• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওপিএছ পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী জে চি টি ইউ অসমৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 26, 2024 8:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৪ আগষ্ট তাৰিখে কেন্দ্ৰীয় কেবিনেটে আৰু এটা নতুন পেন্সন আঁচনি প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোৱা হৈছে ইতিমধ্যে এন পি এছ ৰ অধীনৰ কেন্দ্ৰীয় কৰ্মচাৰী সকলৰ বাবে এই আঁচনি ১ এপ্ৰিল, ২০২৫ ৰ পৰা কাৰ্যকৰী হ’ব । লগতে কোৱা হৈছে এন পি এছ ৰ অধীনৰ কৰ্মচাৰী সকলে এই আঁচনিলৈ গমন কৰিব (Switch over) পাৰিব । Switch over ইচ্ছাকৃত হ’ব আৰু এবাৰ মত দিয়াৰ পিছত বদলাব পৰা নাযাব ।

নতুন পেন্সন আঁচনিটোৰ নাম হ’ব ইউনিফাইড পেন্সন আঁচনি (UPS) । কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে প্ৰযোজ্য ই তৃতীয়টো পেন্সন আঁচনি । ভালকৈ লক্ষ্য কৰিলে ধৰিব পাৰি ই আচলতে কোনো একীকৃত আঁচনি নহয় ; প্ৰকৃততে ই হ’ল এন পি এছ আৰু মুণ্ডহীন ও পি এছ (পুৰণি পেন্সন আঁচনি) ৰ সংমিশ্রণহে মাথোন । আপাত ভাৱে ও পি এছ ৰ দৰেই কিবাকিবি পোৱা যেন লাগে, কিন্তু আচলতে সকলো বোৰেই বিকৃত ৰূপত । এন পি এছ ৰ প্ৰায় সকলো বিলাক চৰ্তই ইয়াত বৰ্তমান আৰু ও পি এছ ৰ মূল মূল সুবিধা সমূহেই ইয়াত অনুপস্থিত ।

কালক্ৰমত এই আঁচনি ৰাজ্য চৰকাৰ সমূহৰ শিক্ষক কৰ্মচাৰী আৰু বেংক বীমাকে ধৰি ৰাষ্ট্ৰায়ত্ব খণ্ডৰ কৰ্মচাৰী সকলৰ বাবেও কাৰ্যকৰী হ’ব ।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদমেল কৰি ঘোষণা কৰা অনুযায়ী UPS ৰ পাঁচটা মূল স্তম্ভৰ কথা জানিব পৰা গৈছে । যথা সময়ত চৰকাৰী নিৰ্দেশনা প্ৰকাশ হোৱাৰ পিছতহে আচল চৰ্তসমূহ জানিব পৰা যাব ।

জে চি টি ইউ, অসমে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে আপাত দৃষ্টিত এই পাঁচটা স্তম্ভই কৰ্মচাৰী সকলৰ এন পি এছ বাতিলৰ দাবীৰে চলাই অহা দীৰ্ঘদিনীয়া সংগ্ৰামৰ কোনো সন্তোষজনক সমাধান দিব পৰা নাই । দাবী আছিল এন পি এছ বাতিল কৰি ও পি এছ পুনৰ প্ৰৱৰ্তন কৰিব লাগে । কিন্তু এনেকুৱা এটা নতুন আঁচনি প্ৰৱৰ্তন কৰিলে যিয়ে ও পি এছ ৰ ওচৰলৈকে যাব নোৱাৰিলে ।

অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই দিয়া তথ্য সমূহ বিশ্লেষণ কৰিলে বা বৰ্তমান ও পি এছ ৰ লগত তুলনামূলক অধ্যয়ন কৰিলে বুজা যাব, ই কেনেকৈ কৰ্মচাৰী সকলক প্ৰৱঞ্চণা কৰিবলৈ ওলাইছে ।

মূল বিষয়বোৰ হ’ল এনেধৰণৰ:

নিশ্চিত পেন্সন:

UPS আঁচনিত পেন্সনৰ পৰিমাণ হ’ব অৱসৰৰ ঠিক আগৰ ১২ মাহৰ মূল দৰমহাৰ গড়মূল্যৰ ৫০% । যিসকল কেন্দ্ৰীয় কৰ্মচাৰীয়ে ২৫ বছৰ বা ততোধিক চাকৰি কৰিব তেওঁলোকেহে এই ৫০% ৰ বাবে যোগ্য হ’ব । ১০ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’লে সমানুপাতিক হাৰতহে পেন্সন পাব । ১০ বছৰৰ তলত চাকৰি হ’লে কোনো ধৰণৰ পেন্সন নাপাব । আপাত দৃষ্টিত ই ও পি এছ ৰ নিচিনা যেন লাগিলেও আচলতে কিন্তু নহয় ।

ও পি এছ ত চাকৰিকালৰ শেষ মাহৰ দৰমহাৰ ৫০% পেন্সন হিচাবে পোৱা যায় । আৰু ১০ বছৰ বা অধিক হ’লেই সম্পূৰ্ণ ৫০% পেন্সন পোৱা যায় । UPS ত ১২ মাহৰ গড় মানেই হ’ল শেষ মাহৰ দৰমহাতকৈ কম । অৰ্থাৎ UPS ৰ ৫০% ও পি এছৰ ৫০% তকৈ কম । গতিকে ই এক প্ৰৱঞ্চনাহে মাত্ৰ ।

নিশ্চিত পৰিয়াল পেন্সন:

কোৱা হৈছে পৰিয়াল পেন্সন হ’ব পেন্সনাৰ জনৰ পেন্সনৰ ৬০% । অৰ্থাৎ মূল দৰমহাৰ (গড়) ৩০% ।আপাত দৃষ্টিত ইয়াক বেছি যেনেই লাগে । আচল কথাটো হ’ল, পৰবৰ্তী ৩নং চৰ্তৰ দ্বাৰা ই সীমাবদ্ধ । ৩নং চৰ্ত মতে (তলত উল্লেখ কৰা হ’ব) মতে নিশ্চিত ন্যূনতম পেন্সন হ’ল ১০০০০ টকা । অৰ্থাৎ পৰিয়াল পেন্সন হ’ব ৬০০০ টকা । কিন্তু ও পি এছ মতে ন্যূনতম পৰিয়াল পেন্সন হ’ল ৯০০০ টকা। আৰু তাৰ ওপৰত মূল দৰমহাৰ ৩০% মানে পেন্সনৰ ৬০% । ইয়ো এক প্ৰৱঞ্চনাহে মাথোন ।

নতুন UPS আঁচনি মতে ন্যূনতম পেন্সন হ’ব ১০০০০ টকা । কিন্তু ২৫ বছৰ চাকৰিৰ চৰ্তই কৰ্মচাৰী সকলক ইয়াৰ পৰা বঞ্চিত কৰিব । ও পি এছ মতে কিন্তু ১০ বছৰ চাকৰি হ’লেই ন্যূনতম পেন্সন পায় ৯০০০ টকা আৰু মৰগীয়া বানচ ।

NPS মতে কৰ্মচাৰী সকলৰ জমাধনৰ ৬০% ঘূৰাই দি বাকী থকা ৪০% চৰকাৰে শেয়াৰ মাৰ্কেটত বিনিয়োগ কৰে আৰু তাৰ লাভ্যাংশৰ পৰা তথাকথিত এন পি এছ পেন্সন দিয়ে । কিন্তু প্ৰস্তাৱিত এই UPS ত জমাধনৰ ৬০% ঘূৰাই দিয়া নহ’ব । অৰ্থাৎ সম্পূৰ্ণ ১০০% ই চৰকাৰে লৈ ল’ব । তাৰ সলনি চাকৰি কালৰ প্ৰতি ৬ মাহৰ বাবদ শেষ মাহৰ দৰমহাৰ ১০% হিচাবত এটা থুলমূল টকা আদায় দিব । অৰ্থাৎ এজন কৰ্মচাৰীয়ে যদি ৩০ বছৰ চাকৰি কৰে, তেতিয়াহ’লে তেওঁ ৬ মাহৰ দৰমহা থুলমূল হিচাবে পাব । ২০ বছৰ কৰিলে পাব ৪ মাহৰ, ২৫ বছৰ কৰিলে ৫ মাহৰ আৰু ১০ বছৰ কৰিলে পাব ২ মাহৰ । হিচাব কৰিলেই ওলাই পৰে ই কিমান প্ৰৱঞ্চনা !

 মন্ত্ৰীয়ে যিবোৰ কথা নক’লে সেইবোাৰ হ’ল এনেধৰণৰ :

১) এন পি এছ ৰ দৰে ইউ পি এছ তো কৰ্মচাৰী সকলে দৰমহা আৰু মৰগীয়া বানচৰ ১০% বৰঙণি আদায় দিবই লাগিব । চৰকাৰে তেওঁলোকৰ বৰঙণি বৃদ্ধি কৰিলেও কৰ্মচাৰীয়ে তাৰ পৰা কোনো ধৰণৰ লাভ নাপাব । বৰং মুঠ জমা হোৱা ধনৰাশি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ ফলত কৰ্পোৰেট গোষ্ঠীহে লাভান্বিত হ’ব । অৰ্থাৎ নব্য উদাৰ অৰ্থনীতিৰ কৰ্মসূচীহে পূৰণ হ’ব ।

২) ও পি এছ ত ৪০% পৰ্যন্ত পেন্সন কমিউটেচনৰ ব্যৱস্থা আছে যিটো ইউ পি এছ ত নাই ।

৩) কৰ্মচাৰী সকলৰ দৰমহা সংশোধনৰ লগে লগে পেন্সনৰ সংশোধনৰ ব্যৱস্থা ও পি এছ ত আছে । কিন্তু ইউ পি এছ এই সম্পৰ্কে সম্পূৰ্ণ নিমাত ।

৪) ও পি এছ ত ৮০ বছৰ, ৮৫ বছৰ, ৯০ বছৰ, ৯৫ বছৰ আৰু ১০০ বছৰ হ’লে ২০%, ৩০%, ৪০%, ৫০% আৰু ১০০% হাৰত পেন্সন বৃদ্ধিৰ ব্যৱস্থা আছে কিন্তু ইউ পি এছ ত এনেকুৱা কোনো ব্যৱস্থা নাই ।

৫) ও পি এছ ত ভৱিষ্য নিধিৰ ব্যৱস্থা আছে কিন্তু ইউ পি এছ ত নাই ।

৬) ও পি এছ ত পৰিয়াল পেন্সনৰ ক্ষেত্ৰত পেন্শনাৰ জনৰ ৬৭ বছৰ বয়স হোৱা পৰ্যন্ত সম্পূৰ্ণ পেন্সন পায় কিন্তু ইউ পি এছ ত পেন্সনাৰ জনৰ মৃত্যুৰ লগে লগে ৩০% লৈ নামি আহিব ।

৭) এন পি এছ ৰ অধীনৰ কোনো কৰ্মচাৰীৰ মৃত্যু হ’লে পৰিয়ালটোৱে ও পি এছ ৰ নিয়ম মতে পৰিয়াল পেন্সন পাব পাৰে কিন্তু ইউ পি এছ ত তেনে কোনো ব্যৱস্থা নাই ।

জে চি টি ইউ, অসমে সেয়েহে এই নতুন আঁচনিখন কৰ্মচাৰী সকলৰ হিতাৰ্থে প্ৰনয়ণ কৰা বুলি গণ্য নকৰে । দেশৰ সৰ্বস্তৰৰ শ্ৰমিক শিক্ষক কৰ্মচাৰীয়ে জইন্ট ফৰাম ফৰ ৰেষ্টোৰেচন অৱ ও পি এছ ৰ নেতৃত্বত যি আন্দলোন গঢ়ি তুলিছিল সেয়া আছিল এন পি এছ বাতিল কৰি ও পি এছ পুনৰ প্ৰৱৰ্তনৰ দাবীতহে । ইউ পি এছ ৰ দৰে এটা বিকৃত আঁচনিৰ বাবে নহয় ।

জে চি টি ইউ অসমে সেয়েহে ও পি এছ পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী সজোৰে উত্থাপন কৰে আৰু ও পি এছ পুনৰ প্ৰৱৰ্তনৰ দাবীৰ আন্দলোন অব্যাহত ৰাখিবলৈ জে এফ আৰ ও পি এছ তথা সকলো অংশৰ শিক্ষক, শ্ৰমিক- কৰ্মচাৰীলৈ আহ্বান জনায় ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd