• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইমৰাণ খানৰ মুক্তিৰ দাবী উত্তাল পাকিস্তান, ৪জন নিৰাপত্তাৰক্ষীকে ধৰি ৫জন নিহত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 26, 2024 1:36 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ মুক্তি আৰু চৰকাৰৰ পদত্যাগৰ দাবীত পাকিস্তান তেহৰিক-ই-ইনছাফে আহ্বান জনোৱা ইছলামাবাদমুখী প্ৰতিবাদী সমদলত মঙলবাৰে পাকিস্তানত পাঁচজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। দেশখনৰ ৰাজধানী ইছলামাবাদ প্ৰতিবাদৰ ফলত প্ৰায় স্থবিৰ হৈ পৰিছে।

নিৰাপত্তাৰক্ষীৰ সূত্ৰৰ মতে, শ্ৰীনগৰ ঘাইপথত একাংশ দুষ্কৃতিকাৰীয়ে ৰেঞ্জাৰ্ছ জোৱানক গাড়ীৰে খুন্দা মাৰে। এই ঘটনাত চাৰিজন পেৰাট্ৰুপাৰ আৰু এজন অসামৰিক লোক নিহত হয়। আহত হয় আন পাঁচজন পেৰাট্ৰুপাৰ আৰু দুজন আৰক্ষী কৰ্মী।

Apply Now

ইমৰাণ খানৰ দল পিটিআইৰ প্ৰতিবাদৰ সময়ত একেধৰণৰ ঘটনাত এতিয়ালৈকে চাৰিজন ৰেঞ্জাৰ আৰু দুজন আৰক্ষী জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে।  আহত হয় শতাধিক আৰক্ষী। আহতসকলৰ অধিকাংশৰ অৱস্থা সংকটজনক।

নিৰাপত্তাৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানৰ ২৪৫ অনুচ্ছেদ সক্ৰিয় কৰি অশান্ত ইছলামাবাদত সেনাবাহিনী মোতায়েন কৰা হৈছে। পৰিস্থিতি অস্থিৰ কৰাৰ যিকোনো প্ৰচেষ্টা আৰু উগ্ৰপন্থী কাৰ্যকলাপ কঠোৰভাৱে দমন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

শ্ৰীনগৰ ঘাইপথত সংঘটিত হোৱা এই ঘটনাত এজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি সংশ্লিষ্ট নিৰাপত্তাৰক্ষী সূত্ৰই জনাইছে। তেওঁ সহ পাঁচটা মৃতদেহ স্থানীয় পিআইএমএছ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

ইছলামাবাদৰ ডি চ’কত সমবেত হোৱাৰ কথা ঘোষণা কৰিছে পিটিআইৰ নেতা-কৰ্মীসকলে। তেওঁলোকক বাধা দিয়াৰ বাবে ৰাজধানীৰ সকলো প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে। ১৪৪ ধাৰা জাৰি কৰা হৈছে। সকলো ধৰণৰ সভা আৰু সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

অৱশ্যে সকলো বাধাক আওকাণ কৰি সোমবাৰে ৰাজধানী ইছলামবাদৰ উপকণ্ঠ অঞ্চলত উপস্থিত হয় পিটিআইৰ নেতা-কৰ্মীসকল। এই সময়ত মাজে মাজে আইন-শৃংখলা বাহিনীৰ সৈতে সংঘৰ্ষতো লিপ্ত হয়। প্ৰতিবাদ বন্ধ কৰিবলৈ পিটিআইৰ পাঁচজন সংসদ সদস্যকে ধৰি প্ৰায় ৪ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইছলামবাদ অভিমুখী কনভয়ত আছে খাইবাৰ পাখতুনখোৱাৰ মুখ্যমন্ত্ৰী আলী আমিন গাণ্ডাপুৰ আৰু ইমৰাণ খানৰ পত্নী বুছাৰা বিবি। ইছলামাবাদৰ ডি চক এলেকাত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা।

ইছলামাবাদৰ “ৰেড জ’নত” প্ৰৱেশ কৰিলে ইমৰাণ খানৰ সমৰ্থকসকলক গ্ৰেপ্তাৰ কৰা হ’ব বুলি পাকিস্তানৰ গৃহমন্ত্ৰী মন্ত্ৰী মহছিন নাকবীয়ে কয়। চৰকাৰী ভৱনৰ সুৰক্ষাৰ বাবে অঞ্চলটোত চলাচল নিষিদ্ধ কৰা হৈছে। তেওঁ কয় যে যিকোনো লোক অঞ্চলটোলৈ আহিলে গ্ৰেপ্তাৰ কৰা হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd