• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশত শিক্ষাৰ্থীৰ মাজত বিপন্ন গিবন সংৰক্ষণ বিষয়ক সজাগতা সৃষ্টি  

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 21, 2024 11:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে নামদফা ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ সহযোগত আৰু এৰকাছ ফাউণ্ডেশ্যনৰ সমৰ্থনত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ চৌপাশৰ অঞ্চলসমূহত হলৌ গিবন সংৰক্ষণ শিক্ষা আৰু সজাগতা বিষয়ক এলানি কাৰ্যসূচী অনুষ্ঠিত কৰিছে ।  

চলিত বৰ্ষৰ ২২ আগষ্টত চাংলাং জিলাৰ মিয়াও উচ্চ প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰা তথা অৰুণাচল প্ৰদেশত প্ৰথমাবাৰৰ বাবে হাতত লোৱা এই কাৰ্যসূচীয়ে ইতিমধ্যে মিয়াও মহকুমাৰ উচ্চ প্ৰাথমিকৰ পৰা হাইস্কুল পৰ্যন্ত মুঠ ১৭ খন বিদ্যালয়ক সামৰি লৈছে ।  
আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ চৌপাশৰ এলেকাৰ শিক্ষাৰ্থীসকলক গিবন সংৰক্ষণৰ প্ৰতি অনুপ্ৰাণিত কৰা চেষ্টা কৰা হৈছে ।
এই কাৰ্যসূচীৰ অংশহিচাপে দৃশ্য্-শ্ৰব্য উপস্থাপনসহ বক্তৃতা দিয়াৰ লগতে তথ্যচিত্ৰ, ছবি প্ৰদৰ্শন, মত-বিনিময় আৰু কিতাপ, পোষ্টাৰ আৰু ষ্টিকাৰ বিতৰণ কৰা হয় ।  
এই বিদ্যালয় ভিত্তিক সজাগতা কাৰ্যসূচীৰ বাবে আৰণ্যকক কৃতজ্ঞতা জনাই নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক, আই এফ এছ, ভি কে জাৱালে এই কাৰ্যসূচীয়ে ৰাজ্যখনত গিবন সংৰক্ষণৰ বৃহত্তৰ উদ্দেশ্য পূৰণত অৰিহণা যোগাব বুলি মন্তব্য কৰে । তেওঁ লগতে কয় যে গিবন অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰাণী আৰু বিপন্নপ্ৰায় এই প্ৰজাতিটোৰ সুৰক্ষা আৰু সংৰক্ষণ নিশ্চিত কৰাটো সকলো নাগৰিকৰে কৰ্তব্য । এই কাৰ্যসূচীয়ে পৰোক্ষ্যভাৱে ব্যাঘ্ৰ সংৰক্ষণতো সহায় কৰিব বুলিও জাৱালে কয় ।
আৰণ্যকৰ জ্যেষ্ঠ প্ৰাইমেট’ল’জিষ্ট তথা ইয়াৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মূৰব্বী আৰু আই ইউ চি এন প্ৰাইমেট বিশেষজ্ঞ গোট (দক্ষিণ এছিয়া)ৰ উপাধ্যক্ষ ড: দিলীপ চেত্ৰীয়ে প্ৰকাশ কৰে যে পশ্চিমীয়া হলৌ গিবনেই হৈছে ভাৰতত পোৱা আৰু মানুহৰ সৈতে জিনীয়ভাৱে নিকটৱৰ্তী একমাত্ৰ বানৰ প্ৰজাতি । তেওঁ লগতে কয় যে ভাৰতৰ উত্তৰ পূৱৰ সাতখন ৰাজ্যত পোৱা এই বিপন্ন, বৃক্ষাশ্ৰয়ী, ফলভোজী বানৰ প্ৰজাতিটোৰ বিচৰণথলী ব্ৰহ্মপুত্ৰ-ডিবাং নদী প্ৰণালীৰ দক্ষিণ অঞ্চলতে সীমাবদ্ধ ।  
প্ৰায় ২২০০ বৰ্গ কিলোমিটাৰ ব্যাপি থকা নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল গিবনৰ মূল বিচৰণভূমি। ড: চেত্ৰীয়ে বিচৰণ ভূমি হ্ৰাস, খণ্ড-বিখণ্ড হোৱা আৰু চিকাৰে গিবনৰ প্ৰতি সৃষ্টি কৰা গুৰুতৰ ভাবুকিৰ ওপৰত আলোকপাত কৰে । এই কাৰ্যসূচীয়ে গিবন সংৰক্ষণৰ চেষ্টাক শক্তিশালী কৰাই নহয়, নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহৰ সামগ্ৰিক জৈৱ বৈচিত্ৰ্য সংৰক্ষণতো সহায় কৰিব বুলি ড: চেত্ৰীয়ে আশা প্ৰকাশ কৰে আৰু কয় যে ভৱিষ্যতে এই কাৰ্যসূচী চাংলাং জিলাৰ প্ৰায়বোৰ এলেকালৈ সমান্তৰালকৈ সম্প্ৰসাৰিত কৰা হ’ব ।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd