• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশী অনুপ্ৰৱেশৰ ফলত সংকটত ঝাৰখণ্ডৰ জনজাতিসকল! বিজেপিত যোগ দি সৰৱ চম্পাই ছোৰেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2024 8:21 am
শুকুৰবাৰে    ঝাৰখণ্ডৰ প্ৰাক্তন 
মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে বিজেপিত যোগদান কৰে। ফটোঃ সংগ্ৰহীত।

শুকুৰবাৰে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে বিজেপিত যোগদান কৰে। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে দল ত্যাগ কৰাৰ পাছতে তেওঁ ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বক ‘দিক্ভ্ৰষ্ট’ বুলি অভিহিত কৰিছিল। শুকুৰবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ পিছত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে কয় যে, কংগ্ৰেছ হৈছে ঝাৰখণ্ডৰ জনজাতি সত্তাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি। সেই বিপদৰ পৰা বিজেপিয়ে ঝাৰখণ্ডক বচাব পাৰে।”

চম্পাইয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ নেতৃত্বত জেএমএম-কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰৰ অধীনত ঝাৰখণ্ড বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল হৈ পৰিছে। জনজাতিসকল ক্ৰমান্বয়ে নিজৰ মাটিতে ভগনীয়া হৈ পৰিছে।

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা ৰাঁচীৰ কাৰ্যালয়ত উপস্থিত হৈ চম্পাইক বিজেপিলৈ আদৰণি জনায়। সেই ৰাজ্যৰ বিজেপিৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীও তাত আছিল।

Apply Now

লগতে পঢ়কঃ নৰ্থইষ্ট নাও আছুতীয়া: মন্ত্ৰী পীযুষৰ বিভাগত অৰাজকতা; লখিমপুৰ শাখা চৰকাৰী ছপাশাল স্থাপনৰ নামত হোজা-নিৰক্ষৰ ব্যক্তিক প্ৰতাৰণা!

বিজেপিত যোগদান কৰি চম্পাইয়ে কয়, ‘মই কেতিয়াও সপোনতো ভবা নাছিলো যে মই জেএমএম এৰিম। সেই দলটো মোৰ বাবে এটা পৰিয়ালৰ দৰেই আছিল। কিন্তু সেই দলৰ দ্বাৰা অপমানিত হৈ মই মানসিকভাৱে বিধ্বস্ত হৈ পৰিলোঁ। তেতিয়াই মই জেএমএম এৰাৰ সিদ্ধান্ত লৈছিলো।” দিল্লী, কলকাতাৰ লগতে ঝাৰখণ্ডকে ধৰি বিভিন্ন ঠাইত তেওঁৰ ওপৰত নজৰ ৰখাৰ অভিযোগো কৰে চম্পাইয়ে।

সিংভূম আৰু ঝাৰখণ্ডৰ ৰাজনীতিত চম্পাই ‘টাইগাৰ’ বুলি পৰিচিত। তেওঁ ঝাৰখণ্ড লিবাৰেশ্যন ফ্ৰণ্টৰ দীৰ্ঘদিনীয়া নেতা আছিল। হেমন্তৰ পিতৃ তথা জে এম এমৰ অন্যতম প্ৰতিষ্ঠাপকে শিবু ছোৰেনক তেওঁৰ ‘ৰাজনৈতিক গুৰু’ বুলি গণ্য কৰিছিল। ২৮ আগষ্টত কেবিনেট, বিধায়ক আৰু জেএমএমৰ সদস্যপদৰ পৰা হেমন্তই পদত্যাগ কৰাৰ পিছতো চম্পাইয়ে ‘গুৰুজী’ শিবুক চিঠি লিখি কাৰণ বুজাই দিছিল। চলিত বছতে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচন। ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই ধাৰণা কৰে যে তাৰ আগতে চম্পাইৰ যোগদানে গেৰুৱা শিবিৰ শক্তিশালী কৰিব।

যোৱা ৩১ জানুৱাৰীত ঝাৰখণ্ডৰ ভূমি দুৰ্নীতিৰ সৈতে জড়িত অবৈধ আৰ্থিক লেনদেনৰ গোচৰত কেন্দ্ৰীয় সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)য়ে হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ কৰিছিল। হেমন্তৰ অনুপস্থিতিত জেএমএমৰ নেতৃত্বই চম্পাইক মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰে।

লগতে পঢ়কঃ স্বাধীনতাৰ পূৰ্বৰ নিয়ম ভংগ! বিধানসভাত ২ ঘণ্টীয়া নামাজ বিৰতি বাতিল হিমন্ত বিশ্ব শৰ্মাৰ

ৰাঁচীৰ বীৰছা মুণ্ডা কাৰাগাৰত পাঁচ মাহ কটোৱাৰ পাছত যোৱা ২৮ জুনত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জামিনত মুকলি কৰি দিয়া হৈছিল হেমন্ত ছোৰেনক। ইয়াৰ পিছত চম্পাইক অপসাৰণ কৰি তেওঁ জেএমএমৰ বিধায়িনী নেতা হিচাপে নিৰ্বাচিত হয়। তেওঁ পুনৰ মুখ্যমন্ত্ৰীৰ পদলৈ ঘূৰি আহিল।

সেই সময়ত চম্পাইক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি তেওঁৰ অনুগামীসকলে অভিযোগ কৰে। যোৱা ৪ জুলাইত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি নতুন মন্ত্ৰীসভাত প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাইক হেমন্তই স্থান দিছিল। কিন্তু তেওঁ সেই অফাৰ প্ৰত্যাখান কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd