• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনাই অসম নাগৰিক সমাজৰ জন গণ মন অভিযানৰ শুভাৰম্ভণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2024 1:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মহান বৈষ্ণৱ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে কালি গুৱাহাটী প্ৰেছ ক্লাবত ৰাতিপুৱা ১১ বজাত অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত জন গণ মন অভিযানৰ শুভাৰম্ভণি কৰা হয়।

এই উপলক্ষে বিশিষ্ট বৈষ্ণৱ পণ্ডিত ড০ সূৰ্য্য দাসে শ্ৰীশংকৰদেৱৰ উদাৰ মানৱতাবাদী আদৰ্শৰ ওপৰত আলোকিপাত কৰি বক্তৃতা প্ৰদান কৰে। শংকৰদেৱে পঞ্চদশ শতিকাৰ অসমত জনজাতীয়, মুছলমান আৰু বহুধা বিভক্ত সমাজৰ অন্যান্য নিম্ন স্তৰৰ লোকসকলৰ বাবে কেনেকৈ হাত আগবঢ়াইছিল আৰু তেওঁলোকক সম মৰ্যাদা আৰু সন্মান প্ৰদান কৰি অসমীয়া সমাজৰ মূল ভাঁজলৈ লৈ আনিছিল, সেই বিষয়ে তেওঁ বিৱৰি কয়।

ড° দাসে গুৰুজনাই সমাজৰ নাৰীসকলক তেওঁলোকৰ ওপৰত জাপি দিয়া ব্ৰাহ্মণ্যবাদী বাধাৰ বিপৰীতে গৈ কেনেদৰে সবলীকৰণ কৰি তুলিছিল সেই বিষয়েও বৰ্ণনা কৰে। তেওঁ লগতে কয় যে আজিৰ বিভাজনমূলক পৰিৱেশত শংকৰদেৱৰ উদাৰ মানৱতাবাদী আদৰ্শই আমাক হিন্দুত্ববাদী মতাদৰ্শবিদসকলে নেতৃত্ব দিয়া বিভাজনমূলক এজেণ্ডাৰ বিৰুদ্ধে যুঁজিবলৈ বহু পৰিমাণে অনুপ্ৰাণিত কৰিব পাৰে।

Apply Now

লগতে পঢ়কঃ বেদান্তাৰ খননৰ ফলত অসমৰ অন্তিমটো গিবনৰ আশ্ৰয়স্থলীলৈ ভাবুকি; সতৰ্ক কৰিছে বিশেষজ্ঞই

এই উপলক্ষে ভাষণ দি প্ৰাক্তন আমোলা তথা বিশিষ্ট কাৰ্বি নেতা মিষ্টাৰ জন ইংতি কাথাৰে শাসকীয় দলৰ সমৰ্থকসকলে কেনেকৈ এটা সম্প্ৰদায়ক আনটো সম্প্ৰদায়ৰ বিৰুদ্ধে উচটনি দি কাৰ্বি আংলং আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ মাজত থকা বন্ধন দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে তাৰ ব্যাখ্যা দাঙি ধৰে।

আন এগৰাকী অতিথি বৰনগৰ  বি এড কলেজৰ অধ্যক্ষ ড০ গোলাম ছাৰৱাৰে  উচ্চ সাংবিধানিক কাৰ্যালয়ত বহি থকা একাংশ ব্যক্তিৰ পৃষ্ঠপোষকতাত অসমৰ মিঞা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা সাম্প্ৰদায়িক ঘৃণাক গৰিহণা দিয়ে। তেওঁৰ ভাষণৰ সামৰণিত শংকৰদেৱৰ দ্বাৰা ৰচিত এটি সুন্দৰ বৰগীত পৰিবেশন কৰি দৰ্শকক মোহিত কৰে।

ইয়াৰ পূৰ্বে অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক তথা ভাৰত জোড়ো অভিযান, অসমৰ আহ্বায়ক পৰেশ মালাকাৰে অসমত জনগণ মনৰ পদক্ষেপ গ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। সভাত সভাপতিত্ব কৰে ৰাজ্যসভাৰ সদস্য তথা অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই।

লগতে পঢ়কঃসীতাৰাম য়েচুৰীৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি, ভৰ্তি কৰা হ’ল ভেন্টিলেচনত

অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমে জনগণ মনৰ পদক্ষেপৰ অধীনত সমগ্ৰ ৰাজ্যৰ অন্যান্য সমভাৱাপন্ন নাগৰিক সমাজৰ সংগঠনৰ সহযোগত ধাৰাবাহিক কাৰ্যসূচীৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই অভিযানৰ অংশ হিচাপে অহা ২৬ নৱেম্বৰত সমগ্ৰ অসমতে সংবিধান দিৱস পালন কৰা হ’ব। ইয়াৰ পিছতে চুকাফা দিৱস, চিলাৰায় দিৱস, ভীমবৰ দেউৰী দিৱস আৰু চৈয়দ আব্দুল মালিকৰ জন্মদিন উদযাপন কৰা হ’ব। তাৰ পিছত ১০ ডিচেম্বৰক মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হ’ব। ১৭ জানুৱাৰীত উদযাপন কৰা হ’ব শিল্পী দিৱস। ৰাজ্যখনে সন্মুখীন হোৱা ভয়াৱহ পৰিৱেশ অৱক্ষয়ৰ প্ৰতি লক্ষ্য ৰাখি ২ ফেব্ৰুৱাৰীত আন্তঃৰাষ্ট্ৰীয় আৰ্দ্ৰ ভূমি দিৱস পালন কৰা হ’ব।

এই সময়ছোৱাত অসম নাগাৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমে ৰাজ্যখনৰ অন্যান্য সমভাৱাপন্ন সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি নিজৰ প্ৰসাৰ বৃদ্ধিৰ চেষ্টা কৰিব যাতে ২০২৬ চনত বিজেপি চৰকাৰক শাসনৰ পৰা উচ্ছেদ কৰিব পৰা যায়।

লগতে পঢ়কঃ দহ হাজাৰ সন্তানৰ পিতৃ হেনৰী! বিশালাকায় শৰীৰ, বিশ্বৰ আটাইতকৈ পুৰণি কুম্ভীৰ

উল্লেখ্য যে ৰাজ্যৰ দুগৰাকী আগশাৰীৰ ৰাজহুৱা বুদ্ধিজীৱী তথা পণ্ডিত ড° হীৰেন গোহাঁই আৰু ড° নগেন শইকীয়াই অসমত জনগণ মন অভিযানৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁলোকৰ বাৰ্তা পাঠ কৰে লেখক, সমালোচক অধ্যাপক ৰাজেন কলিতাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd