• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত ৪.২৫ লাখ কোটি টকাৰ বিবাহ! চলিত বৰ্ষৰ শেষৰ পিনে প্ৰায় ডেৰ মাহতে ব্যয় হ’ব এই টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2024 9:05 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আম্বানি পৰিয়ালৰ অনন্ত-ৰাধিকাৰ বিয়াৰ স্মৃতি এতিয়া ম্লান পৰিছে। আম্বানী পৰিয়ালৰ বিয়াত পাঁচ হাজাৰ কোটি টকা খৰচ কৰাৰ চৰ্চাও এতিয়া আৰু নাই। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত ৪.২৫ লাখ কোটি টকা খৰচ হ’ব কেৱল বিয়াৰ বাবে।

ভাৰতত বিয়া আৰু ইয়াৰ আনুষংগিক অনুষ্ঠানৰ খৰচ অৰ্থনীতিৰ এক ডাঙৰ অংশ। এটা সংস্থাই এই বিবাহ সমীক্ষা চলায়। ইয়াৰ নাম বেণ্ড বাজা ভাৰত এণ্ড মাৰ্কেটিং। সেই সমীক্ষাৰ প্ৰতিবেদন অনুসৰি অহা নৱেম্বৰৰ পৰা ডিচেম্বৰৰ মাজভাগলৈকে ভাৰতত প্ৰায় ৩৫ লাখ বিবাহ হ’ব। আৰু সেই সকলোবোৰ বিয়াৰ মুঠ খৰচ প্ৰায় ৪.২৫ লাখ কোটি টকা।

লগতে পঢ়কঃ Knee Pain Remedy: অসহ্য আঁঠুৰ বিষ? ঘৰত থকা এই ৪ টা বস্তুৱে এসপ্তাহতে দিব সকাহ

Apply Now

ডিচেম্বৰৰ মাজভাগলৈ আঘোণ মাহ। তাৰ পিছত পুহ। হিন্দু ধৰ্মৰ মতে পুহ মাহত কোনো বিবাহ নহয়। অত্যধিক শীতকালৰ পৰা হাত সাৰিবলৈ বহুতে নৱেম্বৰ-ডিচেম্বৰ মাহত বিয়াৰ দিন বিচাৰে। সমীক্ষকসকসকলৰ মতে, উৎসৱৰ ঠিক পিছতেই বিয়াৰ বতৰ আৰম্ভ হয়। এই সময়ছোৱাত অৰ্থনীতি শক্তিশালী হয়। শ্বেয়াৰ বজাৰতো উত্থান ঘটে।

উৎসৱ ভাৰতৰ অৰ্থনীতিৰ মূল ভেটি। বিবাহ ইয়াৰ এটা অংশ। বিবাহৰ দৰে অনুষ্ঠানত বিভিন্ন ধৰণৰ ব্যৱসায়ীৰ পকেটত টকা সোমায়। কেৱল নৱেম্বৰ-ডিচেম্বৰ মাহতে নহয়, ভাৰতত গোটেই বছৰটোতে বিবাহৰ বজাৰ চলি থাকে।

অল ইণ্ডিয়া বিজনেছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুলাইলৈ ভাৰতত ৪২ লাখ বিবাহ অনুষ্ঠিত হৈছে। আৰু এই সকলো বিবাহৰ বাবে চাৰে পাঁচ লাখ কোটি টকা খৰচ হৈছে। এইটো বছৰৰ আৰম্ভণিৰ কেইটামান মাহৰ হিচাপ। আৰু বছৰৰ শেষৰ ডেৰ মাহৰ ভিতৰত ভাৰতত প্ৰায় ৩৫ লাখ বিবাহ হ’ব। তাত ৪.২৫ লাখ কোটি টকা ব্যয় কৰা হ’ব।

লগতে পঢ়কঃভাৰতলৈ ইলিছ মাছ ৰপ্তানিত থকা নিষেধাজ্ঞা আঁতৰালে বাংলাদেশে; দুৰ্গা পূজাৰ সময়ত ৩০০০টন মৎস্য পঠিয়াবলৈ অনুমোদন

সমীক্ষাৰ প্ৰতিবেদন অনুসৰি গড়ে প্ৰতি বিয়াৰ যি খৰচ সেয়া বহু বেছি। ইমান খৰছ কৰি ভাৰতত কিমান মানুহে বিয়া পাতিছে? এই বিষয়েও সমীক্ষকসকলে বুজাই দিছে। তেওঁলোকে দাবী কৰে যে সমাজৰ সকলো স্তৰৰ লোকৰ ওপৰত এক সমীক্ষা কৰা হৈছে। উচ্চ আৰু মধ্যবিত্ত শ্ৰেণীৰ বহু লোকে এতিয়া ডেষ্টিনেশ্যন ওৱেডিংৰ পিনে ঢাল খাইছে। গতিকে খৰচ বাঢ়িছে। বিদেশৰ পৰা অহা বহু লোকেও ডেষ্টিনেশ্যন ওৱেডিংৰ নামত ভাৰতত বিয়া পাতিছে। সকলো মিলাইয়ে হিচাপ কৰা হৈছে। অসমৰ চুমি আৰু তাৰ্কিকৰ বিয়াখনো এই হিচাপত অন্তৰ্ভুক্ত।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd