ঘূৰি নহাৰ বাটেৰে গ’লগৈ টাটা গ্ৰুপৰ সৰ্বেসৰ্বা ৰতন টাটা। বুধবাৰে নিশা টাটাৰ মৃত্যু হয়। উদ্যোগীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিবলৈ টুইটাৰত যোগদান কৰে উদ্যোগপতি হৰ্ষ গোৱেংকাই।
যোৱা সোমবাৰে পুৱা হঠাৎ খবৰ বিয়পি পৰে যে ৰতন টাটাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। কিন্তু কিছু সময়ৰ পাছত তেওঁ নিজেই এটা ছ’চিয়েল পোষ্টত ক’লে যে এয়া ভুল খবৰ। কিন্তু বুধবাৰে কেইবাটাও সংবাদ মাধ্যমত ৰতন টাটাক চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগতে তেওঁৰ অৱস্থাৰ অৱনতি ঘটা বুলি দাবী কৰে।
পূৰ্বে জনা গৈছিল যে ৰতন টাটা স্বাভাৱিক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ গৈছিল। কিন্তু বুধবাৰে বিয়লি সমগ্ৰ ভাৰতবৰ্ষৰ একাধিক সংবাদ মাধ্যমৰ বাতৰিয়ে ৰতন টাটাৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি দাবী কৰে। প্ৰথমে শুনা গৈছিল যে তেওঁৰ ৰক্তচাপ হঠাতে কমি অহাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে।
উদ্যোগপতি হৰ্ষ গোৱেংকাই টুইটাৰযোগে মৃত্যুৰ কথা ঘোষণা কৰে। জনা যায় যে ৰতন টাটাৰ বয়স আছিল ৮৬ বছৰ। কিছুদিন তেওঁ অসুস্থ হৈ আছিল। এই কাৰণে নিয়মীয়াকৈ চেকআপ কৰিব লগা হৈছিল।
প্ৰসংগক্ৰমে যোৱা সোমবাৰৰ খবৰ অনুসৰি ৰতন টাটাক সংকটজনক অৱস্থাত নিশা ১২:৩০ বজাৰ পৰা পুৱা ১ বজাৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ উপৰিও প্ৰকাশ পাইছে, বিখ্যাত হৃদৰোগ বিশেষজ্ঞ ডা. আস্পি গোলৱালাৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছিল টাটা। কিন্তু ৰতন টাটাই নিজেই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰি কয় যে এই খবৰ ভুল।
সূত্ৰ অনুসৰি, ৰতন টাটাই শেষ মুহূৰ্তলৈকে তেওঁৰ অসুস্থতাৰ খবৰ বিয়পিব বিচৰা নাছিল। সেই ক্ষেত্ৰত তেওঁ টাটা গোটৰ একাধিক সংস্থাৰ কৰ্মচাৰীৰ কামত প্ৰভাৱ পৰিব পাৰে বুলিও উদ্বেগ প্ৰকাশ কৰিছিল।





