• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্মার্ট মিটাৰ, সৌৰশক্তিৰ নামত ৰাজ্য চৰকাৰে হাজাৰ কোটি লুণ্ঠনৰ অভিযোগ কংগ্ৰেছৰ; সংবাদমেলত শ্বেতপত্র প্রকাশৰ দাবী কংগ্ৰেছ নেতাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 21, 2024 7:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্মার্ট মিটাৰৰ নামত সাধাৰণ ৰাইজৰ পৰা আগতীয়াকৈ ধন লৈ লুণ্ঠন চলোৱা অসম চৰকাৰে এইবাৰ সৌৰশক্তিৰ নামতো ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে প্রদেশ কংগ্রেছে। দীনদয়াল সৌবশক্তি আঁচনিৰ নামত ৰাজ্য চৰকাৰে ৩১ খন জিলাত প্রায় ১৫০০ কোটি টকা ব্যয় কৰি বাজসাহায্যযুক্ত আঁচনি ৰূপায়ণ কৰিছিল যদিও এতিয়া সেইবোৰৰ কোনো চিন-মোকাম নাই।

গুৱাহাটীৰ জালুকবাৰীৰ পৰা হাজো আৰু ছয়গাঁও দিশলৈ সৌবশক্তি চালিত লাইটপোষ্টৰ ব্যবস্থা কৰিছিল যদিও তাকো এতিয়া বিচাৰি পাবলৈ নাই। স্মার্ট মিটাৰৰ যোগেদি অসমৰ বাইজক লুণ্ঠন চলাই থকা এইখন চৰকাৰে এইবাৰ সৌবশক্তিৰ নামত ৪০০০ কোটি টকা অপব্যয় কৰাৰ ষড়যন্ত্র কৰিছে। প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্রত বৰা আৰু সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ বাতুল কলিতাই আজি এক যুটীয়া সংবাদমেলত শক্তি বিভাগৰ আয়-ব্যয়ৰ খতিয়ান ৰাজহুৱা কৰিবৰ বাবে দাবী জনাই। বৰাই কয় যে কার্বি আংলং জিলাত ১০০০ মেগাবাট সৌরশক্তি উৎপাদন কৰিবৰ বাবে চৰকাৰে ৪০০০ কোটি টকাৰ এক আঁচনি গ্রহণ কৰিছে আৰু এই সমগ্র কাম আদানি গ্রুপক দিবলৈ প্রস্তুতি চলাইছে।

ইয়াৰ পূর্বে অসমত চলি থকা সাতটা সৌবশক্তি প্রকল্প সম্পূৰমঅৰূপে ব্যর্থ হোৱা বুলি উল্লেখ কৰি বৰাই কয় যে অসমব জলবায়ু সৌবশক্তি আহৰণ কৰিব পৰাকৈ অনুকূল নহয়। ১০০ মেগাবাট সৌবশক্তিৰ বাবে ৪ টকাকৈ ব্যয় কৰা হয় যদিও প্রকৃততে ১০০ মেগাৱাটব পরিবর্তে ১৪ মেগাবট সৌবশক্তিহে আহবণ হয়। তথ্য জনাব অধিকাৰ আইনৰ জৰিয়তে বিভিন্ন সূত্রৰ পৰা তথ্য সংগ্রহ কৰা বুলি উল্লেখ কৰি বৰাই সৌরশক্তিৰ নামত চৰকাৰে ইতিমধ্যে কেবাশ কোটি টকা অপব্যয় কৰাৰ অভিযোগ তোলে।

Apply Now

ইফালে সংবাদমেলত ৰাতুল কলিতাই কয় যে স্মার্ট মিটাৰৰ নামত আদানি গ্রুপক ৮৪৪.৬৩ কোটি টকা ইতিমধ্যে আদায় দিয়া হৈছে আৰু আদানি ট্রেন্সমিশ্যনক ৭ লাখ ৭৩ হাজাৰ ৭২টা স্মার্ট মিটাৰ সংযোগৰ ঠিকা দিছিল। ইয়াৰ বিপৰীতে জয়পুৰৰ জেনাছ পাৱাৰ ইনফ্রাস্ট্রাকছাৰক ১৪ লাখ ৫৯ হাজাৰ ৯০৮টা স্মার্ট মিটাৰ, দিল্লীৰ ইন্টেলস্মার্ট ইনফ্রাস্ট্রাকছাৰ ২১ লাখ ৯৯৮টা, জয়পুৰৰ হাইপিন্ট মিটাৰিঙক ১৪ লাখ ৯১টা আৰু দিল্লীৰ অ’ প্রভা এনার্জিক ৬ লাখ ৯৩ হাজাৰটা স্মার্ট মিটাৰ সংযোগৰ ঠিকা দিছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই স্মার্ট মিটাৰৰ জৰিয়তে অসমৰ খাটিখোৱা ৰাইজৰ ওপৰত অভাৰস্মার্ট লুণ্ঠন কৰা বুলি অভিযোগ কৰে।

তেওঁ কয় যে চহৰৰ উপকণ্ঠ অঞ্চলত ৩০০ টকা বিদ্যুতৰ মাচুল অহা এলেকাত এতিয়া ১৭০০ টকা মাচুল আহিছে। গুৱাহাটী মহানগৰত ৬০০০ টকা মাচুল অহা লোকৰ বিদ্যুৎ মাচুল বৃদ্ধি হৈ ১১ হাজাৰ টকা হৈছে। এই গোটেই বিষয়টো তদন্তৰ দাবী জনাইছে কংগ্ৰেছ নেতা বাতুল কলিতাই। ইফালে সংবাদমেলত স্মার্ট মিটাব আৰু সৌবশক্তিৰ নামত হোৱা কেলেংকাৰী সন্দৰ্ভত শ্বেতপত্র প্রকাশৰো দাবী জনাই মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। তেওঁ আৰু কয় যে ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত দীনদয়াল উপাধ্যায় গ্রাম্য জ্যোতি যোজনাৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে আৰু এই অনিয়মৰ ফল ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে। “দীনদয়াল উপাধ্যায় গ্রাম্য জ্যোতি যোজনা আঁচনিৰ অধীনত চৰকাৰৰ পৰা হিতাধিকাৰীয়ে সৌৰ পেনেল, নিয়ন্ত্রক আৰু বেটাৰী ইউনিট লাভ কৰিছিল।

তিনিমাহৰ পাছত বহু হিতাধিকাৰীয়ে লাভ কৰা কন্ট্র’লাব বক্সত ফাট মেলে আৰু কাম কৰা বন্ধ কৰি দিয়ে। নিয়ম অনুযায়ী বেটাৰীৰ ক্ষতি হ’লে স্থাপন কৰাৰ পাঁচ বছৰৰ ভিতৰত বিনামূলীয়াকৈ সলনি কৰিব পাৰি। কিন্তু এইসকল হিতাধিকাৰীয়ে এতিয়া নিজে ধন খৰছ কৰি সেয়া মেৰামতি কৰি ল’বলগীয়া হৈছে। বহুতৰ ঘৰত আকৌ পেনেল, বেটাৰী আদি এনেই পৰি আছে।”-সমগ্র আঁচনিখন চূড়ান্ত প্রহসনত পৰিণত হৈছে বুলি উল্লেখ কৰি বৰাই কয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd