ইতিহাস ৰচনা কৰিলে ডিব্ৰুগড়ৰ অপেক্ষা হাস্পাতালে। সফলভাবে বৃক্ক সংৰোপণ কৰি স্বাস্থ্যখণ্ডত অগ্ৰগতি লাভ কৰিছে অপেক্ষা হাস্পাতালে।
২০২৪ চনৰ ১ অক্টোবৰত অপেক্ষা হাস্পাতালত সম্পন্ন কৰা এই অস্ত্ৰোপচাৰক এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে।
জানিব পৰা মতে, বাহিৰৰ চিকিৎসালয়ত বৃক্ক সংৰোপন কৰিলে যিমান টকা খৰচ হয়, তাতকৈ বহু কম খৰছতে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে ডিব্ৰুগড়ৰ অপেক্ষা হাস্পাতালে। এই অস্ত্ৰোপচাৰত ডিব্ৰুগড়ৰ চিকিৎসক সকলৰ লগত দিল্লীৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটায়ো সহযোগ কৰে।
প্ৰখ্যাত বৃক্কৰোগ বিশেষজ্ঞ ডাঃ দিব্য জ্যোতি কলিতাৰ নেতৃত্বত ডাঃ নন্দিতা জয়ৱাল, ডাঃ আনন্দ জৈন, ডাঃ মৃদু প্লাৱন বৰা, ডাঃ ছফদাৰ হায়াত হুছেইন, ডাঃ বিকাশ কুমাৰকে ধৰি একাধিক দক্ষ চিকিৎসকে এই অস্ত্ৰোপচাৰত সহযোগ কৰে।
উল্লেখ্য যে এই সফল বৃক্ক সংৰোপণৰ পিছত ভৱিষ্যতে ডিব্ৰুগড় উন্নত চিকিৎসা সেৱাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলৈ গৈ আছে বুলি দাবী কৰিছে চিকিৎসক সকলে।