কেনিয়াত ভাৰতীয় কোম্পানী আদানি গ্ৰুপ তীব্ৰ ক্ষোভৰ সন্মুখীন হৈছে। এই কোম্পানীটোৱে পূব আফ্ৰিকাৰ দেশখনৰ সৰ্ববৃহৎ বিমানবন্দৰটো বিকাশ আৰু উন্নয়ন কৰাৰ কথা। কিন্তু এই সিদ্ধান্তৰ প্ৰতিবাদত সোমবাৰে দেশৰ বিমানবন্দৰৰ শ্ৰমিক সংঘই ধৰ্মঘটৰ আহ্বান জনাইছে।
কেনিয়া এভিয়েশন ৱৰ্কাৰছ ইউনিয়নে দাবী কৰিছে যে আদানি এয়াৰপৰ্টছ হোল্ডিংছৰ সৈতে প্ৰস্তাৱিত চুক্তি কাৰ্যকৰী হ’লে কেনিয়াৰ বাহিৰৰ পৰা শ্ৰমিক আহিব আৰু ফলত কেনিয়াৰ বহু চাকৰি হেৰুৱাব। সেয়ে তেওঁলোকে সাত দিনৰ জাননী দি ধৰ্মঘটত নামিব।
চৰকাৰক এই চুক্তি বাতিল কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। তেওঁলোকে অনুমান কৰে যে চৰকাৰে জে কে আই এ বিমানবন্দৰটো অবৈধভাৱে বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে।
লগতে পঢ়কঃ ‘অহা ৫ বছৰত মেডিকেল কলেজত বৃদ্ধি কৰা হ’ব ৭৫ হাজাৰ আসন’; স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা প্ৰধানমন্ত্ৰীৰ
কিন্তু কেনিয়া চৰকাৰে কয় যে বিমানবন্দৰটো বিক্ৰী কৰা হোৱা নাই। প্ৰস্তাৱিত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ভিত্তিত বিমানবন্দৰ উন্নয়নৰ কাম সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই।
কেনিয়া ইউনিয়ন অৱ এম্প্লয়িজৰ সাধাৰণ সম্পাদক মছ এণ্ডিয়েমাই কয় যে আদানিৰ সৈতে হোৱা চুক্তি সম্পূৰ্ণৰূপে বাতিল কৰিব লাগিব।
কেনিয়া বিমানবন্দৰ কৰ্তৃপক্ষৰ সমগ্ৰ ব’ৰ্ডে পদত্যাগ কৰিব লাগে বুলিও তেওঁ দাবী জনায়।
সোমবাৰে কেএএই কয় যে তেওঁলোকে এই ধৰ্মঘটৰ জাননী লাভ কৰিছে। অৱশ্যে আলোচনাৰ মাধ্যমেৰে ইয়াৰ সমাধানৰ সন্ধান পোৱা যাব বুলি তেওঁলোক আশাবাদী। বিষয়াসকলে জনোৱা মতে, আদানি গ্ৰুপে দ্বিতীয়টো ৰাণৱে নিৰ্মাণ কৰাৰ লগতে যাত্ৰীসকলৰ ব্যৱহাৰৰ বাবে এটা টাৰ্মিনেল নিৰ্মাণৰ পৰিকল্পনা কৰিছে।
লগতে পঢ়কঃ সপোন ভাগিল! ৰূপ নাপালে ৱিনেশে, আবেদন নাকচ কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতে
যোৱা মাহত চৰকাৰৰ হৈ আদানীৰ এই প্ৰস্তাৱত কোৱা হৈছে যে এবছৰত ৭৫ লাখ যাত্ৰীয়ে জে কে আই এ বিমানবন্দৰত সঠিকভাৱে যাত্ৰা কৰিব পাৰিব। কিন্তু এতিয়া বাঢ়িছে যাত্ৰীৰ সংখ্যা। গতিকে আন্তঃগাঁথনি উন্নয়নৰ জৰুৰী প্ৰয়োজন। ওপৰৰ পৰা পানী সৰি পৰাৰ দৰে ঘটনাত কৰ্তৃপক্ষই অস্বস্তি অনুভৱ কৰিব লগা হয়।
খবৰ অনুসৰি জে কে আই এৰ আধুনিকীকৰণৰ বাবে দুই বিলিয়ন ডলাৰৰ প্ৰয়োজন। যিটো বৰ্তমানৰ আৰ্থিক পৰিস্থিতিত প্ৰদান কৰাটো চৰকাৰৰ বাবে কঠিন। চৰকাৰে কয় যে আদানীৰ এই প্ৰস্তাৱ বিবেচনা কৰা হৈছে। কোনো চুক্তি হ’লে দেশৰ স্বাৰ্থত কৰা হ’ব।
লগতে পঢ়কঃ বিয়পি পৰিছে মাংকিপক্স, বিশ্বব্যাপী স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ
ইয়াৰ পূৰ্বে যোৱা বছৰৰ জুন মাহত দেশৰ যুৱক-যুৱতীসকলে চৰকাৰে প্ৰস্তাৱ কৰা কৰ বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। আদানীৰ সৈতে হোৱা চুক্তিকো সেই সময়ত সমালোচনা কৰা হৈছিল। প্ৰতিবাদকাৰীয়ে যোৱা মাহত জেকেআইএত প্ৰৱেশৰ চেষ্টা চলাইছিল। আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে।