• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইমৰাণ খানৰ মুক্তিৰ দাবী উত্তাল পাকিস্তান, ৪জন নিৰাপত্তাৰক্ষীকে ধৰি ৫জন নিহত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 26, 2024 1:36 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

98
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ মুক্তি আৰু চৰকাৰৰ পদত্যাগৰ দাবীত পাকিস্তান তেহৰিক-ই-ইনছাফে আহ্বান জনোৱা ইছলামাবাদমুখী প্ৰতিবাদী সমদলত মঙলবাৰে পাকিস্তানত পাঁচজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। দেশখনৰ ৰাজধানী ইছলামাবাদ প্ৰতিবাদৰ ফলত প্ৰায় স্থবিৰ হৈ পৰিছে।

নিৰাপত্তাৰক্ষীৰ সূত্ৰৰ মতে, শ্ৰীনগৰ ঘাইপথত একাংশ দুষ্কৃতিকাৰীয়ে ৰেঞ্জাৰ্ছ জোৱানক গাড়ীৰে খুন্দা মাৰে। এই ঘটনাত চাৰিজন পেৰাট্ৰুপাৰ আৰু এজন অসামৰিক লোক নিহত হয়। আহত হয় আন পাঁচজন পেৰাট্ৰুপাৰ আৰু দুজন আৰক্ষী কৰ্মী।

ইমৰাণ খানৰ দল পিটিআইৰ প্ৰতিবাদৰ সময়ত একেধৰণৰ ঘটনাত এতিয়ালৈকে চাৰিজন ৰেঞ্জাৰ আৰু দুজন আৰক্ষী জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে।  আহত হয় শতাধিক আৰক্ষী। আহতসকলৰ অধিকাংশৰ অৱস্থা সংকটজনক।

নিৰাপত্তাৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানৰ ২৪৫ অনুচ্ছেদ সক্ৰিয় কৰি অশান্ত ইছলামাবাদত সেনাবাহিনী মোতায়েন কৰা হৈছে। পৰিস্থিতি অস্থিৰ কৰাৰ যিকোনো প্ৰচেষ্টা আৰু উগ্ৰপন্থী কাৰ্যকলাপ কঠোৰভাৱে দমন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

শ্ৰীনগৰ ঘাইপথত সংঘটিত হোৱা এই ঘটনাত এজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি সংশ্লিষ্ট নিৰাপত্তাৰক্ষী সূত্ৰই জনাইছে। তেওঁ সহ পাঁচটা মৃতদেহ স্থানীয় পিআইএমএছ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

ইছলামাবাদৰ ডি চ’কত সমবেত হোৱাৰ কথা ঘোষণা কৰিছে পিটিআইৰ নেতা-কৰ্মীসকলে। তেওঁলোকক বাধা দিয়াৰ বাবে ৰাজধানীৰ সকলো প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে। ১৪৪ ধাৰা জাৰি কৰা হৈছে। সকলো ধৰণৰ সভা আৰু সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

অৱশ্যে সকলো বাধাক আওকাণ কৰি সোমবাৰে ৰাজধানী ইছলামবাদৰ উপকণ্ঠ অঞ্চলত উপস্থিত হয় পিটিআইৰ নেতা-কৰ্মীসকল। এই সময়ত মাজে মাজে আইন-শৃংখলা বাহিনীৰ সৈতে সংঘৰ্ষতো লিপ্ত হয়। প্ৰতিবাদ বন্ধ কৰিবলৈ পিটিআইৰ পাঁচজন সংসদ সদস্যকে ধৰি প্ৰায় ৪ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইছলামবাদ অভিমুখী কনভয়ত আছে খাইবাৰ পাখতুনখোৱাৰ মুখ্যমন্ত্ৰী আলী আমিন গাণ্ডাপুৰ আৰু ইমৰাণ খানৰ পত্নী বুছাৰা বিবি। ইছলামাবাদৰ ডি চক এলেকাত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা।

ইছলামাবাদৰ “ৰেড জ’নত” প্ৰৱেশ কৰিলে ইমৰাণ খানৰ সমৰ্থকসকলক গ্ৰেপ্তাৰ কৰা হ’ব বুলি পাকিস্তানৰ গৃহমন্ত্ৰী মন্ত্ৰী মহছিন নাকবীয়ে কয়। চৰকাৰী ভৱনৰ সুৰক্ষাৰ বাবে অঞ্চলটোত চলাচল নিষিদ্ধ কৰা হৈছে। তেওঁ কয় যে যিকোনো লোক অঞ্চলটোলৈ আহিলে গ্ৰেপ্তাৰ কৰা হ’ব।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd