• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডাক্তৰক আকৌ হাৰাশাস্তি! চিকিৎসকে জোতা খুলিবলৈ কোৱাত ৰোগীৰ পৰিয়ালৰ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2024 5:29 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

জৰুৰীকালীন বিভাগত প্ৰৱেশ কৰাৰ আগতে জোতা খুলিবলৈ ক’লে। সেই ‘অপৰাধ’ৰ বাবে ৰোগীৰ পৰিয়ালে চিকিৎসকক আক্ৰমণ কৰে! গুজৰাটৰ ভৱনগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা।

আহত চিকিৎসকগৰাকীয়ে জনোৱা মতে, যোৱা ১২ ছেপ্টেম্বৰত এগৰাকী যুৱতীয়ে মূৰত আঘাত পাই ভৱনগৰৰ ছিহাৰ অঞ্চলৰ চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগলৈ গৈছিল। লগত তিনিজন মানুহ আছিল। জৰুৰীকালীন বিভাগতো প্ৰৱেশ কৰে। তেতিয়া কৰ্তব্যৰত ডাক্তৰে জোতা খুলিবলৈ ক’লে। কথা-বতৰা আৰম্ভ হ’ল। সেই যুক্তি অৱশেষত কাজিয়ালৈ পৰিণত হয়। আনকি চিকিৎসকক হত্যা কৰাৰ ভাবুকিও দিয়ে।

শনিবাৰে গ্ৰেপ্তাৰ কৰে তিনিওজন অভিযুক্তক। চিকিৎসক আৰু নাৰ্ছক হাৰাশাস্তি কৰাৰ উপৰিও চিকিৎসালয়ৰ বিভিন্ন সা-সৰঞ্জাম ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

প্ৰসংগক্ৰমে, ৯ আগষ্টত কলকাতাত আৰ জিয়ে এগৰাকী চিকিৎসকক ধৰ্ষণ-হত্যা সংঘটিত কৰা ঘটনাক লৈ এতিয়াও সমগ্ৰ দেশ অস্থিৰ হৈ পৰিছে। কৰ্মক্ষেত্ৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তত বাৰে বাৰে ডাক্তৰ হাৰাশাস্তিৰ ঘটনাই বিতৰ্কক ইন্ধন যোগাইছে।

Recent News

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd