• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি নেতৃত্বাধীন মণিপুৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ এনপিপিৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 17, 2024 9:44 pm
66
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি আৰু ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে নেশ্যনেল পিপলছ পাৰ্টিয়ে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী নেতৃত্বাধীন এন পি পিয়ে ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি জে পি নাড্ডালৈ লিখা এখন পত্ৰত উল্লেখ কৰে যে তেওঁৰ দলে বিজেপি নেতৃত্বাধীন মণিপুৰ চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰিব।

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ পিছত প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা বুলিও দাবী কৰে এনপিপিয়ে।

উল্লেখ্য যে মণিপুৰত এনপিপিৰ সাতজন বিধায়ক আছে।

কিন্তু ৰাজ্যত এতিয়াও বিজেপিৰ সংখ্যাগৰিষ্ঠ আসন আছে আৰু এনপিপিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলেও চৰকাৰৰ ওপৰত কোনো প্ৰভাৱ নপৰে।
এনপিপিয়ে নড্ডালৈ লিখা পত্ৰখনত উল্লেখ কৰিছে যে এন বীৰেণ সিঙৰ চৰকাৰে মণিপুৰৰ সংকট নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে।
উল্লেখযোগ্য যে ৰাজ্যত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত শনিবাৰে মণিপুৰ চৰকাৰে ৰাজ্যৰ ৭খন জিলাত দুদিনীয়া ইণ্টাৰনেট ব্লেকআউটৰ ব্যৱস্থা কৰে৷

এই পদক্ষেপৰ লক্ষ্য আছিল বৰ্ধিত উত্তেজনা আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ চলি থকা প্ৰতিবাদ দমন কৰা।
মণিপুৰৰ মুখ্য সচিব বিনীত যোশীয়ে জাৰি কৰা এক অধিসূচনাত আক্ৰান্ত জিলা ইম্ফল পশ্চিম, ইম্ফল পূব, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কাংপকপি, আৰু চুৰাচান্দপুৰৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।

এই নিলম্বনে মোবাইল ডাটা, ভিএছএটি, ব্ৰডবেণ্ড, ভিপিএনকে ধৰি বিভিন্ন ইণ্টাৰনেট সেৱা সামৰি লৈছে।
অৱশ্যে চৰকাৰী কাৰ্যালয়সমূহে লিজড লাইন আৰু এফ টি টি এইচ সংযোগৰ বাবে এই নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব।

Recent News

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd