• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুৱ সাংবাদিক উৎপল ডেকাৰ মৃত্যুৰ কাৰণ কি? চিকিৎসা পৰীক্ষাত ওলাল সকলো তথ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 1, 2024 4:07 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

অসমৰ সাংবাদিকতাৰ জগতৰ পৰা অকালতে মেলানি মগাৰ লগতে জীৱনৰ পৰাও মেলানি মাগিলে যুৱ সাংবাদিক উৎপল ডেকাই। জানিব পৰা মতে, এক অচিনাক্ত পোকে কামুৰিছিল উৎপল ডেকাক।

বোধ হয়, অচিন পোকৰ কামুৰতেই যকৃত আৰু বৃক্ক আদিৰ দৰে অংগ বিকল হৈ পৰিছিল উৎপল ডেকাৰ। কিন্তু কি পোকে কামুৰিছিল সাংবাদিকগৰাকীক? কি ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি ল’লে যুৱ সাংবাদিকগৰাকীয়ে?

জানিব পৰা মতে যোৱা ১৫ আগষ্টত বন্ধু-বৰ্গৰ সৈতে গুৱাহাটীৰ গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতলৈ ফুৰিবলৈ গৈছিল উৎপল। জলপ্ৰপাতৰ পানীত নামি গা ধুইছিল উৎপল ডেকাই। তাতেই হেনো এটা অচিনাক্ত পোকে কামুৰিছিল সাংবাদিকগৰাকীক।

ঘৰলৈ ঘূৰি আহি অসুস্থ হৈ পৰিছিল উৎপল ডেকা। লাহে লাহে তীব্ৰ জ্বৰ, গা বিষ আদি উপসৰ্গই দেখা দিছিল। স্বাস্থ্যৰ অৱনতি হৈ অহাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল উৎপলক।

চিকিৎসালয়ত পৰীক্ষা-নীৰিক্ষা কৰি চিকিৎসা আগবঢ়োৱাৰ পিছতো সুস্থ হৈ উঠা নাছিল উৎপল। ক্ৰমশঃ স্বাস্থ্যৰ অধিক অৱনতি হ’বলৈ ধৰিলে। লাহে লাহে বিকল হৈ পৰিল যকৃত, বৃক্ক আদি গুৰুত্বপূৰ্ণ অংগ। প্ৰথমে চিকিৎসকে ধৰিবই পৰা নাছিল উৎপলৰ হৈছে কি!

বহু পৰীক্ষা-নিৰীক্ষাৰ পিছত উৎপলৰ শৰীৰত ধৰা পৰিছিল লেপ্ট’স্পাইৰ’চিছ বেক্টেৰিয়া। এই লেপ্ট’স্পাইৰ’চিছয়েই কাল হৈ পৰিল উৎপলৰ বাবে।

লেপ্ট’স্পাইৰ’চিছ বেক্টেৰিয়া হৈছে এবিধ সংক্ৰমক বেক্টেৰীয়া। ই মানুহৰ পৰা জীৱ-জন্তুলৈ আৰু জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হ’ব পাৰে। সংক্ৰমিত জীৱই কামুৰিলে বা সংক্ৰমিত জীৱৰ পেচাৱ আদিৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলে এই ৰোগ হয়।

এই ৰোগত আক্ৰান্ত হ’লে তাৎক্ষণিকভাবে উপযুক্ত চিকিৎসা লাভ কৰিলে সুস্থ হৈ উঠিব পাৰি যদিও চিকিৎসা বা ৰোগ ধৰা পৰোতে পলম হ’লে ৰোগীক বচাব পৰা নাযায়।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd