পশ্চিম বংগৰ এজন প্ৰব্ৰজিত শ্ৰমিকক গৰুৰ মাংস খোৱাৰ সন্দেহত হাৰিয়ানাত গৰু ভিজিলেণ্ট গ্ৰুপৰ সদস্যই প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে বুলি পিটিআইয়ে প্ৰকাশ কৰিছে। যোৱা ২৭ আগষ্টত হাৰিয়ানাৰ চৰখী দাদ্ৰী জিলাত সংঘটিত হোৱা ঘটনাৰ বাবে দুজন নাবালককে ধৰি পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
নিহত লোকজনৰ নাম ছাবিৰ মালিক। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই মালিকক খালী প্লাষ্টিকৰ বটল বিক্ৰী কৰাৰ অজুহাতত এখন দোকানলৈ মাতিছিল আৰু তাৰ পাছত মলিকক কোবাবলৈ আৰম্ভ কৰিছিল।
স্থানীয় লোকে হস্তক্ষেপ কৰাৰ পিছত অভিযুক্তই মালিকক আন এটা স্থানলৈ লৈ যায় আৰু পুনৰ প্ৰহাৰ কৰে, যাৰ ফলত তেওঁৰ মৃত্যু হয়। মালিকে বন্ধৰা গাঁৱৰ ওচৰৰ এটা জুপুৰিত বাস কৰিছিল আৰু জীৱিকাৰ বাবে আৱৰ্জনা আৰু খালী বটল সংগ্ৰহ কৰিছিল।
অভিযুক্ত — অভিষেক, মোহিত, ৰবিন্দৰ, কমলজিৎ আৰু চাহিলে — মালিকে গো-মাংস সেৱন কৰা বুলি সন্দেহ প্ৰকাশ কৰে।
ভাৰতীয় ন্যায় সংহিতাৰ প্ৰাসংগিক বিধানৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
এই কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনীয়ে কয় যে ৰাজ্যখনত গৰুক সন্মান কৰা হয় যদিও লিঞ্চিঙৰ এনে কাণ্ড দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে।
যোৱা ১০ বছৰত হাৰিয়ানাত গৰু ভিজিলেণ্টৰ দ্বাৰা লিঞ্চিং আৰু মব হিংসাৰ সংখ্যা বৃদ্ধি পাইছে। ২০২৩ চনত হাৰিয়ানাত ৰাজস্থানৰ ভাৰতপুৰ জিলাৰ দুজন মুছলমান লোকক অপহৰণ কৰি গাড়ীত জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।
হাৰিয়ানাৰ ভীৱানী জিলাৰ লোহাৰু চহৰৰ সমীপত এখন জ্বলি যোৱা বাহনৰ ভিতৰত জ্বলি যোৱা নাছিৰ আৰু জুনাইদৰ দেহ উদ্ধাৰ হোৱাৰ ফলত দেশজুৰি ক্ষোভৰ সৃষ্টি হয়।
হত্যাকাণ্ডৰ পাছত আৰু বিৰোধীৰ হেঁচাত বজৰং দলৰ এটা গৰু ভিজিলেণ্ট গ্ৰুপৰ মুৰব্বী, মনেছাৰৰ মনু মানেছাৰ ওৰফে মোহিত যাদৱকে ধৰি ২০ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।