• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ আৰু উচ্ছেদিত দুয়ো পক্ষৰে হিংসাত্মক কাৰ্যক গৰিহণা ৰাইজৰ দলৰ

বেদখলমুক্ত জনজাতীয় অঞ্চল নহয়, সাম্প্ৰদায়িক উত্তেজনাৰে ৰাজনৈতিক সুযোগ গ্ৰহণ কৰাটোহে হিমন্ত বাহিনীৰ উদ্দেশ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 13, 2024 9:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ৰাইজৰ দলৰ সম্পাদক জয়ন্ত কুমাৰ দাস, প্ৰদীপ বৰুৱাৰ নেতৃত্বত এটা প্ৰতিনিধি দল আৰু আজি পুনৰ সম্পাদক  আশ্ৰাফুল ইছলাম, মনিৰুজ জামানৰ নেতৃত্বত এটা প্ৰতিনিধি দলে  সোণাপুৰ কচুতলিৰ উচ্ছেদিত লোকসকলৰ মাজত উপস্থিত হৈ উচ্ছেদৰ নামত হোৱা ভয়াৱহ পৰিস্থিতিৰ বুজ লয়।

তেওঁলোকে উচ্ছেদৰ নামত চৰকাৰে চলোৱা হত্যাযজ্ঞৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে  উচ্ছেদিত সকলকো আইন হাতত তুলি নল‘বলৈ আহ্বান জনায়।

Apply Now

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াইও উচ্ছেদৰ নামত চৰকাৰী যন্ত্ৰই হত্যালীলা সংঘটিত কৰাক তীব্ৰ ভাষাৰে নিন্দা কৰে।

একেসময়তে উচ্ছেদিত সকলকো আইন হাতত তুলি নলব‘লৈ আহ্বান জনাইছে ৰাইজৰ দলে। ৰাইজৰ দলে উল্লেখ কৰে এই উচ্ছেদ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ স্বাৰ্থৰক্ষাৰ বাবে নহয়, বৰঞ্চ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। সাম্প্ৰদায়িক ৰাজনীতিত সিদ্ধহস্ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে চৰকাৰৰ বিফলতা আৰু তেওঁলোকৰ মন্ত্ৰী বিধায়ক তথা মুখ্যমন্ত্ৰী পৰিয়ালৰ ব্যাপক দুৰ্নীতিৰ কথা তল পেলাবলৈয়ে সময়ে সময়ে এনেবোৰ নাটক ৰচনা কৰি আহিছে।

উল্লেখ্য যে জনজাতিৰ বাবে সংৰক্ষিত এলেকা বেদখলমুক্ত কৰাৰ ব্যৱস্থা কৰা ৰাইজৰ দলৰ এক অন্যতম প্ৰধান দাবী । ৰাইজৰ দলৰ আত্মাস্বৰূপ ‘অসমৰ জাতীয় কৰ্মসূচী‘ ত স্পষ্টকৈ অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ ভূমিপুত্ৰ তথা খিলঞ্জীয়া সকলৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰৰ বিষয়সমূহ।

ৰাইজৰ দলে উল্লেখ কৰে যে চৰকাৰে সদিচ্ছা দেখুৱাই বহিৰাগত বণিকগোষ্ঠীয়ে বিভিন্ন কূট কৌশলেৰে ভূমিপুত্ৰ সকলৰ পৰা হস্তগত কৰা হাজাৰ হাজাৰ বিঘা জনজাতীয় ভূমি মুক্ত কৰক। কিন্তু  সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ স্বাৰ্থতেই বান-গৰাখহনীয়া পীড়িত দৰিদ্ৰ ভূমিহীন লোকক টাৰ্গেট কৰি ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি মিত্ৰজোটৰ চৰকাৰে ধাৰাবাহিকভাৱে অমানৱীয় উচ্ছেদৰ কাৰ্যসূচী চলাৱাতো কোনোপধ্যেই মানি ল‘ব নোৱাৰি।

 ৰাইজৰ দলে প্ৰশ্ন কৰে চৰকাৰী যন্ত্ৰই প্ৰচাৰ কৰা ধৰণে যদি উচ্ছেদিত সকল  অবৈধ বিদেশী নাগৰিক তেন্তে এতিয়ালৈকে চিনাক্তকৰণ কৰি বিতাড়ন কৰাত কিয় ব্যৰ্থ হৈছে তথাকথিত ডাবল ইঞ্জিনৰ চৰকাৰ?  ৰাইজৰ দলে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ পিছত অহা হিন্দু, মুছলমান বা যিকোনো জাতি, ধৰ্মৰ লোককে বিতাড়নৰ দাবী জনাই আহিছে। 

সেয়ে ৰাইজৰ দলে দাবী জনাই যে যদিহে বেদখলকাৰী সকল অবৈধ নাগৰিক, অতিশীঘ্ৰে ন্যায়িক প্ৰক্ৰিয়াৰে বিতাড়নৰ ব্যৱস্থা কৰক আৰু যদি বৈধ ভাৰতীয় নাগৰিক উপযুক্ত ক্ষতিপূৰণ দি সংস্থাপনৰ ব্যৱস্থা কৰক।

 

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd