• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈৰ মুক্তিৰ দাবীত দীঘলী পুখুৰীৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 12, 2024 8:13 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছবি-কবিতা-সংগীতলৈ ভয় কৰে শাসনাধীন বিজেপি চৰকাৰে। চৰকাৰৰ জনবিৰোধী বা প্ৰকৃতিবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে কোনোবাই হাতত কলম বা ৰং তুলিকা ল’লেই ধৰফৰাবলৈ আৰম্ভ কৰে চৰকাৰখনে। আৰু চিধাই নিক্ষেপ কৰে পোতাশাললৈ।

উৰণ সেতু নিৰ্মাণৰ নামত দীঘলী পুখুৰীৰ পাৰৰ আৰু ভৰলুমুখৰ পুৰণিকলীয়া গছবোৰ কাটি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। সেই সিদ্ধান্তৰ বিৰুদ্ধেই ওলাই আহিছিল অসমৰ শিল্পী-সাহিত্যিক সমাজৰ লগতে গুৱাহাটীৰ প্ৰকৃতিপ্ৰেমী সকল। চৰকাৰৰ এই প্ৰকৃতিবিৰোধী সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ হাতত ৰং তুলিকা লৈ এখন ছবি আঁকিছিল যুৱ চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে এখন ছবি অংকন কৰি চৰকাৰক গছবোৰ নাকাটিবলৈ আহ্বান জনাইছিল মাৰ্শ্বেল বৰুৱাই। সেয়াই আছিল অপৰাধ। অপৰাধৰ শাস্তি – জামিনবিহীন গোচৰ আৰু চিধাই বন্দীশাল।

দেওবাৰে পুৱতি নিশা অসম আৰক্ষীয়ে ধৰি লৈ যায় মাৰ্শ্বেল বৰুৱা আৰু মাৰ্শ্বেলৰ সতীৰ্থ অংকুমান বৰদলৈ আৰু কিশোৰ বৰুৱাক। দেওবাৰে গোটেই দিনটো ভৰলুমুখ থানাতে বন্দী কৰি ৰাখে তিনিওকে। আৰক্ষীয়ে কিশোৰ বৰুৱাক সেইদিনাই এৰি দিয়ে যদিও মাৰ্শ্বেল আৰু অংকুমানক থানাতে বন্দী কৰি থয় আৰু সোমবাৰে পুৱা ভাৰতীয় ন্যায় সংহিতাৰ ৮৯(২)/১৮৯(৩)/১৯২/ ২২৪/২৭০/৩৫১(৩)/৩৫২/৩৫৩(২) আৰু ৩পিডিপিপি ধাৰাত গোচৰত ৰুজু কৰি গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ইয়াৰে ৩৫১(৩) ধাৰা হৈছে হত্যাৰ ষড়যন্ত্ৰৰ আৰু ৩পিডিপিপি ধাৰা হৈছে ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰ। দুইটাই জামিনবিহীন ধাৰা।

Apply Now

এই অন্যায় আৰু আক্ৰোশমূলক শাস্তিক ধিক্কাৰ জনোৱাৰ লগতে মাৰ্শ্বেল আৰু অংকুমানৰ মুক্তিৰ দাবীত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত মাৰ্শ্বেল বৰুৱাই অকা এখন ছবিৰ তলত শিল্পী-সাহিত্যিক সমাজে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে এছ এফ আই, ডি ৱাই এফ আই, চি পি আই(এম), চি পি আ, ছাত্ৰমুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। শতাধিক লোক সমবেত হৈ গছৰ কটাৰ বিৰোধিতা কৰাৰ লগতে মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈক মুকলি কৰি দিয়াৰ দাবী জনায়।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসমৰ স্বনামধন্য কবি নীলিম কুমাৰ, নাট্যকাৰ হিমাংশু প্ৰসাদ দাস, চিত্ৰশিল্পী নিখিলেখ বৰুৱা, তৰুণ কবি চাহিদুল ইছলাম, তৰুণ কবি কোকিল শইকীয়া, কন্ঠশিল্পী নয়নজ্যোতী নাথ, তৰুণ গল্পকাৰ সৃঞ্জনা শৰ্মা, তৰুণ গায়ক তথা আবৃত্তিকাৰ আলোক নৰহ, অধিবক্তা কৃষ্ণ গগৈ, জ্যেষ্ঠ সাংবাদিক তথা লেখক মহেশ ডেকাকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

লগতে, এই কাৰ্যসূচীত এছ এফ আইক প্ৰতিনিধিত্ব কৰি সংগীতা দাস, উৎপলা দাস, ৰাজদ্বীপ মহন্ত, অনুজা ডেকা আদি, ছাত্ৰ মু্ক্তি সংগ্ৰাম সমিতিক প্ৰতিনিধিত্ব কৰি ধনজিৎ বৈশ্য, গৌতম প্ৰতীম গগৈ, চিপিআইক প্ৰতিনিধিত্ব কৰি জয়ন্ত গগৈৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

এই কাৰ্যসূচীত সকলো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ধিক্কাৰ জনোৱাৰ লগতে মাৰ্শ্বেল আৰু অংকুমানক মুকলি দিয়াৰ দাবী জনাই ধৰ্ণা প্ৰদান কৰে। লগতে এই শিল্পৰ স্বাধীনতাক বাকৰুদ্ধ কৰাৰ চেষ্টা কৰাৰ প্ৰতিবাদস্বৰূপে প্ৰতিবাদস্থলীত নীলিম কুমাৰ, হিমাংশু প্ৰসাদ দাস, কোকিল শইকীয়া আৰু চাহিদুল ইছলামে প্ৰতিবাদী কবিতা পাঠ কৰে।

শীঘ্ৰেই মাৰ্শ্বেল আৰু অংকুমানক মুকলি কৰি দিয়াৰ লগতে গছ কটা বন্ধ নকৰিলে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি দল সংগঠনৰ প্ৰতিনিধি সকল আৰু শিল্পী সমাজে বিজেপি চৰকাৰক হুংকাৰ দিয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

October 3, 2026 4:45 pm
১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

October 3, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

October 3, 2026 4:45 pm
১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd