্ষীয়ভাৱে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
মঙলবাৰে সংসদ মাৰ্গৰ পৰা নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়লৈ ‘ইণ্ডিয়া’ মিত্ৰজোঁটে উলিওৱা প্ৰতিবাদী সমদলৰ সময়ত নাটকীয় পৰিস্থিতিৰ সৃষ্টি হয়। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাসহ আন নেতাসকলে নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়াস কৰি আকাশবাণী ভৱনৰ চৌহদত প্ৰৱেশ কৰে। ৰাহুল গান্ধীয়ে নেতৃত্ব দিয়া এই প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে হোৱা সংঘাতৰ ফলত নেতাসকল আকাশবাণীৰ চৌহদৰ ভিতৰতে আৱদ্ধ হৈ পৰে।
প্ৰায় ৮ ঘণ্টা ধৰি চলা এই অৱস্থান ধৰ্মঘটৰ অন্তত দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰে। আৰক্ষীয়ে আকাশবাণী চৌহদৰ পৰা ৰাহুল গান্ধীৰ লগতে কে চি বেণুগোপাল, চৰণজিৎ সিং চান্নী, পৱন খেৰা, কে সুৰেশ, অমৰিন্দৰ সিং ৰাজা ৱাৰিং, দীপেন্দ্ৰ হুদা, প্ৰণিতি চিন্দে, বৰ্ষা গায়কোৱাড আৰু ইমৰাণ প্ৰতাপগঢ়ীৰ দৰে কেইবাগৰাকীও কংগ্ৰেছ সাংসদ আৰু নেতাক বলপূৰ্বকভাৱে আঁতৰাই নিয়ে। পৰৱৰ্তী সময়ত অৱশ্যে ৰাহুল গান্ধীকে ধৰি আটাইকেইগৰাকী কংগ্ৰেছ নেতাক আৰক্ষীয়ে মুকলি কৰি দিয়ে।


