দেওবাৰে পুৱা দিল্লীৰ প্ৰশান্ত বিহাৰ অঞ্চলত এক বিস্ফোৰণে জোকাৰি যায়। চি আৰ পি এফ স্কুলৰ সন্মুখত বোমা বিস্ফোৰণ সংঘটিত হয়। এই খবৰ পোৱাৰ পাছতে অঞ্চলটোত উপস্থিত হয় বোমা স্কোয়াড আৰু আৰক্ষীৰ দল। এই ঘটনাত এতিয়ালৈকে কোনো লোক আহত বা হতাহতিৰ খবৰ পোৱা নাই।
আৰক্ষীৰ সূত্ৰ অনুসৰি আজি পুৱা প্ৰায় ৭:৫০ বজাত পিচিআৰ কলত বোমা বিস্ফোৰণৰ খবৰ লাভ কৰে। লগে লগে দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। বিদ্যালয়খনৰ পিছফালৰ বেৰৰ ফালে বিস্ফোৰণ ঘটে। জানিব পৰা মতে, অঞ্চলটোত জ্বলা-পোৰাৰ গোন্ধ আৰু দেৱালৰ ক্ষতিৰ বাহিৰে আন কোনো লোকৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই। কিন্তু বিস্ফোৰণৰ তীব্ৰতাৰ বাবে দোকানখনৰ গ্লাছ আৰু বিদ্যালয়খনৰ কাষতে থিয় হৈ থকা গাড়ী ভাঙি যোৱাৰ খবৰ পোৱা গৈছে।
ঘটনাৰ পাছতে অঞ্চলটোৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ দেওবাৰে বিদ্যালয় বন্ধ থাকে। কিন্তু ব্যস্ততাৰ দিনত যদি এনেকুৱা হ’লহেঁতেন তেন্তে কি হ’ব? সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে।