• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উইলত পোহনীয়া জন্তু, ৰান্ধনী-সহায়কৰো নাম; সম্পত্তিৰ অংশীদাৰ হিচাপে কাৰ কাৰ নাম লিখিছে ৰতন টাটাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2024 11:02 am
22k
VIEWS
Share on FacebookShare on Twitter

যোৱা ৯ অক্টোবৰত কিছুদিন অসুস্থতাৰ অন্তত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান ঘটে। বাৰ্ধক্যজনিত কাৰণত তাৰ পূৰ্বৰ কেইদিনমান ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। দেশৰ উদ্যোগিক আৰু ৰাজনৈতিক মহলে টাটাৰ মৃত্যুত শোকতপ্ত। দেশৰ বিশিষ্ট ব্যক্তিসকলে তেওঁৰ বিষয়ে স্মৰণ কৰিছে। শিল্প জগতত মহীৰুহৰ মৃত্যুৰ পিছৰে পৰা কৌতুহল আছিল, তেওঁৰ বিশাল সম্পত্তিৰ কি হ’ব?

এইবাৰ তেওঁৰ উইলৰ তথ্য পোহৰলৈ আহিল। সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৰতন টাটাই তেওঁৰ উইলত তেওঁৰ প্ৰিয় পোহনীয়া জন্তু জাৰ্মান শ্বেফাৰ্ড টিটোৰ কথা উল্লেখ কৰিছে। ইয়াত কি কোৱা হৈছে? জনা যায় যে টিটোৰ সীমাহীন যত্নৰ যাতে কোনো অভাৱ নহয় সেইকথা তেওঁ তাত উল্লেখ কৰিছে।

লগতে পঢ়কঃ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী বাবে ভাৰতৰ দল ঘোষণা, বাদ পৰিল ছামী; কোনে কোনে পালে সুযোগ?

কিন্তু কেবল টিটোৰ কথাইনে? মুঠেও নহয়। মৰমৰ পোহনীয়া জন্তুটোৰ লগতে টাটাই ভাৱিছে বহুদিনীয়া সংগীসকলৰ কথা। তেওঁৰ অনুপস্থিতিত তেওঁৰ লগত থকাসকলৰ কি হ’ব? সেই কথা মনত ৰাখিয়েই তেওঁৰ শেষ বয়সৰ সংগী তথা প্ৰিয় বন্ধু শান্তনু নাইডুক সম্পত্তিৰ অংশীদাৰ হিচাপে নাম ৰাখিছে। সহায়ক আৰু ৰান্ধনীৰ কথাও লিখিছে।

অনুমান কৰা হৈছে যে টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ সম্পত্তিৰ মূল্য কমেও ১০ হাজাৰ কোটি টকা। জানিব পৰা মতে, উইলখনত ভাতৃ জিমি টাটা, সতীয়া ভগ্নী শ্বিৰিন আৰু ডিয়ানাৰ কথাও উল্লেখ আছে।

পাঁচ-ছয় বছৰ পূৰ্বে ৰতন টাটাৰ সংগী হৈছিল তেওঁৰ পোহনীয়া জন্তু টিটো। তেতিয়াৰ পৰা টিটোৰ চোৱাচিতা কৰে ৰান্ধনি ৰাজনে। আনহাতে, উইলত প্ৰায় তিনিটা দশকৰ সংগী, পৰিচাৰক চুব্বিয়াৰ কথাও কৈ গৈছে । নাইডুৰ ষ্টাৰ্টআপ ‘গুডফেলোছ’ত যেনেকৈ নিজৰ অংশ এৰি দিছে, তেনেকৈ শান্তনুৰ বিদেশত পঢ়াৰ সকলো খৰচ নিজৰ অংশৰ পৰাই পৰিশোধ কৰিছে।

লগতে পঢ়কঃ ইৰাণৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰম্ভ ইজৰাইলৰ; তেহৰাণৰ সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰৰ বৰ্ষণ

টাটা ছন্সৰ অংশীদাৰিত্বৰ পৰা উপাৰ্জন কৰা ধনৰ অধিকাংশই দাতব্য কামত দান কৰিছিল ৰতন টাটাই। ইয়াৰ উপৰিও তেওঁৰ অলা, পেটিএমৰ দৰে কোম্পানীত বিনিয়োগ আছিল। তেওঁৰ সংগ্ৰহত কেইবাখনো বিলাসী গাড়ী আছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে টাটা নেনো। যিটো আছিল তেওঁৰ মস্তিস্কপ্ৰসূত। ইয়াৰ উপৰিও আছে টাটা নেক্সন, মাৰ্চিডিজ বেঞ্জ, লেণ্ড ৰভাৰ, কেডিলাক, চেভ্ৰলেট, হোণ্ডা চিভিক আদি। তেওঁ  জীৱনত শিক্ষা, স্বাস্থ্য, গ্ৰামোন্নয়ন আৰু সামাজিক খণ্ডত কমেও ৯ হাজাৰ কোটি টকা দান কৰিছে।

Recent News

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd