• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছালচেং চি মাৰাক আৰু নাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 17, 2024 11:18 am
284
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৬ আগষ্ট শুকুৰবাৰে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছালচেং চি মাৰাকে বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বয়স আছিল ৮৩ বছৰ। পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে মাৰাকে।

খবৰ অনুসৰি যোৱা ৮ আগষ্টত মৰাকক হলি ক্ৰছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু ১২ আগষ্টত তেওঁক টুৰা অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল।

পৰিয়ালৰ লোকে জনোৱা মতে, গাৰো হিলছৰ প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীয়ে যোৱা কেইসপ্তাহমানৰ পৰা দুৰ্বল স্বাস্থ্যৰ সৈতে যুঁজি আছিল আৰু অতি দুৰ্বল হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

মৃত্যুৰ পিছত তেওঁৰ নশ্বৰ দেহ গৃহ সমষ্টি উত্তৰ গাৰো পাহাৰৰ ৰেছুবেলপাৰালৈ লৈ যোৱা হয় আৰু তাতেই শেষকৃত্য সম্পন্ন কৰা হয়।

দুৰ্নীতিমুক্ত আৰু প্ৰগতিশীলতাৰ বাবে ‘মিষ্টাৰ ক্লিন’ নামেৰেও পৰিচিত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি দল সলনি নকৰাকৈ সম্পূৰ্ণ ৫–বছৰীয়া কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰা প্ৰথমজন নেতা হিচাপে পৰিগণিত আছিল মাৰাক।

নব্বৈৰ দশকৰ আৰম্ভণিতে ৰাজ্যখনত অস্থিৰ ৰাজনৈতিক পৰিৱেশে বিৰাজ কৰাৰ সময়তে তেওঁ মুখ্যমন্ত্ৰী হৈছিল।

মাৰাকৰ মৃত্যুত এতিয়া কংগ্ৰেছ দলৰ লগতে তেখেতৰ হাজাৰ হাজাৰ গুণমুগ্ধৰ মাজত শোকৰ ছা বিৰাজ কৰিছে।

Recent News

হঠাতে ৰক্তচাপ বাঢ়ি গৈছে, হাতৰ কাষত ঔষধো নাই; বিপদৰ পৰা হাত সাৰিবলৈ কি কৰিব?

হঠাতে ৰক্তচাপ বাঢ়ি গৈছে, হাতৰ কাষত ঔষধো নাই; বিপদৰ পৰা হাত সাৰিবলৈ কি কৰিব?

ফল-মূল খোৱাৰ পিছত কিয় পানী খাব নালাগে? কি কয় বিশেষজ্ঞই…

ফল-মূল খোৱাৰ পিছত কিয় পানী খাব নালাগে? কি কয় বিশেষজ্ঞই…

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd