• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিসংগ,অসহায় হৈ পৰিছে একালৰ হিমন্ত বিগ্ৰেডৰ উঠিৰজা-বহিৰজা পল্লৱলোচন! উপ-নিৰ্বাচনৰ প্ৰাৰ্থী পেনেলত নাম নাই নেতাজনৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 15, 2024 3:13 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত সমাগত উপ-নিৰ্বাচন৷ ইতিমধ্যে অসমৰ ৫টা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে৷উল্লেখ্য যে অসমৰ বিহালী,চামগুৰি,ধলাই,চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে৷

এই নিৰ্বাচনত বিজেপিয়ে মিত্ৰজোটঁৰ সৈতে সন্মিলিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ অসমৰ আঞ্চলিক সংবাদপত্ৰ ‘অসমীয়া প্ৰতিদিন’ত প্ৰকাশ কৰা বাতৰি অনুসৰি বিজেপিয়ে চিদলী সমষ্টি ইউ পি পি এল আৰু বঙাইগাঁও সমষ্টি অসম গণ পৰিষদক এৰি দিয়াৰ বিপৰীতে বিহালী, ধলাই আৰু চামগুৰি বিধানসভা সমষ্টিত পদুম ফুলৰ চিহ্নত বিজেপিৰ প্রার্থী থিয় কৰোৱাৰ বাবে অগ্রসৰ হৈছে। সেই অনুসৰি পৰহি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত বিজেপিৰ ৰাজ্যিক নির্বাচন সমিতিৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে বিজেপিয়ে বিহালী, ধলাই আৰু চামগুৰি সমষ্টিৰ উপ-নির্বাচনৰ বাবে প্রার্থী পেনেল প্রস্তুত কৰি কেন্দ্রীয় নেতৃত্বলৈ প্রেৰণ কৰিছে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সংসদীয় পৰিষদৰ সদস্য সর্বানন্দ সোনোৱাল, ৰাজ্যিক সভাপতি ভৱেশ কলিতা আদিৰ উপস্থিতিত অনুষ্ঠিত নির্বাচন সমিতিৰ বৈঠকে চামগুৰিৰ বাবে দুজনীয়া আৰু বিহালী-ধলাইব বাবে তিনিজনীয়া প্রার্থী পেনেল প্রস্তুত কৰা বুলি জানিব পৰা গৈছে।

Apply Now

কিন্তু লক্ষণীয়ভাবে বিহালী বিধানসভা সমষ্টিৰ অন্যতম দাবীদাৰ তথা শোণিতপুৰ সমষ্টিৰ প্রাক্তন সাংসদ পল্লৱলোচন দাসৰ নাম বিজেপিৰ প্রার্থী পেনেলত নায়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ পল্লৱলোচন দাসে বিহালীৰ উপ-নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি বিধায়ক নির্বাচিত হৈ অসম মন্ত্রীসভাত অন্তর্ভুক্ত হোৱাৰ পৰিকল্পনা কৰিছিল যদিও পৰহি বিজেপিৰ ৰাজ্যিক নির্বাচনী সমিতিয়ে বিহালী সমষ্টিৰ প্রার্থী পেনেলত পল্লৱলোচনৰ নামে অন্তর্ভুক্ত নকৰাত তেওঁৰ মন্ত্রী হোৱাৰ স্বপ্ন ভংগ হোৱাটো নিশ্চিত হৈ পৰিছে।

সংবাদপত্ৰখনত প্ৰকাশিত হোৱা অনুসৰি শোণিতপুৰৰ বর্তমানৰ সাংসদ তথা বিহালীৰ প্রাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত কুমাৰ দত্তৰ প্রচণ্ড বিৰোধিতাৰ বাবেই পল্লৱলোচন দাসক বিজেপিৰ নেতৃত্বই বিহালীৰ উপ-নির্বাচনত প্রার্থিত্ব প্রদানব পৰা বিৰত থাকিবলৈ বাধ্য হয়৷

মুখ্যমন্ত্রীৰ অত্যন্ত ঘনিষ্ঠ হোৱা সত্বেও উপ-নির্বাচনত পল্লৱলোচন দাস প্রার্থিত্বৰ ক্ষেত্ৰত এনেদৰে বিমুখ হোৱাটো ৰাজনৈতিকভাৱে তাৎপর্যপূর্ণ বিবেচিত হৈছে। জানিব পৰামতে বিহালী সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিজেপিয়ে যুগুত কৰা তিনিজনীয়া প্রার্থী পেনেলত দিগন্ত ঘাটোৱাৰ, সুমন শর্মা, অসীম কুমাৰ দাসৰ নাম অন্তর্ভুক্ত হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd