বিশ্বৰ ধনী দেশসমূহৰ আটাইতকৈ দৰিদ্ৰ ১০ শতাংশ লোকৰ আয়ো ভাৰতৰ শীৰ্ষ ১০ শতাংশ ধনী দেশৰ তুলনাত অধিক। ২০২৬ চনৰ বাবে বিশ্ব বেংকৰ ‘দৰিদ্ৰতা আৰু অসমতাৰ প্লেটফৰ্মৰ’ৰ তুলনামূলক অধ্যয়নৰ পৰাই এনে চাঞ্চল্যকৰ তথ্য ওলাই আহিছে। সৰ্ব ভাৰতীয় সংবাদ মাধ্যমৰ পৰাও একে পৰিসংখ্যা পোৱা গৈছে।
প্ৰতিবেদন অনুসৰি দেশৰ আটাইতকৈ দৰিদ্ৰ ১০ শতাংশ লোকৰ দৈনিক আয় বা ব্যয় প্ৰতিজন ব্যক্তিৰ বাবে প্ৰায় ৩ ডলাৰ। আনহাতে, আমেৰিকাত এই আৰ্থিক আয় বা ব্যয়ৰ পৰিসংখ্যা ২৫ ডলাৰ, কানাডাত ৩১ ডলাৰ আৰু জাৰ্মানী আৰু অষ্ট্ৰেলিয়াত ২৮ ডলাৰ।
প্ৰকাশিত পৰিসংখ্যাই আয়ৰ গাঁথনিৰ ছবিখন স্পষ্টকৈ দেখুৱাইছে। তাৰ পৰাই জনা যায় যে ভাৰতৰ শীৰ্ষ ১০ শতাংশ ধনী লোকৰ দৈনিক সৰ্বোচ্চ আয় বা ব্যয় প্ৰতিজন ব্যক্তিৰ বাবে প্ৰায় ১০ ডলাৰ। আনহাতে, আমেৰিকাত ১৭৩ ডলাৰ, কানাডা আৰু অষ্ট্ৰেলিয়াত ১২৯ ডলাৰ আৰু জাৰ্মানীত ১২৮ ডলাৰ।
অৰ্থাৎ পৰিসংখ্যাই প্ৰমাণ কৰে যে ভাৰতৰ আটাইতকৈ ধনী পৰিয়ালবোৰৰ জীৱন ধাৰণৰ মানদণ্ডও উন্নত দেশৰ দুখীয়া পৰিয়ালতকৈ নিম্ন।
বিশেষজ্ঞসকলৰ মতে কেৱল সম্পদৰ বৈষম্য হ্ৰাস কৰাটোৱেই যথেষ্ট নহয়। দেশখনে স্থায়ী সমৃদ্ধি লাভ কৰিবলৈ হ’লে সামগ্ৰিকভাৱে জনসাধাৰণৰ আয় আৰু উৎপাদনশীলতা বৃদ্ধি পাব লাগিব।
ইয়াৰ বাবে সহজে ব্যৱসায় কৰাৰ সুযোগ সৃষ্টি, কৰ গাঁথনি যুক্তিসংগত কৰা আৰু অপ্ৰয়োজনীয় আইনী জটিলতা হ্ৰাস কৰাটো প্ৰয়োজনীয়, যাতে নতুন উদ্ভাৱন আৰু কৰ্মসংস্থানৰ সৃষ্টি হ’ব পাৰে।





