• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অশ্বিন-জাদেজাৰ স্পীন ঘূৰ্ণীত ধৰাশায়ী বাংলাদেশ; প্ৰথম টেষ্টৰ চতুৰ্থ দিনৰ আৰম্ভণিতে জয় সাৱ্যস্ত ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2024 1:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজয়ৰ বাবে আছিল মাথোঁ সময়ৰ অপেক্ষা। মাত্ৰ কিমান সময় লাগিব সেইটোহে চাবলগীয়া আছিল। চতুৰ্থ দিনৰ আৰম্ভণিতে টেষ্ট জয় কৰিলে ৰোহিত বাহিনীয়ে। বাংলাদেশৰ অধিনায়ক শান্তৰ দুৰ্দান্ত যুঁজৰ পাছতো মাত্ৰ ২৩৪ ৰানত স্তব্ধ হৈ পৰে ভ্ৰমণকাৰী দলটো।

অশ্বিনে আকৌ এবাৰ মেজিক দেখুৱালে। তেওঁৰ ৬ উইকেটৰ সৌজন্যত প্ৰথম ছেছনৰ পূৰ্বেই চেন্নাই টেষ্টৰ অন্ত পৰে। ৰবীন্দ্ৰ জাদেজাইও ৩টা উইকেট দখল কৰে। বেটিং কৰাৰ পিছত দুই তাৰকাই বলিঙতো সফল হয়। খেলখনত ভাৰতে ২৮০ ৰানত জয়লাভ কৰে।

পুৱাৰে পৰা চেন্নাইত আকাশ আছিল ডাৱৰীয়া। আগদিনা পোহৰ কম হোৱাৰ বাবে খেলখন সোনকালে শেষ কৰিব লগা হৈছিল। আজি পুৱা ভাৰতৰ হৈ মহম্মদ ছিৰাজ আৰু যশপ্ৰীত বুমৰাহে বলিং আক্ৰমণত নামিছিল। অৱশ্যে তেওঁলোকক চম্ভালিছিল বাংলাদেশৰ বেটছমেন দুগৰাকীয়ে। অৱশেষত ৰোহিতে এটা মূৰৰ পৰা জাদেজাক নমালে। চতুৰ্থ দিনা পিটচত বলটোৱে ডাঙৰ টাৰ্ণ লৈছে। তাৰ পিছত আহিল অশ্বিন। ৰাতিপুৱা যিমানেই প্ৰতিৰোধ নহওক কিয়, সেইটো অশ্বিনৰ স্পিনৰ ঘূৰ্ণীত হেৰাই গ’ল।

Apply Now

খেলখন বচাব পৰাটো অসম্ভৱ বুলি জানিও ৰাতিপুৱা শান্তো আৰু চাকিবে যুঁজ অব্যাহত ৰাখিছিল। কিন্তু অশ্বিন অহাৰ লগে লগে আকৌ ওলাই পৰিল বাংলাদেশৰ বেটিঙৰ স্বৰূপ। পেচাৰসকলে বিশেষ সহায় নাপালে যদিও চতুৰ্থ দিনৰ পিটচত বলটোৱে ব্যাপক টাৰ্ণ লৈছিল। অশ্বিন-জাদেজাই তাৰ সুযোগ লয়।

অশ্বিনৰ বলত যশস্বীৰ হাতত কেচ দি ছাকিবে ২৫ ৰান সংগ্ৰহ কৰি উভতি যায়। ইয়াৰ পিছত এটা মূৰে শান্তো থিয় হৈ থাকিল। আৰু বিপৰীত দিশত আন বেটছমেনসকল অহা-যোৱা কৰি থাকিল। লিটন দাস, মেহদি হাছান, তাস্কিন কোনোৱে টিকিব নোৱাৰিলে। অকলে যুঁজ দিছিল যদিও শেষত জাদেজাৰ বলত কেচ দি শান্তো উভতি গ’ল।

অশ্বিনে ৬ টা উইকেট দখল কৰে। জাদেজাই ৩টা উইকেট লাভ কৰে। ভাৰতে ১-০ ব্যৱধানত ছিৰিজত অগ্ৰগতি লাভ কৰে। গৌতম গম্ভীৰেও প্ৰশিক্ষক হিচাপে প্ৰথম টেষ্টত জয়লাভ কৰে। ইয়াৰ পূৰ্বে তৃতীয় দিনৰ শেষত বাংলাদেশৰ ৰান আছিল ১৫৮ ৰান আৰু ৪টা উইকেট হেৰুৱাইছিল। জাকিৰ হাছান আৰু ছাদমান ইছলামৰ অপেনিং যুটিয়ে ৬২ ৰান সংগ্ৰহ কৰে। বুমৰাহে সেই যুটী ভাঙি পেলায়। অৱশ্যে যশস্বীয়ে বাওঁফালে জপিয়াই যিদৰে কেচটো লৈছিল, তেওঁৱো কৃতিত্বৰ যোগ্য। ইয়াৰ পিছত অশ্বিনৰ যাদু আৰম্ভ হ’ল। সোনকালে উভতি যায় মমিনুল হক, মুছফিকুৰ ৰহিম। অশ্বিনৰ ঘূৰ্ণীৰ পৰা ছাদমানো বাচিব নোৱাৰিলে।

চেন্নাই টেষ্টৰ প্ৰথম দিনটোত কিছুসময়ৰ বাহিৰে ভাৰতৰ কবলত আছিল। প্ৰথম ইনিংছত শতক অৰ্জন কৰে অশ্বিনে। পিছত বুমৰাহৰ দমনীয় প্ৰদৰ্শনেৰে বাংলাদেশৰ ইনিংছ মাত্ৰ ১৪৯ ৰানত স্তব্ধ হৈ পৰে। দ্বিতীয় ইনিংছত শুভমন গিল আৰু ঋষভ পণ্টে শতক অৰ্জন কৰে।

 টেষ্ট ক্ৰিকেটলৈ উভতি অহাৰ লগে লগে পণ্টে শতক অৰ্জন কৰে। তেওঁ ১০৯ ৰান সংগ্ৰহ কৰে। আনহাতে, প্ৰথম ইনিংছৰ ব্যৰ্থতা অতিক্ৰম কৰি গিলে অপৰাজিত ১১৯ ৰান সংগ্ৰহ কৰে। কে এল ৰাহুলে ২২ ৰানেৰে অপৰাজিত হৈ থাকে। ভাৰতে ৪টা উইকেট হেৰুৱাই ২৮৭ ৰান সংগ্ৰহ কৰাৰ সময়ত অধিনায়ক ৰোহিতে ইনিংছ ঘোষণা কৰে। ইমান বিশাল ৰান অতিক্ৰম যে অসম্ভৱ সেয়া নিশ্চিতই আছিল। অৱশেষত চতুৰ্থ দিনটোত বাংলাদেশক পৰাজিত কৰিলে ভাৰতে।

সংক্ষিপ্ত স্কোৰঃ

প্ৰথম ইনিংছ

ভাৰতঃ ৩৭৬ (অশ্বিন ১১৩, জাদেজা ৮৬, হাছান ৮৩/৫)

বাংলাদেশঃ ১৪৯ (ছাকিব ৩২, মেহেদ ২৭, বুমৰাহ ৫০/৪)

দ্বিতীয় ইনিংছ

ভাৰতঃ ২৮৭/৪ (ঘোষিত) (শুভমন ১১৯, ঋষভ ১০৯, মেহদী ১০৩/২)

বাংলাদেশঃ ২৩৪ (শান্তো ৮৩, ছাদমান ৩৫, অশ্বিন ৮৮/৬) 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd