• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি উদ্দেশ্যত স্মাৰ্ট মিটাৰ লগাইছে চৰকাৰে? সংবাদমেলত বিস্ফোৰক তথ্য ফাদিল ৰাইজৰ দলৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 9, 2024 3:43 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা আজি সংবাদ মেল সম্বোধন কৰি স্মার্ট মিটাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন। অসম চৰকাৰলৈ প্ৰশ্ন কৰি হুছেইনে কয় যে, যি সময়ত সমগ্ৰ ভাৰতবৰ্ষতে স্মার্ট মিটাৰ স্থাপন একপ্ৰকাৰ বন্ধ হৈ পৰিছে সেই সময়ত অসমত ৬৯ লাখ স্মার্ট মিটাৰ সংযোগৰ লক্ষ্য লোৱা হৈছে কিয়? সাধাৰণ ৰাইজৰ পৰা শাসকীয় পক্ষৰ বিধায়কলৈ সকলো বলি হৈছে স্মার্ট মিটাৰৰ অৰাজকতাৰ। খোদ শাসকীয় পক্ষৰ বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যই এতিয়া স্মার্ট মিটাৰৰ বিৰুদ্ধে মুকলি বিদ্রোহ আৰম্ভ কৰিছে। ৰাইজৰ মতামত অবিহনেই ইতিমধ্যে অসমত ২৫ লাখ স্মার্ট মিটাৰ সংযোগ কৰা হৈছে। ইয়াৰ বাবে আদানিকে ধৰি কেবাটাও কোম্পানীয়ে স্মার্ট মিটাৰ সংস্থাপনৰ ঠিকা লাভ কৰিছে।

ৰাইজৰ দলৰ প্ৰেছ বিবৃতি

১) নতুনকৈ স্মার্ট মিটাৰ সংযোগ কৰাৰ উদ্দেশ্য কি?

সমগ্ৰ বিশ্বত স্মার্ট মিটাৰ ব্যৱহাৰৰ মূল উদ্দেশ্য হৈছে ‘টাইম অৱ ডে’ অনুযায়ী মাচুল নির্ধাৰণ কৰা। অর্থাৎ সন্ধিয়া সময়ত পিক আৱাৰত বজাৰত বিদ্যুতৰ মূল্য বেছি হৈ থাকে। সেইবাবেই সন্ধিয়া সময়ত গ্ৰাহকৰ পৰাও সেই অনুপাতে মাচুল আদায় কৰা হ’ব। যেতিয়া বজাৰত বিদ্যুতৰ মাচুল কম হৈ থাকিব, তেতিয়া তাৰ অনুপাতত গ্ৰাহকৰ বাবেও মাচুল নির্ধাৰণ কৰা হ’ব। অর্থাৎ এখন বিশুদ্ধ বজাৰ। ভাৰতৰ দৰে কল্যানকামী ৰাষ্ট্ৰত তেনে উদ্দেশ্যেৰে স্মার্ট মিটাৰ সংযোগ কৰা হৈছে বুলি ক’লে হাহাকাৰেই লাগিব। সেইবাবেই ভাৰতত স্মার্ট মিটাৰ সংযোগৰ উদ্দেশ্য বাখ্যা কৰা হৈছে এইদৰে- বিদ্যুতৰ লোকচান হ্রাস কৰা, বিদ্যুত ব্যৱহাৰত মিতব্যয়ী হোৱা আৰু মাচুল নিদিলে সংযোগ সহজতে বিচ্ছিন্ন কৰা।

Apply Now

২) স্মার্ট মিটাৰ কোনে সংযোগ কৰিছে?

ইতিমধ্যেই আদানিকে ধৰি বাহিৰৰ কেইবাটাও কোম্পানীয়ে স্মার্ট মিটাৰ ঘৰে ঘৰে সংযোগ কৰিছে, তাৰ বাবে অসম চৰকাৰৰ পৰা এতিয়াও কোম্পানীসমূহে সম্পূর্ণ ধন লাভ কৰা নাই। স্মার্ট মিটাৰৰ ধন আদায় কৰিব মাহে মাহে। এই মিটাৰ সংযোগৰ প্ৰক্ৰিয়াটো ৰূপায়ন কৰা হৈছে DBFOOT অর্থাৎ Design-Build-Finance-Own-Operate-Transfer মডেলৰ জৰিয়তে। ইয়াৰ বাবে স্মার্ট মিটাৰ যোগানকাৰী কোম্পানীসমূহৰ সৈতে totex (capex plus opex) চুক্তি স্বাক্ষৰ কৰা হৈছে। ইয়াৰে capex হ’ল কোম্পানীৰ মূলধনী ব্যয়। এই যে আপোনাৰ ঘৰত স্মার্ট মিটাৰ সংযোগ কৰা হ’ব , সেয়া ‘কেপিটেল এক্সপেনডেনছাৰ’ৰ অধীনৰ। ইয়াৰ পাছত আপুনি কিমান বিদ্যুৎ ব্যৱহাৰ কৰিছে, কিমান বেলেঞ্চ আছে, স্মার্ট মিটাৰৰ জৰিয়তে নীৰিক্ষণ কৰি থাকিবলৈ যিমান ব্যয় হ’ব সেয়া ‘অপাৰেশ্যনেল এক্সপেনডেচাৰ’ অর্থাৎ opex ৰ অধীনষ্ঠ বিষয়। এই দুয়োটা ব্যয় যোগ কৰি কোম্পানীসমূহে totex বা সর্বমুঠ ব্যয় নির্ধাৰণ কৰিছে। সেই অনুসৰিয়ে ঠিকা লাভ কৰিছে। ইয়াৰ পাছত প্রতিমাহে প্ৰতিটো মিটাৰৰ বিপৰীতে কোম্পানীটোৱে অসম শক্তি বিতৰণ কোম্পানীৰ পৰা ধন লাভ কৰিব। তাৰ পাছৰ প্ৰশ্নটো হ’ল উদাহৰণ হিচাপে আদানিৰ অসমত স্মার্ট মিটাৰ সংযোগৰ ঠিকালৈ মন কৰক। আদানিয়ে অসমত সংস্থাপন কৰিব ৭,৭৩,০৭২ টা স্মার্ট মিটাৰ। ইয়াৰ বাবে আদানিয়ে ব্যয় কৰিব ৮৪৪ কোটি টকা। এই ধন আদায়ৰ বাবে আদানিয়ে ১২০ মাহৰ বাবে totex চুক্তি স্বাক্ষৰ কৰিছে। অর্থাৎ প্ৰতিটো স্মার্ট মিটাৰ স্থাপন আৰু পৰিচালনাৰ ধন মুঠ ১০ বছৰত আদানিয়ে আদায় কৰিব। এতিয়া আহক মূল অংকলৈ। স্মার্ট মিটাৰ আৰু ধনৰ হিচাপ মিলালে ওলাই পৰে যে প্ৰতিটো স্মার্ট মিটাৰৰ সংযোগ আৰু পৰিচালনাৰ নামত আদানিৰ ব্যয় হ’ব ১০,৯১৭ টকাকৈ। ১২০ মাহত তেওঁ এই ধন লাভ কৰিব। সেই হিচাপ অনুসৰি একোটা মিটাৰৰ বাবদ আদানিক ১০ বছৰলৈ প্রতিমাহে আদায় দিব লাগিব ৯০.৯৭ টকাকৈ। তাৰ পাছত আহিল স্মার্ট মিটাৰ স্থাপন কৰা হৈছে ভাৰত চৰকাৰৰ Revamped Distribution Sector Scheme (RDSS) ৰ অধীনত। এই প্রকল্পত বিশেষ ৰাজ্য হিচাপে অসমে প্রতিটো মিটাৰৰ বাবদ ১৩৫০ টকা বা ২২.৫ শতাংশ (যিটো কম হয) অনুদান লাভ কৰিব। ইয়াৰ বাহিৰেও বিশেষ ৰাজ্য হিচাপে খৰতকীয়াকৈ স্মার্ট মিটাৰ সংযোজনৰ বাবে অসমে প্রতিটো মিটাৰৰ বাবদ অতিৰিক্ত ৬৭৫ টকা বা ১১.২৫ শতাংশ (যিটো কম হয়) ইনচেনটিভ লাভ কৰিব। অর্থাৎ একোটা স্মার্ট মিটাৰৰ বাবদ কেন্দ্ৰৰ পৰা অসম চৰকাৰে লাভ কৰিব ২,০২৫ টকাৰ সাহায্য। এতিয়া কথা হ’ল আদানিয়ে একোটা মিটাৰৰ বাবদ ১০ বছৰত আদায় কৰিব ১০, ৯১৭ কোটি টকা। চৰকাৰে দিব ২,০২৫ টকা। বাকী ৮,৮৯২ টকা কাৰ পৰা আদায় কৰা হ’ব? এই ধন এ পি ডি চি এলে দিব নে গ্রাহকৰ পৰাই আদায় কৰা হ’ব? এয়া এটা লাখটকীয়া প্রশ্ন!

‘দ্য ইণ্ডিয়ান এক্সপ্রেছ’ত বিগত মার্চ মাহত প্রকাশিত এটা নিবন্ধৰ তথ্য ডাঙি ধৰি হুছেইনে কয় যে, স্মার্ট মিটাৰৰ ধন কোম্পানীক আদায় দিয়াটো ভাৰতত প্রত্যাহ্বানপূৰ্ণ হ’ব। উক্ত প্ৰবন্ধটোত বৃটেইনৰ উদাহৰণ দাঙি ধৰি কোৱা হৈছে যে তাত মানুহে বেছিকৈ বিদ্যুৎ ব্যৱহাৰ কৰে। প্ৰতিমাহত যদি ২৫০ পাউণ্ড বিদ্যুতৰ মাচুল হয়, স্মার্ট মিটাৰ সংযোগত ব্যয় হোৱা ১৫০০ পাউণ্ড কেইটামান মাহত বহন কৰিব পৰা ইনষ্টলমেন্টৰ জৰিয়তে আদায় কৰাটো সম্ভৱ। কিন্তু ভাৰতৰ ৮০ শতাংশ গ্রাহকৰে মাহিলী মাচুল হ’ল ৫০০ টকা। এতিয়া স্মার্ট মিটাৰৰ নামত ব্যয় যদি ১০ বা ১২ হাজাৰ টকা ব্যয় কৰা হৈছে, এই ধন গ্রহণযোগ্য বাবে আদায় কৰাটো প্রত্যাহ্বানমূলক হ’ব। মহাৰাষ্ট্ৰৰ বিদ্যুৎ গ্রাহক সংস্থাৰ সভাপতিয়ে অভিযোগ কৰিছে যে মহাৰাষ্ট্ৰ শক্তি বিতৰণ কোম্পানীয়ে ২.২৫ কোটি স্মার্ট মিটাৰ সংযোগৰ বাবে ১৬ হাজাৰ কোটি ব্যয় কৰিব। এয়া মুঠ ব্যয়ৰ ৪০ শতাংশ। কেন্দ্রই ৬০ শতাংশ ধন ব্যয় কৰিব। কেন্দ্ৰই জনতাৰ কৰৰ ধন ব্যয় কৰিব আৰু মহাৰাষ্ট্ৰ শক্তি বিতৰণ কোম্পানীয়ে ইয়াৰ বাবে ঋণ ল’ব। এই ঋণৰ ধন ২০২৫ চনৰ এপ্রিল মাহৰ পৰা বিদ্যুতৰ মাচুলৰ সৈতে আদায় কৰিব। এতিয়া প্রশ্ন হৈছে অসমত যে ৬৫ লাখ স্মার্ট মিটাৰ সংযোগ কৰা হ’ব , ইয়াৰ প্ৰতিটো মিটাৰৰ বিনিমিয়ত প্রতিমাহে কোন কোম্পানীক, কিমান দিনলৈ, কিমান টকাকৈ আদায় দিব লাগিব? এই ধন কোনে দিব, গ্রাহকে নে চৰকাৰে? চৰকাৰে যদি দিয়ে ক’ৰ পৰা দিব? এই প্রশ্নকেইটাৰ উত্তৰ পালেই বহু উত্তৰ স্পষ্ট হৈ পৰিব। যি সমূহ উত্তৰ চৰকাৰে এতিয়ালৈকে ৰাইজক দিব পৰা নাই।

৩) বিদ্যুৎ মাচুল একে থকাৰ পিছত কিয় হঠাৎ বৃদ্ধি পাইছে গ্রাহকৰ বিদ্যুৎ খৰচৰ ধনৰ পৰিমাণ?

হঠাৎ বৃদ্ধি পাইছে গ্ৰাহকৰ বিদ্যুৎ খৰচ। বিদ্যুত্ৰ মাচুল নাবাঢ়িলেও বাঢ়িছে বিদ্যুৎ খৰচৰ পৰিমাণ। দৈনিক ২ পৰা ৩ ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰা গ্রাহকৰো বিদ্যুৎ ব্যয় বৃদ্ধি পাইছে দৈনিক ১৮-১৯ ইউনিটলৈ। পূর্বে এচি ফ্রীজ চলাইয়ো ৮০ টকাৰ বিল নহা গ্ৰাহকৰ এতিয়া এচি ফ্রীজ নচলোৱাকৈ বিদ্যুৎত্ৰ নামত খৰচ হৈছে ৮০-৯০ টকা। উল্লেখযোগ্য যে অসমৰ লগতে দেশৰ অন্যান্য ৰাজ্যসমূহতো স্মার্ট মিটাৰ স্থাপনৰ বিৰুদ্ধে প্রতিবাদ গঢ়ি উঠাৰ একমাত্ৰ কাৰণটো হল স্মার্ট মিটাৰৰ লুণ্ঠন। স্মার্ট মিটাৰ সংযোগৰ পাছতেই অস্বাভাৱিকভাৱে বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ সৰ্বত্রে অভিযোগ উত্থাপন হৈছে। গুজৰাটত মাহে ১০০০ টকাৰ বিল পৰিশোধ কৰা লোকে স্মার্ট মিটাৰ সংযোগৰ পাছত প্রতিদিনৰ বিল হবলৈ ধৰিছে ৩৫০ টকা। যিসকল লোকে পূর্বে প্রতি দুমাহৰ মূৰে মূৰে ৪৫০০ টকাৰ বিলৰ কাগজ লাভ কৰিছিল, স্মার্ট মিটাৰ স্থাপনৰ পাছত তেওঁলোকৰ মাত্র ২০ দিনতে বিদ্যুতৰ বিল খৰছ হৈছিল ৪০০০ টকা। অসমতো সেই একেই অৰাজকতা।

৪) যি সময়ত গুজৰাটকে ধৰি সমগ্ৰ ভাৰতবৰ্ষতে স্মার্ট মিটাৰ স্থাপন একপ্ৰকাৰ বন্ধ হৈ পৰিছে সেই সময়ত অসমত সর্বাধিক স্মার্ট মিটাৰ কিয়?

অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে স্মার্ট মিটাৰৰ সপক্ষে উকালতি কৰি যোৱাৰ বিপৰীতে গুজৰাটকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰতিবাদৰ সন্মুখীন হৈ

স্মার্ট মিটাৰ স্থাপনৰ কাম বন্ধ কৰিছে গুজৰাট চৰকাৰৰ মালিকানাধীন গুজৰাট উৰ্জা বিকাশ নিগমে। জনসাধাৰণৰ আস্থা অর্জন নকৰালৈকে

গুজৰাটত বন্ধ থাকিব স্মার্ট মিটাৰ স্থাপনৰ কাম।বিপৰীতে ব্যাপক প্ৰতিবাদৰ মাজতো অসমত স্থাপন কৰা হল ভাৰতৰভিতৰতে সর্বাধিক স্মার্ট

মিটাৰ। অসমত স্মার্ট মিটাৰ সংযোগৰ লক্ষ্য হৈছে মুঠ ৬৯,২১,৩২৯ টা। আৰু ইতিমধ্যে অসমত স্থাপন কৰা হল ২৫,০০,৪১১ টা স্মার্ট মিটাৰ।

বিপৰীতে গুজৰাটত স্মার্ট মিটাৰ স্থাপনৰ অনুমোদন জনোৱা হৈছিল ১,৬৫,১০,৮৬০ টা। কিন্তু গুজৰাটত স্মার্ট মিটাৰ স্থাপন কৰা হল মাত্র

৮৮,১৩০ টা। তাৰ পাছত জনতাৰ প্ৰতিবাদত ইমানতে গুজৰাটত বন্ধ কৰা হল স্মার্ট মিটাৰ স্থাপনৰ কাম। দেশৰ বৃহত্তম ৰাজ্য উত্তৰপ্ৰদেশত স্মার্ট

মিটাৰ স্থাপনৰ অনুমোদন আছিল সর্বাধিক। উত্তৰপ্ৰদেশত স্মার্ট মিটাৰ স্থাপনৰ লক্ষ্য আছিল ৩,০৯,৭৮,২৮০ টা। কিন্তু স্থাপন কৰা হল মাত্র

১১,৮৬,৯৫৩ টা। একেই স্থিতি ৰাজস্থান, মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ আদি ৰাজ্যতো। মহাৰাষ্ট্ৰত অনুমোদন জনোৱা হৈছিল ২,৩৫,৬৪,৭৪৭ টা। কিন্তু

স্থাপন কৰা হল মাত্র ২,৬২,৭০৫ টা। ৰাজস্থানত অনুমোদন জনোৱা হৈছিল ১,৪৯,০০,৫২৭ টা। কিন্তু স্থাপন কৰা হৈছে মাত্র ৬,১৪,৩০৭ টা।

মধ্যপ্রদেশত অনুমোদন জনোৱা হৈছিল ১,৩৪,৪৪,৪০১ টা। কিন্তু স্থাপন কৰা হৈছে মাত্র ১১,১৪,৮২৫ টা। এনেদৰে অসমৰ তুলনাত দেশৰ বৃহত

বৃহত ৰাজ্য সমূহ পিছ পৰিজ ৰৈছে স্মার্ট মিটাৰ স্থাপনত। কিন্তু দেশৰ ভিতৰতে সৰ্বাধিক স্মার্ট মিটাৰ সংযোগৰ ৰাজ্য হৈ পৰিল অসম। অসমত

৬৯,২১,৩২৯ টা স্মার্ট মিটাৰ স্থাপনৰ বাবে অনুমোদন জনোৱাৰ বিৰীতে স্থাপন কৰা হৈ গল ২৫ লাখ, ৪১১ টা স্মার্ট মিটাৰ।

৫) বিল কেনেকৈ পৰিশোধ কৰা হয় স্মার্ট মিটাৰৰ?

স্মার্ট মিটাৰৰ দ্বাৰা বিল পৰিশোধ কৰাৰ নিয়মটো হল মোবাইলৰ ৰিচাৰ্জৰ দৰে আগতীয়াকৈ ৰিচাৰ্জ কৰিব লাগিব। বিদ্যুতৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো মূহুর্ততে সেই ৰিচাৰ্জ শেষ হৈ যাব। পুনৰ ৰিচাৰ্জ নকৰালৈকে গ্রাহকে বিদ্যুত সেৱা লাভ নকৰিব। ইফালে এই ৰিচাৰ্জৰ বাবে গ্রাহকক প্রয়োজন হব এটা স্মার্ট ফোনৰ। প্রশ্ন উত্থাপন হৈছে, সাধাৰণ লোকে স্মার্ট ফোন পাব কৰ পৰা? বা জানিবও লাগিব স্মার্ট ফোনৰ ব্যৱহাৰ। কিন্তু গুজৰাটৰ দৰে ৰাজ্যত স্মার্ট মিটাৰ স্থাপনৰ কাম বন্ধ হৈ পৰাৰ সময়ত বা দেশৰ অন্যান্য ৰাজ্যত স্মার্ট মিটাৰ স্থাপনৰ কাম একেবাৰে মন্থৰ হৈ পৰাৰ সময়ত অসমত কিয় ইমান দ্রুতগতিত আগবাঢ়ি গল স্মার্ট মিটাৰ স্থাপনৰ কাম? বা অসম চৰকাৰে ইমান প্ৰতিবাদৰ পাছতো কিয় বন্ধ কৰা নাই স্মার্ট মিটাৰ স্থাপনৰ কাম?

৬) কোনে লাভ কৰিছে স্মার্ট মিটাৰৰ ঠিকা?

অসমত স্মার্ট মিটাৰ সংযোগৰ বাবে মুঠ ৯ টা পেকেজৰ অধীনত ঠিকা আবণ্টন দিয়া হৈছিল। এই ৯ টা পেকেজৰ অধীনত সমগ্ৰ অসমত মুঠ ৬৫ লাখ ৫৮ হাজাৰ ৪৪৬ টা স্মার্ট মিটাৰৰ সংযোগৰ ঠিকা প্রদান কৰা হৈছে। ইয়াৰ বিনিময়ত ঠিকাদাৰী প্ৰতিষ্ঠানক প্ৰদান কৰা হ’ব ৫ হাজাৰ কোটিতকৈও অধিক টকা। দিল্লীৰ ইনটেলিস্মার্ট ইনফ্রাস্ট্রাকচাৰে যোগান ধৰিব ২১,৪০,৯৭৮ টা স্মার্ট মিটাৰ জয়পুৰৰ জেনাছ পাৱাৰ ইনফ্রাস্ট্রাকচাৰে যোগান ধৰিব ১৪,৫৯,৯০৮ টা স্মার্ট মিটাৰ জয়পুৰৰ হাই প্রিণ্ট মিটাৰিঙে যোগান ধৰিব ১৪,৯১,৪১১ টা স্মার্ট মিটাৰ আদানি ট্রান্সমিছনে যোগান ধৰিব ৭,৭৩,০৭২ টা স্মার্ট মিটাৰ দিল্লীৰ অপ্রভা এনার্জীয়ে যোগান ধৰিব ৬,৯৩,০৭৭ টা স্মার্ট মিটাৰ জানি আচৰিত হ’ব যে এই ৬৮,৫৮,৪৪৬ টা স্মার্ট মিটাৰৰ সংযোগৰ বিনিময়ত প্রদান কৰা হৈছে ৫ হাজাৰ কোটিৰো অধিক টকাৰ ঠিকা। অন্যহাতে দিল্লীৰ অপ্রভা এনার্জীয়ে লাভ কৰিছে সৰ্বমুঠ ৬৫৮.৫৩ কোটিৰ ঠিকা জয়পুৰৰ জেনাছ পাৱাৰে লাভ কৰিছে ১৪৪২.১৮ কোটিৰ ঠিকা জয়পুৰৰ হাই প্রিন্ট মিটাৰিঙে লাভ কৰিছে ১৪১১.৭৮ কোটিৰ ঠিকা আদানি ট্রান্সমিছনে লাভ কৰিছে ৮৪৪.৭৬ কোটিৰ ঠিকা চাৰিটা প্রতিষ্ঠানক স্মার্ট মিটাৰ যোগানৰ বাবদ মুঠ ৪৩৫৭.২৫ কোটিৰ ঠিকা। ইফালে, সর্বাধিক ২১ লাখ ৪০ হাজাৰ স্মার্ট মিটাৰৰ ঠিকা লাভ কৰা দিল্লীৰ ইনটেলিস্মার্ট ইনফ্রাস্ট্রাকচাৰে কিমান টকাৰ ঠিকা লাভ কৰিছে সেই তথ্য চৰকাৰী ৱেবচাইটত উপলব্ধ নহয়। কিন্তু পাৱাৰ লাইন শীৰ্ষক ৱেবচাইটৰ বাতৰি অনুসৰি, প্ৰথম দুটা পেকেজত প্রায় ৬ লাখ স্মার্ট মিটাৰ সংযোগৰ বাবে ইনটেলিস্মার্ট ইনফ্রাস্টাকচাৰে ৫০০ কোটি টকাৰ ঠিকা এপিডিচিএলৰ পৰা লাভ কৰিছে। ইয়াৰ পাছত একেটা প্রতিষ্ঠানেই আন ১৫ লাখ ২০ হাজাৰ ৮৭৮ টা স্মার্ট মিটাৰ যোগানৰো ঠিকা লাভ কৰিছে। গতিকে নিশ্চয় দিল্লীৰ এইটো প্রতিষ্ঠানে ১ হাজাৰ কোটিতকৈও অধিক টকাৰ ঠিকা লাভ কৰিছে। ইদৰে স্মার্ট মিটাৰ সংযোগৰ নামত ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে ৫ হাজাৰ কোটিতকৈও অধিক ধন। কিন্তু তাৰ পাছত জনতাই সকাহ লাভ কৰাৰ সলনি ৰাজ্যৰ সকলো প্ৰান্তৰ পৰাই উত্থাপণ হৈছে স্মার্ট মিটাৰে লুণ্ঠন চলোৱাৰ অভিযোগ।

৭) ৰাইজৰ দলৰ দাবী

ৰাইজৰ দলেও দাবী উত্থাপন কৰিছে এই লুণ্ঠনকাৰী স্মার্ট মিটাৰ সংযোগ তেতিয়ালৈকে বন্ধ ৰাখক যেতিয়ালৈকে ৰাইজে বিশ্বাস আৰু আস্থা ল’ব নোৱাৰে। ৰাইজৰ অনুমতি অবিহনে স্মার্ট মিটাৰ সংযোগ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰাইজৰ মতৰ বিপৰীতে গৈ কেৱল মাত্ৰ লুণ্ঠনৰ স্বাৰ্থত এনে হঠকাৰী সিদ্ধান্তৰ পৰা চৰকাৰক আতৰি থাকিবলৈ ৰাইজৰ দলে দাবী উত্থাপন কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd