• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেদান্তাৰ খননৰ ফলত অসমৰ অন্তিমটো গিবনৰ আশ্ৰয়স্থলীলৈ ভাবুকি; সতৰ্ক কৰিছে বিশেষজ্ঞই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2025 6:37 pm
বেদান্তাৰ খননৰ ফলত অসমৰ অন্তিমটো গিবনৰ আশ্ৰয়স্থলীলৈ ভাবুকি; সতৰ্ক কৰিছে বিশেষজ্ঞই
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰিৱেশ সংবেদনশীল অঞ্চল (ESZ)ত কেয়াৰ্ন অইল এণ্ড গেছক তেল আৰু গেছ অন্বেষণ কৰিবলৈ দিয়া অসম বন বিভাগৰ সিদ্ধান্তই বিশেষজ্ঞ আৰু পৰিৱেশ কৰ্মীসকলৰ মাজত ব্যাপক উদ্বেগৰ সৃষ্টি কৰিছে।

প্ৰসিদ্ধ খনন সংস্থা বেদান্তাৰ সহযোগী প্ৰতিষ্ঠান কেয়াৰ্ন অইল এণ্ড গেছে উজনি অসমৰ যোৰহাট জিলাৰ মৰিয়নিৰ সমীপৰ দিচৈ উপত্যকা সংৰক্ষিত বনাঞ্চলত ৪.৪৯ হেক্টৰ বনাঞ্চল খনন কাৰ্য্যৰ বাবে ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে। বৰ্তমান কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ বন পৰামৰ্শদাতা সমিতিত (এফ এ চি) এই প্ৰস্তাৱৰ পৰ্যালোচনা চলি আছে।

যোৱা মাহত অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) সন্দীপ কুমাৰে কেন্দ্ৰক অভয়াৰণ্যখনৰ পৰিৱেশ সংবেদনশীল অঞ্চলত তেল আৰু গেছ অন্বেষণৰ বাবে কেয়াৰ্ন অইল এণ্ড গেছৰ প্ৰস্তাৱক অনুমতি প্ৰদান কৰা বাবে পৰামৰ্শ দিছিল।

এই বিৰল প্ৰাণীৰ বাসস্থলীত তেল অন্বেষণৰ অনুমতি দিয়াৰ সিদ্ধান্তই বিভিন্ন পক্ষৰ পৰা তীব্ৰ বিৰোধিতা লাভ কৰিছে। সাংবাদিক তথা বন্যপ্ৰাণী কৰ্মী মুবিনা আখতাৰে অসমৰ বন বিভাগৰ পৰামৰ্শক “অপমানজনক” বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰে।

আখতাৰে কয়, ‘এই বনাঞ্চলখন অসমৰ বিলুপ্তপ্ৰায় পশ্চিম হোলক গিবনৰ (হলৌ বান্দৰ) অন্তিম আশ্ৰয়স্থলসমূহৰ ভিতৰত অন্যতম। প্ৰস্তাৱিত ড্ৰিলিঙৰ ফলত তেওঁলোকৰ ইতিমধ্যে সংকুচিত হৈ অহা বাসস্থানৰ অপূৰণীয় ক্ষতি হ’ব।’

তেওঁ অভয়াৰণ্যখনৰ আশে-পাশে চাহ বাগিচা আৰু মানুহৰ বসতি বেদখল কৰি ইতিমধ্যে এই বান্দৰবোৰৰ সংকীৰ্ণ বাসস্থান খণ্ডিত কৰি তুলিছে বুলিও কয়। আখতাৰে সকীয়াই দিয়ে যে খনন কাৰ্য্যৰ ফলত অধিক বাসস্থান হেৰুৱালে গিবনৰ জনসংখ্যাৰ অপূৰণীয় ক্ষতি হ’ব।

ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেচন অৱ নেচাৰৰ সদস্য ড০ সঞ্জীব কুমাৰ বৰকাকতিয়েও এই সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ হোলংপাৰৰ গিবনসকলৰ সুৰক্ষাহীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকীয়াই দিয়ে যে অধিক বাসস্থান হেৰুৱালে ইহঁত আই ইউ চি এনৰ ৰঙা তালিকাত অন্তৰ্ভুক্ত হ’ব পাৰে।

ড০ বৰকাকতিয়ে কয়, “হোলোঙাপাৰৰ গিবন ইতিমধ্যে সংকীৰ্ণ। অধিক বাসস্থান হেৰুৱালে ইয়াক IUCNৰ Red List ত স্থান দিয়া হ’ব, যিয়ে অসম চৰকাৰৰ বাবে বদনাম কঢ়িয়াই আনিব। গিবনৰ বাবে অবিৰত বিতানৰ (চালি) প্ৰয়োজন হয়, কিন্তু প্ৰস্তাৱিত খননৰ ফলত বনাঞ্চলখন খণ্ডিত হ’ব আৰু তাৰ ফলত বিতানবোৰ বিভাজন হ’ব। ইয়াৰ ফলত গিবনসকলৰ জীৱন-যাপনত গুৰুতৰ প্ৰভাৱ পৰিব কাৰণ বিতানৰ ধাৰাবাহিকতা নাইকিয়া হ’ব।’

বনজুইৰ আশংকাৰ বিষয়েও তেওঁ সকীয়াই দিয়ে, যিয়ে সমগ্ৰ বাসস্থান ধ্বংস কৰিব পাৰে। আই ইউ চি এনৰ সদস্যগৰাকীয়ে কয়, ‘মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনে দিয়া অনুমতিও প্ৰশ্নবোধক কাৰণ তেওঁ কেৱল ৰাজ্য চৰকাৰৰ এজন বিষয়া, স্বায়ত্তশাসিত কাৰ্যবাহী নহয়। গিবনছক জীয়াই ৰখাৰ বিশ্বব্যাপী স্বাৰ্থৰ আগত জাতীয় স্বাৰ্থৰ অনুপস্থিতি ম্লান হৈ পৰে।’

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জলাশয়, প্ৰাইমেট’লজী তথা  জৈৱ বৈচিত্ৰ্যৰ অধ্যয়নৰ পথ প্ৰদৰ্শক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ পৰিমল চন্দ্ৰ ভট্টাচাৰ্যই কয় যে হোলোঙাপাৰ বন্যপ্ৰাণী অভয়াৰণ্য বিভিন্ন বন্যপ্ৰাণীৰ বাবে এক অতি প্ৰয়োজনীয় বাসস্থান।

তেওঁ সকীয়াই দিয়ে যে ড্ৰিলিং অভিযানে হাতীৰ চলাচলত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাব পাৰে। বিশেষকৈ অভয়াৰণ্যৰ বাহিৰত হাতী আৰু অন্যান্য জীৱ-জন্তুৰ সম্ভাৱ্য গতিবিধিৰ কথা বিবেচনা কৰি বন্যপ্ৰাণীৰ ওপৰত যিকোনো নেতিবাচক প্ৰভাৱ কম কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন্যপ্ৰাণী বিশেষজ্ঞগৰাকীয়ে কোম্পানীটোক আহ্বান জনায়।

ড০ ভট্টাচাৰ্যই লগতে কয়, “এই প্ৰজাতিবোৰৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ইহঁতে অভয়াৰণ্যৰ বাহিৰলৈ ওলাই আহিব পাৰে। বিশেষকৈ হাতীবোৰে চাৰিওফালৰ অঞ্চললৈ বিচ্যুত হোৱাৰ কথা জনা যায়। এই প্ৰাণীবোৰৰ কল্যাণ নিশ্চিত কৰিবলৈ কোম্পানীটোৱে বন্যপ্ৰাণীৰ ওপৰত যিকোনো নেতিবাচক প্ৰভাৱ কম কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।’

এই অভয়াৰণ্যখনত বিলুপ্তপ্ৰায় পশ্চিম হোলক গিবন আৰু নিশাচৰ বংগ স্লো ল’ৰিছকে ধৰি এক সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ বাসস্থান। অভয়াৰণ্যখনত অন্যান্য প্ৰাইমেট, এছিয়ান হাতী, বাঘ, নাহৰফুটুকী আৰু আন অসংখ্য প্ৰজাতিৰ প্ৰাণী পোৱা যায়।

তেওঁ কয়, “জৈৱ বৈচিত্ৰ্য বজাই ৰাখিবলৈ আৰু পৰিৱেশৰ মানদণ্ড ৰক্ষা কৰিবলৈ চৰকাৰী তদাৰকী অতি গুৰুত্বপূৰ্ণ। নিয়ম মানি চলা আৰু উপযুক্ত সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ নিশ্চিত কৰিবলৈ নিয়মীয়াকৈ নিৰীক্ষণ কৰা উচিত।’

জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লৱ গোস্বামীয়ে বনাঞ্চলৰ আৱৰণ কমি অহাৰ বাবে অসমত চলি থকা হাতী-মানুহৰ সংঘাতৰ উদ্ধৃতি দি ড্ৰিলিং প্ৰকল্পৰ বিৰোধিতা কৰে।

তেওঁ কয়, ‘বনাঞ্চলৰ আৱৰণ কমি অহাৰ বাবে অসমৰ বিভিন্ন ঠাইত হাতী-মানুহৰ সংঘাত অব্যাহত আছে। গিবন অভয়াৰণ্যই হাতীৰ এক গুৰুত্বপূৰ্ণ বাসস্থান হিচাপে কাম কৰে আৰু জাকবোৰে সঘনাই দিচৈ উপত্যকা, তিৰুহিল আৰু দিচৈ অৰণ্যত প্ৰৱেশ কৰে। দিচৈ উপত্যকাত তেল আৰু গেছৰ খনন কাৰ্যকৰী কৰিলে এই গুৰুত্বপূৰ্ণ হাতী বিচৰণ স্থানসমূহত ব্যাঘাত জন্মিব, যাৰ ফলত সম্ভাৱনাপূৰ্ণভাৱে অঞ্চলটোত মানুহ-হাতী সংঘাত বৃদ্ধি পাব।’

ৰাজ্যিক বন্যপ্ৰাণী ব’ৰ্ডে উন্নয়নৰ বাবে বন্যপ্ৰাণীৰ সৈতে আপোচ কৰিছে নেকি?:

ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ২৯ আগষ্টত বিধানসভাত উল্লেখ কৰিছিল যে ৰাজ্যিক বন্যপ্ৰাণী ব’ৰ্ডে হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দূৰত্বত তেল অন্বেষণৰ সম্ভাৱনা পৰীক্ষা কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কিন্তু এই সিদ্ধান্তই ব’ৰ্ডৰ অগ্ৰাধিকাৰ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি থকা দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

পদ্মশ্ৰী কুশল কোঁৱৰ শৰ্মা, কৌশিক বৰুৱা, ৰথীন বৰ্মন, বিভব তালুকদাৰ, অনোৱাৰ উদ্দিন চৌধুৰীকে ধৰি কেইবাগৰাকীও সুপৰিচিত সংৰক্ষণবিদ ৰাজ্যিক বন্যপ্ৰাণী ব’ৰ্ডৰ সদস্য। তেওঁলোকৰ এই প্ৰকল্পৰ অনুমোদনে বহুতৰে মনত উদ্বেগৰ সৃষ্টি কৰিছে।

“কেয়াৰ্ন ইণ্ডিয়াৰ ড্ৰিলিঙৰ প্ৰস্তাৱে শতাধিক প্ৰজাতিৰ প্ৰাণী থকা অভয়াৰণ্যখনৰ গিবনৰ জনসংখ্যা বিপন্ন কৰিব। মই কেৱল ভাবিছোঁ যে বেদান্তৰ এই প্ৰস্তাৱ ষ্টেট ব’ৰ্ড ফৰ ৱাইল্ড লাইফ, অসমত কেনেকৈ গৃহীত হ’ল।’-আখতাৰে নৰ্থইষ্ট নাওক এইদৰে কয়।

ৰাজ্যিক বন্যপ্ৰাণী ব’ৰ্ডৰ সদস্য আনোৱাৰ উদ্দিন চৌধুৰীয়ে ব’ৰ্ডৰ সিদ্ধান্তৰ পক্ষ লয় আৰু দাবী কৰে যে প্ৰস্তাৱিত ড্ৰিলিং স্থান অভয়াৰণ্যৰ ভিতৰত নাই আৰু সেয়েহে বন্যপ্ৰাণীক প্ৰভাৱিত কৰাৰ সম্ভাৱনা নাই। উন্নয়নৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিও উন্নয়ন আৰু পৰিৱেশ সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বন্যপ্ৰাণীৰ অশান্তি কম কৰাৰ লগতে গছ কটা হ্ৰাস কৰাৰ বাবে কোম্পানীটোক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

ৰাজহুৱা শুনানিৰ প্ৰয়োজন!:

বিশেষজ্ঞ আৰু পৰিৱেশ কৰ্মীসকলে প্ৰকল্পটো আগবঢ়াৰ পূৰ্বে ৰাজহুৱা শুনানি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ড° পৰিমল চন্দ্ৰ ভট্টাচাৰ্যই প্ৰকল্পটো আগবঢ়াই নিয়াৰ পূৰ্বে ৰাজহুৱা শুনানি অনুষ্ঠিত কৰাৰ পোষকতা কৰে। “প্ৰকল্পটো আগবঢ়াই নিয়াৰ আগতে স্থানীয় জনগোষ্ঠীৰ সমৰ্থন আৰু আস্থা লাভ কৰাটো অতি জৰুৰী। উদ্বেগসমূহৰ সমাধানৰ বাবে ৰাজহুৱা শুনানি অনুষ্ঠিত কৰা উচিত আৰু প্ৰকল্পটোৱে যাতে স্থানীয় বাসিন্দাসকলৰ জীৱিকাত বিৰূপ প্ৰভাৱ নপৰে।’-ভট্টাচাৰ্যই কয়।

বেদান্তাৰ কাজিৰঙাৰ পদক্ষেপ: কৌশলগত পদক্ষেপ নে প্ৰকৃত সংৰক্ষণৰ প্ৰচেষ্টা?

বেদান্তাৰ চি এছ আৰ শাখা অনিল আগৰৱাল ফাউণ্ডেচনে (AAF)কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ সৈতে চুক্তিবদ্ধ হৈ ফ্ৰণ্টলাইন কৰ্মীসকলৰ বাবে নিৰীক্ষণ কেন্দ্ৰ আৰু বাসস্থানৰ ব্যৱস্থা কৰিছে। এই সহযোগিতা টাকোৰ (TACO) বন্যপ্ৰাণী সংৰক্ষণ প্ৰকল্প ‘মিছন ভানৰক্ষা’ৰ অংশ। এ এ এফে কয় যে এই সহযোগিতাই কাজিৰঙাৰ বন্যপ্ৰাণীসমূহৰ সুৰক্ষা শক্তিশালী কৰিব, য’ত প্ৰসিদ্ধ এশিঙীয়া গঁড়, এছিয়াটিক হাতী, ঢেকীয়াপতীয়া বাঘৰ দৰে বিপন্ন প্ৰজাতিৰ প্ৰাণীসমূহো আছে।

অৱশ্যে বেদান্তাৰ উদ্দেশ্যক লৈ একাংশ কৰ্মীয়ে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ মতে কাজিৰঙালৈ কোম্পানীটোৱে দিয়া অনুদান জনসমৰ্থন লাভ কৰাৰ কৌশল হ’ব পাৰে আৰু ইয়াৰ অন্যান্য পৰিৱেশ ক্ষতিকাৰক প্ৰকল্পৰ পৰা সমালোচনাক বিচ্যুত কৰাৰ কৌশল হ’ব পাৰে।

অপূৰ্ব বল্লৱ গোস্বামীৰ প্ৰশ্ন, “কাজিৰঙাক আৰ্থিক সাহায্য প্ৰদান কৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰিৱেশৰ সম্ভাৱ্য ক্ষতিসাধন কৰি অসমত কাম-কাজ সম্প্ৰসাৰণ কৰাটো বেদান্তা গোটৰ কৌশল নেকি?”

বিগত সময়ত বেদান্তা লিমিটেডে ৰাজনৈতিক দলসমূহক অনুদানৰ জৰিয়তে ৰাজনীতিত কৰ্পৰেট প্ৰভাৱৰ অভিযোগ আৰু ভাৰত আৰু বিদেশত খনন কাৰ্য্যকলাপৰ সৈতে জড়িত পৰিৱেশ সম্পৰ্কীয় চিন্তাকে ধৰি কেইবাটাও বিতৰ্কৰ সন্মুখীন হৈছিল।

২০২৩ চনৰ নৱেম্বৰ মাহত অনিল আগৰৱালাৰ নেতৃত্বাধীন বেদান্তা লিমিটেডে বিভিন্ন ৰাজনৈতিক দললৈ নিৰ্বাচনী বণ্ডৰ জৰিয়তে ২০০ কোটি টকাৰ অনুদান অনুমোদন জনাইছিল। এটা মাহৰ ভিতৰত এইটোৱেই আছিল কোম্পানীটোৱে কোনো ৰাজনৈতিক কামত দান কৰা সৰ্বাধিক ধন।

কোম্পানীটোৰ এই অনুদানৰ ফলত ৰাজনীতিত ইয়াৰ কৰ্পৰেট প্ৰভাৱৰ বিষয়ে একাংশ অংশীদাৰৰ মাজত উদ্বেগ প্ৰকাশ পাইছিল।

কিছুমান বিশ্লেষকে অনুমান কৰিছিল যে বেদান্তা লিমিটেডে হয়তো নিজৰ অনুদানক নীতিগত সিদ্ধান্তক প্ৰভাৱিত কৰাৰ বা নিজৰ খনন প্ৰকল্প বা স্বাৰ্থৰ বাবে অনুকূল ফলাফল নিশ্চিত কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰিছিল।

একাংশ কৰ্মীয়ে বেদান্তা লিমিটেডে নিজৰ অনুদানক পৰিৱেশৰ ওপৰত হোৱা নেতিবাচক প্ৰভাৱক নিকা কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন কৰে।

ষ্টক এক্সচেঞ্জৰ তথ্যৰ পৰা জানিব পৰা গৈছে যে বেদান্তা লিমিটেডে বিত্তীয় বৰ্ষ ২৩ (২০২২ চনৰ এপ্ৰিল- ২০২৩ চনৰ মাৰ্চ)ত নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহক ১৫৫ কোটি টকা (প্ৰায় ২০ মিলিয়ন ডলাৰ) দান কৰিছিল। ২০২২ বিত্তীয় বৰ্ষত দান কৰা ১২৩ কোটি টকাতকৈ এয়া অধিক।

মুঠতে বেদান্তা লিমিটেডে বিত্তীয় বৰ্ষ ১৮ৰ পৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৪৫৭ কোটি টকা (প্ৰায় ৬ কোটি ডলাৰ) অনুদান আগবঢ়াইছে।

অ’চিচিআৰপিয়ে বেদান্তাক বিজেপিলৈ উল্লেখযোগ্য দাতা হিচাপে ৰিপ’ৰ্ট কৰিছিল। বেদান্তাৰ সহযোগী প্ৰতিষ্ঠানৰ সৈতে জড়িত দুটা গোটে ২০১৬ চনৰ পৰা ২০২০ চনৰ ভিতৰত বিজেপিক ৪৩.৫ কোটি টকা অনুদান আগবঢ়োৱা বুলি অভিযোগ উঠিছে।

বেদান্তা: এটা বিতৰ্কিত কৰ্পৰেট সংস্থা:

বেদান্তাৰ বিতৰ্কৰ ইতিহাসত ওড়িশাত বক্সাইট খননক লৈ জনজাতীয় সম্প্ৰদায়ৰ সৈতে সংঘৰ্ষ, জাম্বিয়াত আইনী প্ৰত্যাহ্বান, আৰু পৰিৱেশজনিত চিন্তাৰ বাবে তামিলনাডুৰ ষ্টেৰলাইট কোপাৰ স্মেল্টাৰ প্ৰকল্প বন্ধ হোৱা আদি বিতৰ্কৰ ইতিহাস আছে।

ভাৰতত কোম্পানীটোৱে ভাৰতীয় ৰাজনৈতিক দলসমূহৰ বাবে বিদেশী কোম্পানী পুঁজিৰ নিষেধাজ্ঞা উলংঘা কৰাৰ অভিযোগৰ সন্মুখীন হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ে ২০১৪ চনত ৰায় দিছিল যে বেদান্তাৰ বিজেপি আৰু কংগ্ৰেছ পাৰ্টিলৈ দিয়া অনুদান (২০০৪-২০১২ চনৰ ভিতৰত ১৬০ কোটি টকাতকৈ অধিক) অবৈধ।

সংগঠিত অপৰাধ আৰু দুৰ্নীতিৰ প্ৰতিবেদন প্ৰকল্প (OCCRP)ই বেদান্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে বেদান্তাই Covid-19 মহামাৰীৰ সময়ত পৰিৱেশ বিধি দুৰ্বল কৰাৰ বাবে গোপন লবী অভিযান চলাইছিল। প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে এই পৰিৱৰ্তনসমূহ জনসাধাৰণৰ পৰামৰ্শ অবিহনে অনুমোদন জনাইছিল আৰু “অবৈধ পদ্ধতি”ৰ জৰিয়তে কাৰ্যকৰী কৰিছিল।

অতিৰিক্ত পৰিৱেশ অনুমোদন অবিহনে খনন উৎপাদন বৃদ্ধিৰ বাবে বেদান্তাই কৰা কথিত প্ৰচেষ্টা আৰু তেল অন্বেষণৰ বাবে ৰাজহুৱা শুনানি বন্ধ কৰাৰ বাবে কেয়াৰ্ন অইল এণ্ড গেছৰ সফল লবী যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে।

বছৰ বছৰ ধৰি ওড়িশাৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত বক্সাইট খননক লৈ বেদান্তাৰ সৈতে সংঘৰ্ষ চলি আহিছে। কোম্পানীটোৰ কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদে বিশ্বজুৰি চৰ্চা লাভ কৰিছে, সেয়া নতুন দিল্লী আৰু লণ্ডনলৈও বিয়পি পৰিছে। ২০১৪ চনত ডংৰিয়া কন্ধ জনগোষ্ঠীয়ে পবিত্ৰ বুলি গণ্য কৰা ওড়িশাৰ নিয়মগিৰি পাহাৰত বক্সাইট খননৰ নিবিদা বেদান্তাই হেৰুৱাইছিল।

আফ্ৰিকাত জাম্বিয়া চৰকাৰে বেদান্তাৰ সহযোগী কোম্পানী কনকোলা কপাৰ মাইনছ পিএলচিক বিফল কৰাৰ চেষ্টা কৰিছিল। বিষয়াসকলে কোম্পানীটোৰ বিৰুদ্ধে কৰ ফাঁকি আৰু চৰকাৰক সম্প্ৰসাৰণৰ পৰিকল্পনা সন্দৰ্ভত বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে। বেদান্তাই এই অভিযোগ অস্বীকাৰ কৰে।

২০১৮ চনত তামিলনাডুত ষ্টাৰলাইট কোপাৰ স্মেল্টাৰ প্লাণ্ট সম্প্ৰসাৰণৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত ১৩ জন লোকৰ মৃত্যু হয় আৰু উদ্যোগটো বন্ধ হৈ পৰে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত প্লাণ্টটো পুনৰ মুকলি কৰাৰ বাবে বেদান্তাৰ আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।

২০১৭ চনত ব্ৰিটেইনৰ এখন আদালতে বেদান্তাই জাম্বিয়াৰ গাঁৱৰ লোকসকলৰ পৰা কথিত প্ৰদূষণৰ সন্দৰ্ভত আইনী প্ৰত্যাহ্বান জনোৱাক বাধা দিয়াৰ প্ৰচেষ্টা নাকচ কৰিছিল।

পৰিৱেশৰ অভিলেখৰ বাবে নৰৱেৰ পেঞ্চন ফাণ্ডে ২০০৭ চনত বেদান্তাক নিজৰ পৰ্টফলিঅ’ৰ পৰা বাদ দিছিল আৰু পিছলৈ ২০১৪ চনত বেদান্তা ইউনিট চেছা ষ্টাৰলাইটক বাদ দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm
হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

August 17, 2025 8:13 pm
পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

August 17, 2025 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

কোন হ’ব জগদীপ ধনখৰৰ উত্তৰসূৰী? এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা

August 17, 2025 9:12 pm
WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd