• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

বৃক্কৰ কৰ্কটৰোগ : ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
October 2, 2024 7:00 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আপোনালোকক বৃক্ক বা কিডনীৰ কৰ্কটৰোগৰ বিষয়ে জনাবলৈ ওলাইছোঁ। দেহৰ আন অংগৰ দৰে বৃক্ক বা কিডনীও কৰ্কটৰোগত আক্ৰান্ত হয়। বৃক্ক হৈছে আমাৰ দেহৰ পেটৰ নিম্নাংশৰ সোঁ আৰু বাওঁফালে থকা বীন (ৰাজমাহৰ দৰে) আকাৰৰ দুটি গ্ৰন্থি৷ কিডনী বা বৃক্কই দেহৰ বহু গুৰুত্বপূৰ্ণ কাম সম্পাদিত কৰে। যেনে আমাৰ দেহৰ তেজ পৰিশোধন কৰা,ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ হ’ৰমন প্ৰস্তুত কৰা,পটাছিয়াম আৰু ইলেক্ট্ৰ’লাইটবোৰৰ পৰিমাণ নিয়মিত কৰি ৰখা,হাড় মজবুত কৰি ৰখা ইত্যাদি। আৰু দেহৰ এই ইমান গুৰুত্বপূৰ্ণ অংগটো কৰ্কটৰোগত আক্ৰান্ত হ’লে কি হয়,কি চিকিৎসা কৰা যায় আদিৰ বিষয়ে আজিৰ এই লেখা৷

বীন (ৰাজমাহৰ দৰে) আকাৰৰ দুটি গ্ৰন্থি  কৰ্কটৰোগৰ কিছু বংশগত বা জিনগত কাৰণ থাকে।

Apply Now

১) ভন হিপ্পেল লিণ্ডাও,

২) হেৰিয়েডিটেৰি পেপিলেৰি আৰ চি চি,

৩) ফেমিলিয়েল লেইময়মেটাছিছ আৰু আৰ চি চি।

৪) বাৰ্ট হগ ডিউৱে।

 আৰু বৃক্কৰ কৰ্কটৰোগৰ কাৰক আৰু কিছু আছে। তেনে কেইবিধমান কাৰক হৈছে-

১) ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ কৰ

২) মেদবহুলতা

৩) উচ্চ ৰক্তচাপ।

এইবোৰ কাৰক থাকিলে বৃক্কৰ কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এতিয়া আহিছোঁ এই ৰোগৰ মূল লক্ষণসমূহলৈ। তেনে কেইবিধমান লক্ষণ হৈছে-

১) পিঠিৰ তলভাগৰ পৰা হোৱা বিষ,

২) প্ৰস্ৰাৱত তেজ যোৱা,

৩) পেটত টেমুনা উঠা,

৪) হাড়ৰ বিষ,

৫) লসিকা গ্ৰন্থিৰ প্ৰদাহ,

৬) একেলেঠাৰিয়ে হৈ থকা কাহ,

৭) খাদ্যনলীৰ ওপৰ অংশত হোৱা ৰক্তক্ষৰণ,

৮) এনিমিয়া,

৯) জ্বৰ ইত্যাদি।

এই লক্ষণসমূহে দেখা দিলে শীঘ্ৰেই বিভাগীয় চিকিৎসকৰ ওচৰ চাপক। চিকিৎসকে চাই প্ৰয়োজন সাপেক্ষে নিম্নোক্ত পৰীক্ষাসমূহ কৰিবলৈ দিব পাৰে-

১) চি টি স্কেনঃ-প্ৰথম অৱস্থাত ৰোগীক আলট্ৰাচ’ন’গ্ৰাফী কৰিবলৈ দিয়া হয় আৰু তাৰপিছত চি টি স্কেন কৰি ৰোগৰ উপস্থিতি নিশ্চিত কৰা হয়।

২) চি টি এঞ্জিঅ’গ্ৰাফী,

৩) এম আৰ আইঃ-ৰোগীগৰাকীৰ বৃক্কই সুচাৰুৰূপে কাম কৰি নেথাকিলে,চি টি স্কেনৰ দৰৱৰ প্ৰতি এলাৰ্জিক হ’লে,অথবা গৰ্ভাৱস্থাত এম আৰ আই কৰা হয়। ৰেট্ৰ’পেৰিট’নিয়েল লসিকা গ্ৰন্থিক আৰু অধিক ভালকৈ নিৰীক্ষণৰ বাবেও এম আৰ আই কৰা হয়।

৪) গতানুগতিক বুকুৰ এক্সৰে,চি টি স্কেন,এম আৰ আই আৰু এল এফ টিৰ জড়িয়তে পেট আৰু তলপেট অংশৰ পুংখানুপুংখ পৰীক্ষণ।

৫) বুকুৰ চি টি স্কেন।

৬) হাড়ৰ স্কেন,

৭) মগজুৰ চি টি স্কেন বা এম আৰ আই,

৮) সমগ্ৰ শৰীৰৰ পেট স্কেন।

  এইসমূহ পৰীক্ষণৰ শেষত যেতিয়া ৰোগ ধৰা পৰে,তেতিয়া ৰোগৰ স্তৰ অনুসৰি ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। বৃক্কৰ কৰ্কটৰোগৰো চাৰিটা স্তৰ থাকে।

১) প্ৰথম স্তৰঃ- যেতিয়া কিডনী বা বৃক্কৰ কৰ্কটৰোগজনিত টিউমাৰ ৭ চে মি ব্যাসাৰ্দ্ধৰ ভিতৰত থাকে আৰু কিডনীৰ ভিতৰতেই থাকে।

২) দ্বিতীয় স্তৰঃ-বৃক্কৰ ভিতৰৰ টিউমাৰ ৭ চে মি ব্যাসাৰ্দ্ধতকৈ অধিক হয় আৰু কিডনীৰ ভিতৰতেই সীমাবদ্ধ হৈ থাকে।

৩) তৃতীয় স্তৰঃ-বৃক্কৰ কৰ্কটৰোগজনিত টিউমাৰ মুখ্য সিৰা আৰু এড্ৰিনেল গ্ৰন্থিৰ লগতে জেৰ’টাজ ফেচিয়া অংশ অথবা কোনো এক স্থানীয় লসিকা গ্ৰন্থিতো বিয়পি পৰে।

৪) চতুৰ্থ স্তৰঃ-এই স্তৰত কৰ্কটৰোগজনিত টিউমাৰ জেৰ’টাজ ফেচিয়াৰ উৰ্দ্ধত,ডিষ্টেন্ট মেটাষ্টেটিছ অথবা কোনো এক লসিকা গ্ৰন্থি আক্ৰান্ত হয়।

  এতিয়া আহিছোঁ এই কৰ্কটৰোগৰ স্তৰ অনুযায়ী তাৰ চিকিৎসা পদ্ধতিলৈঃ-

ক) প্ৰথম স্তৰঃ-ৰেডিকেল নেফ্ৰ’ক্টমী,(এইবিধ অস্ত্ৰোপচাৰত এটা কৰ্কট ৰোগ আক্ৰান্ত কিডনী বা বৃক্ক সম্পূৰ্ণৰূপে দেহৰ পৰা গুচাই দিয়া হয়। তিনি ধৰণে এই অস্ত্ৰোপচাৰ হয়-অপেন নেফ্ৰ’ক্টমী,লেপাৰস্ক’পিক নেফ্ৰ’ক্টমী আৰু ৰ’ব’টিক নেফ্ৰ’ক্টমী। অপেন নেফ্ৰ’ক্টমীতকৈ লেপাৰস্ক’পিক কিম্বা ৰ’ব’টিক নেফ’ক্টমীত বিষ বা কটা-চিঙা কম হোৱাৰ লগতে সুস্থ হৈ উঠাৰ প্ৰক্ৰিয়াও সোনকাল হয়।)ট’টেল নেফ্ৰ’ক্ট’মী,পাৰ্চিয়েল নেফ্ৰ’ক্টমী(এইবিধ অস্ত্ৰোপচাৰত আক্ৰান্ত বৃক্কটোৰ এক অংশ হে কাটি পেলোৱা হয়,বাকীখিনি অংশই ইয়াৰ কাৰ্যকৰীতা অব্যাহত ৰাখিব পাৰে,সেয়ে যিমান পাৰি চিকিৎসকে পাৰ্চিয়েল নেফ্ৰ’ক্টমী কৰিবলৈ চেষ্টা কৰে।),চিম্প’ল নেফ্ৰ’ক্টমী-(অস্ত্ৰোপচাৰ)। লগতে ক্ৰায়’থেৰাপী,থাৰ্মেল এব্লেচন,ষ্টেৰিঅ’টেকটিক এব্লেটিভ ব’ডী ৰেডিয়েচন থেৰাপী।

খ) দ্বিতীয় স্তৰঃ-পাৰ্চিয়েল নেফ্ৰ’ক্টমী(নিৰ্বাচিত ৰোগীৰ ক্ষেত্ৰত),ৰেডিকেল নেফ্ৰ’ক্ট’মী,এডজুভেন্ট পেমব্ৰ’লিজুলাম্ব প্ৰক্ৰিয়াৰ পিছত ৰেডিকেল নেফ্ৰ’ক্টমী(অধিক শংকা থকা ৰোগীৰ ক্ষেত্ৰত)।

গ) তৃতীয় স্তৰঃ-ৰেডিকেল নেফ্ৰ’ক্টমী,প্ৰি-অপাৰেটিভ এম্ব’লাইজেচন আৰু ৰেডিকেল নেফ্ৰ’ক্টমী,পেমব্ৰ’লিজুলাম্ব বা চুনিটিনিবৰ লগত এডজুভান্ট চিষ্টেমিক থেৰাপীৰ পিছত ৰেডিকেল নেফ্ৰ’ক্টমী।

ঘ) চতুৰ্থ স্তৰঃ-এই স্তৰত চাইট’ৰিডাক্টিভ নেফ্ৰ’ক্টমী(অস্ত্ৰোপচাৰ)কৰা হয়। ইয়াৰ ফলত ৰোগীৰ বিষ,ৰক্তক্ষৰণ আৰু  পেৰান’প্লাষ্টিক চিন্দ্ৰ’ম হ’ব পাৰে। ইয়াৰ লগতে চতুৰ্থ স্তৰত ৰোগীক আৰু কেইবাবিধো থেৰাপীও প্ৰদান কৰিব পাৰি। যেনেঃ-

১) টাৰ্গেটেড থেৰাপীঃ-এই থেৰাপীৰ কিছু দৰৱৰ নাম হৈছে-চুনিটিনিব,চ’ৰাফেনিব,পাজ’পানিব,এক্সিটিনিব,টেম’চিৰ’লিমাছ,এভাৰ’লিমাছ,বেভাচিজুকাম্ব।

লগতে বৃক্কৰ চতুৰ্থ স্তৰৰ কৰ্কটৰোগত আন আন কিছু দৰৱৰো প্ৰয়োগ কৰা হয়। যেনে-আইপিলিমুমাব প্লাছ নিভ’লুমাব,পেমব্ৰ’লিজুমাব প্লাছ লেনভেটিনিব,পেমব্ৰ’লিজুমাব প্লাছ এক্সিটিনিব,নিভ’লুমাব প্লাছ কেব’জেন্টিনিব,কেব’জেন্টিনিব।

কিছুমান বৃক্কৰ টিউমাৰে টিউমাৰ থ্ৰম্ব’ছ(সিৰাত তেজ গোট মৰা)ৰো সৃষ্টি কৰে। অস্ত্ৰোপচাৰৰ সময়ত এই থ্ৰম্ব’ছো গুছাই দিয়া হয়। কেতিয়াবাএই টিউমাৰ থ্ৰ’ম্বছ হৃদযন্ত্ৰ পৰ্যন্ত বিয়পি পৰে। তেতিয়া বৃক্কৰ অস্ত্ৰোপচাৰৰ লগতে হৃদযন্ত্ৰৰো বাইপাছ অস্ত্ৰোপচাৰ কৰিব লগা হয়। এই টিউমাৰ থ্ৰম্ব’ছৰ লক্ষণ কেইটামান হৈছেঃ-

১) ভৰিৰ তলৰ অংশ ফুলা,

২) হঠাৎ উশাহ লোৱাত কষ্ট হোৱা,

৩) পেটৰ ছালৰ সিৰা ডাঙৰ আৰু স্পষ্ট হোৱা।

   এইখিনি আছিলে,বৃক্কৰ কৰ্কটৰোগ সম্পৰ্কে কিছু তথ্য। যদিহে আপুনিও এনে কোনো লক্ষণৰ সন্মুখীন হৈছে,তেন্তে অনতিপলমে চিকিৎসকৰ কাষ চাপক।

ডাঃ বিক্ৰম কুমাৰ ডেকা
(কৰ্কট ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd