• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইল-ইৰাণ সংঘাত; ভয়াবহ যুদ্ধৰ সংকেত! কোনখন দেশ কাৰ পক্ষত আছে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2024 1:41 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইল আৰু হিজবুল্লাহৰ মাজত চলি থকা সংঘাতৰ মাত্ৰা অহৰহ বৃদ্ধি পাইছে। যোৱা ১ অক্টোবৰত ইৰাণে প্ৰায় ২০০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ইজৰাইলক আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ পিছত আমেৰিকাই মুকলিকৈ ইজৰাইলক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে। অনাগত দিনত এই পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলিয়েই আশংকা কৰা হৈছে।

ইজৰাইল আৰু হামাছৰ মাজত বিগত এবছৰ ধৰি যুদ্ধ চলি আছে। ফলত গাজা আৰু পশ্চিম পাৰত ৪০ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

ইজৰাইলে যোৱা কিছুদিন ধৰি হিজবুল্লাহক লক্ষ্য কৰি আক্ৰমণ আৰম্ভ কৰিছে। ইজৰাইলে হিজবুল্লাহৰ ঘাটিক লক্ষ্য কৰি স্থলপথেৰেও লেবাননত আক্ৰমণ চলাইছে। এই ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতক লৈ আৰব দেশৰ লগতে বিশ্বৰ বহু দেশ স্পষ্টভাৱে বিভক্ত হৈ পৰিছে।

প্ৰায় দুমাহ পূৰ্বে ইৰাণৰ ৰাজধানী তেহৰাণত হামাছৰ মুৰব্বী ইছমাইল হানিয়েক হত্যা কৰা হৈছিল। তেওঁ আশীৰ দশকৰ পৰা হামাছৰ নেতা আছিল।

সংগঠনটোৱে ২৮ ছেপ্টেম্বৰত ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহ নেতা হাছান নাছৰল্লাহৰ মৃত্যু হোৱাটো নিশ্চিত কৰে। তেতিয়াৰ পৰাই মধ্যপ্ৰাচ্যৰ সংঘাত অধিক ভয়াৱহ হৈ পৰিছে।

লেবাননত হিজবুল্লাহৰ আত্মগোপন স্থানত ইজৰাইলে বিমান আক্ৰমণ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে তেওঁলোকে হিজবুল্লাহৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিছে।

ইছমাইল হানিয়েৰ মৃত্যুৰ পিছত ইৰাণৰ পৰা কোনো তাৎক্ষণিক সামৰিক সঁহাৰি পোৱা নাছিল যদিও ১ অক্টোবৰত ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই মধ্যপ্ৰাচ্যৰ সংঘাত আৰু অধিক তীব্ৰতৰ কৰি তোলে।

ইৰাণে ইজৰাইলৰ বিৰুদ্ধে বৃহৎ মুছলমান দেশসমূহক একত্ৰিত কৰিব বিচাৰিছে। ইতিমধ্যে ইৰাণে প্ৰধান মুছলমান দেশসমূহক দেশখনৰ সৈতে বাণিজ্যিক সম্পৰ্ক বন্ধ কৰিবলৈ আহ্বান জনাইছে।

আনহাতে আমেৰিকা, ব্ৰিটেইন, জাৰ্মানীৰ দৰে দেশ ইজৰাইলৰ কাষত থিয় দিছে। কেৱল সেয়াই নহয়, এই যুদ্ধত তেওঁলোকক সহায়ো কৰিছে।

ইজৰাইলত শেহতীয়াকৈ সংঘটিত হোৱা আক্ৰমণৰ পিছত নেদাৰলেণ্ডৰ ৰাজনীতিবিদ আৰু সংসদ সদস্যসকলে ছ’চিয়েল মিডিয়া এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনেইৰ বিৰুদ্ধে মাত মতা দেখা গৈছে।

আৰব দেশসমূহ কাৰ পক্ষত?

আৰব বিশ্বৰ চুন্নী মুছলমান সংখ্যাগৰিষ্ঠ দেশসমূহে ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহ নেতা হাছান নাছৰল্লাহক হত্যা কৰাটো ৰাজহুৱাভাৱে গৰিহণা দিয়া নাই যদিও লেবাননৰ সাৰ্বভৌমত্বৰ বাবে মাত মাতিছে।

একাংশ আৰব দেশে সংঘাতৰ সন্দৰ্ভত মৌনতা অৱলম্বন কৰাৰ বিপৰীতে কিছুমানে লেবানন-ইজৰাইল সীমান্তত তাৎক্ষণিকভাৱে যুদ্ধবিৰতিৰ আহ্বান জনাইছে।

এই সন্দৰ্ভত দেশবোৰে কি কৈছে?

চৌদি আৰব

প্ৰায় চাৰি মাহ পূৰ্বে ৰাফাহ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ মাৰাত্মক আক্ৰমণৰ পিছত ছৌদি আৰবে কয় যে ইজৰাইলে পেলেষ্টাইনৰ অস্তিত্ব মানি ল’ব লাগিব। সেই সময়ত চৌদি আৰৱৰ এই বক্তব্যক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছিল।

হাছান নছৰল্লাহৰ মৃত্যুৰ পিছত যোৱা সপ্তাহত চুন্নী নেতৃত্বাধীন চৌদি আৰবে এক বিবৃতি প্ৰকাশ কৰি লেবাননত যি হৈ আছে সেয়া গভীৰ চিন্তাৰ বিষয় বুলি কয়। সেই বিবৃতিত ছৌদি আৰবে লেবাননৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ কথাও উল্লেখ কৰিছে। অৱশ্যে হাছান নছৰল্লাহৰ কোনো উল্লেখ কৰা নাই।

বিশেষজ্ঞসকলৰ মতে ছৌদি নেতৃত্বই উপলব্ধি কৰিছে যে যদি তেওঁলোকে পেলেষ্টাইনৰ যুদ্ধক পিঠি দিয়ে তেন্তে ইয়াৰ প্ৰভাৱ মধ্যপ্ৰাচ্য আৰু বিশ্বজুৰি তেওঁলোকৰ ভাবমূৰ্তিত পৰিব।

মক্কা আৰু মদিনাৰ বাবেই ছৌদি আৰব মুছলমানসকলৰ পবিত্ৰ স্থানত পৰিণত হৈছে। প্ৰতি বছৰে লাখ লাখ মুছলমানে হজ কৰিবলৈ চৌদি আৰৱলৈ যায়।

ইছলামিক সহযোগিতা সংস্থা বা অ’আইচিৰ মুখ্য কাৰ্যালয়ো চৌদি আৰৱত অৱস্থিত। অ’আইচিক চৌদি আৰৱ নেতৃত্বাধীন সংগঠন বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত চৌদি আৰৱৰ নমনীয় মনোভাৱে দেশখনৰ ভাবমূর্তিৰ ক্ষতি কৰিব পাৰে৷

সংযুক্ত আৰব আমিৰশ্বাহী

হাছান নছৰল্লাহৰ মৃত্যু আৰু ইয়াৰ পিছত হোৱা পৰিণতিৰ সন্দৰ্ভত চুন্নী নেতৃত্বাধীন ইউ এ ইয়ে মৌনতা অৱলম্বন কৰিছে। ইউ এ ইৰ লগতে কাটাৰ আৰু বাহৰেইনও এই বিষয়ত মৌনতা অৱলম্বন কৰিছে।

অৱশ্যে উপসাগৰীয় ছখন ৰাষ্ট্ৰ- বাহৰেইন, ওমান, কাটাৰ, চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী আৰু কুৱেইটেৰে গঠিত ‘গালফ ক’অপাৰেচন কাউন্সিল’ বা জিচিচিয়ে লেবাননৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু স্থিতিশীলতাক সমৰ্থন কৰি এক বিবৃতি প্ৰকাশ কৰে। লেবানন-ইজৰাইল সীমান্তত শীঘ্ৰে যুদ্ধবিৰতিৰ আহ্বান জনাইছে জিচিচিয়ে।

বিবৃতিটোত লেবানন চৰকাৰৰ অনুমতি অবিহনে কোনো ধৰণৰ অস্ত্ৰ ৰাখিব নালাগে বুলি উল্লেখ কৰে। একে সময়তে উল্লেখ কৰা হৈছে যে লেবানন আন কোনো দেশৰ প্ৰশাসনৰ অধীনত থাকিব নালাগে।

ইজৰাইল-পেলেষ্টাইন সংঘাতত কোন কাৰ পক্ষত?

কাটাৰ

মধ্যপ্ৰাচ্যৰ সংঘাতৰ বিষয়ে সকলো পক্ষৰ সৈতে আলোচনা কৰি এই সংঘাত বন্ধ কৰাৰ পক্ষত আছে কাটাৰ। অৱশ্যে সেই দেশৰ ইজৰাইলৰ সৈতে কোনো আনুষ্ঠানিক সম্পৰ্ক নাই।

মিচৰ

হিজবুল্লাহ নেতা হাছান নছৰল্লাহৰ মৃত্যুৰ পিছত ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিয়ে লেবাননৰ প্ৰধানমন্ত্ৰী নাজিব মিকাটিৰ সৈতে টেলিফোনযোগে কথা পাতিছিল। সেই আলোচনাৰ সময়ত হাছান নাছৰল্লাহৰ নাম উল্লেখ নকৰাকৈয়ে ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিচিয়ে কয় যে ইজিপ্ত লেবাননৰ সাৰ্বভৌমত্ব উলংঘাৰ বিৰোধী।

তেওঁলোকৰ বিৰুদ্ধে ইজিপ্তৰ স্থিতি ইৰাণৰ প্ৰক্সি আৰু নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। অৱশ্যে ইৰাণৰ সৈতে ‘অনুষ্ঠানিক’ আলোচনাত মিলিত হোৱা দেখা গৈছে।

হাছান নছৰল্লাহৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিচিয়ে কয় যে সংঘাতৰ বাবে অঞ্চলটোৰ পৰিস্থিতি অতি ভয়াৱহ। ইজিপ্তৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইজিপ্তই যিকোনো মূল্যৰ বিনিময়ত অঞ্চলটোৰ স্থিতিশীলতা আৰু নিৰাপত্তা নিশ্চিত কৰিব বিচাৰে।

জৰ্ডান

জৰ্ডানে পশ্চিম পাৰৰ সৈতে আৰব সীমান্ত ভাগ কৰি ৰাখিছে আৰু ইয়াত বৃহৎ সংখ্যক পেলেষ্টাইনী শৰণাৰ্থীক আতিথ্য দিয়া হৈছে।

ইজৰাইল গঠন হোৱাৰ সময়ত জনসাধাৰণৰ এক বৃহৎ অংশ জৰ্ডানলৈ পলায়ন কৰিছিল। জৰ্ডানে এই পেলেষ্টাইনীসকলৰ কাষত থিয় দিছিল আৰু ‘দ্বিৰাষ্ট্ৰ’ নীতিৰ পোষকতা কৰিছিল।

১৯৯৪ চনত জৰ্ডান আৰু ইজৰাইলে শান্তি চুক্তি স্বাক্ষৰ কৰে য’ত জৰ্ডানে ইজৰাইলক স্বীকৃতি দিয়ে।

যোৱা এপ্ৰিল মাহত জৰ্ডানে আমেৰিকা আৰু ব্ৰিটেইনৰ সমান্তৰালভাৱে ইৰাণৰ ড্ৰ’ন আৰু মিছাইলৰ পৰা ইজৰাইলক ৰক্ষা কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰা দেখা গৈছিল।

অৱশ্যে জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাই এক বিবৃতিত কয় যে তেওঁলোকে ইজৰাইলক সহায় কৰিবলৈ নহয়, নিজৰ দেশ ৰক্ষাৰ অংশ হিচাপে ইৰাণৰ ড্ৰ’নখন গুলীয়াই ভূপতিত কৰিছিল।

তুৰস্ক

১৯৪৯ চনৰ পৰাই তুৰস্ক আৰু ইজৰাইলৰ কূটনৈতিক সম্পৰ্ক আছে। ইজৰাইলক স্বীকৃতি দিয়া প্ৰথমখন মুছলমান সংখ্যাগৰিষ্ঠ দেশ তুৰস্ক।

কিন্তু ২০০২ চনৰ পৰা তুৰস্ক আৰু ইজৰাইলৰ মাজৰ সম্পৰ্কত উত্থান-পতন দেখা গৈছে। পেলেষ্টাইন বিষয়ত তুৰস্কই সদায় ইজৰাইলৰ বিৰোধিতা কৰি আহিছে আৰু তেওঁলোকৰ প্ৰতি আক্ৰমণাত্মক মনোভাৱ দেখুৱাই আহিছে।

ভাৰত কাৰ পক্ষত?

ইজৰাইল-ইৰাণৰ সংঘাতৰ মাজতে ভাৰতে দুয়োখন দেশত বসবাস কৰা নাগৰিকসকলৰ বাবে পৰামৰ্শমূলক বিবৃতি প্ৰকাশ কৰিছে। এই সংঘাতৰ বিষয়ত শান্তিপূৰ্ণ সমাধানৰ পক্ষত ভাৰত।

প্ৰসংগক্ৰমে ১৯৮৮ চনত পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়া প্ৰথম দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। কিন্তু শেহতীয়া বছৰবোৰত মধ্যপ্ৰাচ্যৰ পৰিস্থিতিয়ে ভাৰত কোনো এখন দেশৰ প্ৰতি সমৰ্থন দিয়াটো স্পষ্টকৈ দেখা পোৱা নাই।

যোৱা মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গাজা আৰু পশ্চিম তীৰ ইজৰাইলে দখল বন্ধ কৰাৰ আহ্বান জনাই এটা প্ৰস্তাৱ উত্থাপন কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় অৰ্থাৎ আইচিজেৰ পৰামৰ্শ অনুসৰি এই প্ৰস্তাৱ অনা হৈছিল। ১৯৩ জনীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ১২৪খন সদস্য ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। ১৪ খন দেশে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে। ভাৰতকে ধৰি ৪৩খন দেশে ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়।

ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাক সামৰি ব্ৰিকছৰ ভিতৰত ভাৰত একমাত্ৰ দেশ যিয়ে ভোটদানৰ পৰা বিৰত থাকে।

পাকিস্তানে কাক সমৰ্থন কৰে?

আমেৰিকা, ফিজি, হাংগেৰী, আৰ্জেণ্টিনা আদি ১৪খন দেশে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে। আনহাতে পাকিস্তান, চীন, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, মালয়েছিয়া আৰু ৰাছিয়াই এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোটদানক ৰাষ্ট্ৰসংঘত পেলেষ্টাইনৰ ৰাষ্ট্ৰদূত ৰিয়াদ মনছুৰে “স্বাধীনতা আৰু ন্যায়ৰ সংগ্ৰাম”ৰ এক “টাৰ্নিং পইণ্ট” বুলি অভিহিত কৰে। আনহাতে, ইজৰাইলৰ ৰাষ্ট্ৰদূত ডেনি ডেননে এই ভোটদানক লজ্জাজনক সিদ্ধান্ত বুলি অভিহিত কৰে।

হিজবুল্লাহ নেতা হাছান নছৰল্লাহৰ মৃত্যুৰ পিছত পাকিস্তানৰ জনসাধাৰণে ইজৰাইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰতৰ কাশ্মীৰ আৰু লক্ষ্ণৌতো প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে।

২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত বৃহৎ পৰিকল্পিত আক্ৰমণ চলায়। সেই আক্ৰমণত প্ৰায় ১২০০ ইজৰাইলী নিহত হৈছিল। ইয়াৰ পিছতে ইজৰাইলে গাজাত সামৰিক অভিযান আৰম্ভ কৰে। ইজৰাইলৰ আক্ৰমণত এতিয়ালৈকে গাজা আৰু পশ্চিম পাৰত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে।

হিজবুল্লাহৰ ঠিকনাক লক্ষ্য কৰি ইজৰাইলৰ আক্ৰমণত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। সংঘাত বিয়পি পৰাৰ লগে লগে পৰিস্থিতি ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে।

তথ্য সূত্ৰঃ বিবিচি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd