• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ সাৰ হৈছে সংবিধান : সংবিধান দিৱসত হিমন্ত বিশ্ব শৰ্মা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 26, 2024 9:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৭৫ সংখ্যক সংবিধান দিৱস উদ্যাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী  শৰ্মাই ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোত ভাৰতৰ সংবিধান সভাই খচৰা সংবিধানৰ চূড়ান্ত ৰূপটোক দেশৰ সংবিধান হিচাপে গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি কয় যে ২০১৫ চনৰ ১১ অক্টোবৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ নৱেম্বৰৰ দিনটো প্ৰতি বছৰে সংবিধান দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰাৰ পিছত এই সন্দৰ্ভত প্রয়োজনীয় অধিসূচনা জাৰি কৰি এই দিৱসক আনুষ্ঠানিকতা প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে আজি এই পবিত্ৰ দিনটোত মহান স্বাধীনতা সংগ্ৰামী আৰু আইনজ্ঞ বি আৰ আম্বেদকাৰ প্ৰমুখ্যে সংবিধান খচৰা সমিতিৰ প্রতিগৰাকী সন্মানীয় সদস্যৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে স্বাধীনতা যুঁজত যি সকল অক্লান্ত সেনানীৰ অসীম ত্যাগৰ বলত দেশবাসীয়ে স্বাধীনতা লাভ কৰিলে, তেওঁলোককো সম্ৰদ্ধ প্ৰণাম জনায়।

Apply Now

ভাৰতৰ সংবিধান প্রণয়নৰ ইতিহাসৰ কথা ভাষণত উল্লেখ কৰি শৰ্মাই কয় যে ১৯৪৬ চনৰ পাঁচ দশকৰ পূৰ্বে অর্থাৎ ১৮৯৫ চনত ভাৰতত সংবিধান ৰচনাৰ প্রথম প্রয়াস চলিছিল। এই ক্ষেত্রত লোকমান্য বাল গঙ্গাধৰ তিলকৰ অনুপ্ৰেৰণাত সংসদীয় চৰকাৰৰ পোষকতা কৰি ভাৰতত এখন সংবিধান ৰচনাৰ বেচৰকাৰী প্রয়াস আৰম্ভ হৈছিল। হোম ৰুল বিল শীৰ্ষক খচৰাৰ প্রস্তাবনাটোত লোকমান্য তিলকে প্রস্তাৰিত সংবিধানখনৰ এটা ৰূপৰেখা বৃটিছ গভৰ্ণমেণ্টৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় সংবিধান আইন নামে পৰিচিত সেই খচৰাত ভাৰতীয় নাগৰিকেৰে গঠিত ভাৰতীয় সদনৰ প্রস্তাৱ কৰা হৈছিল আৰু সেই সদনত প্রতিগৰাকী ভাৰতীয়ৰ মত প্রকাশৰ স্বাধীনতাক স্বীকাৰ কৰা হৈছিল।

তেওঁ লগতে কয় যে সকলোৰে বাবে আইনৰ সমানতাৰ পোষকতা কৰা হৈছিল আৰু কেন্দ্ৰীয় সংসদৰ উপৰি প্রাদেশিক বিধান মণ্ডল গঠনৰো প্ৰস্তাৱ সেই খচৰাত দাখিল কৰা হৈছিল। ১৯২৮ চনত বৃটেইনৰ কনজাৰভেটিভ পাৰ্টিৰ চৰকাৰে ভাৰতত সংবিধান সংস্কাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰিবলৈ চাইমন কমিচন গঠনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ত মতিলাল নেহৰুৰ অধ্যক্ষতাত ভাৰতীয় সংবিধান ৰচনাৰ এখন সমিতি গঠন কৰা হয় আৰু ই আছিল ভাৰতীয় সংবিধান ৰচনাৰ প্রথমটো বৃহৎ পদক্ষেপ। এই সমিতিৰ প্ৰতিবেদনত ভাৰতক এখন স্বাধীন ৰাষ্ট্ৰ মৰ্যাদা প্ৰদানৰ পোষকতা কৰি প্ৰস্তাৱিত সংবিধানখনৰ এটা ৰূপৰেখা দাখিল কৰা হয়। ১৯৩৫ চনত বৃটিছ সংসদে ১৯১৯ চনৰ আইনখন বাতিল কৰি তাৰ ঠাইত ভাৰত চৰকাৰ আইন ১৯৩৫ প্রণয়ন কৰাৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰি তেওঁ কয় যে এই নতুন আইনৰ অধীনত ভাৰতত প্রথমবাৰৰ বাবে ভাৰতীয়সকলৰ প্রতি দায়বদ্ধ এখন চৰকাৰৰ প্রস্তাৱ ৰখা হয় আৰু আইনখনত যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থা সন্নিবিষ্ট কৰা হয়। দেশীয় ৰাজ্যসমূহে একোখন চুক্তিৰ জৰিয়তে ভাৰত যুক্তৰাষ্ট্ৰত চামিল হোৱাৰ ব্যৱস্থা সম্বলিত এই আইনখনেই মূলতঃ আধুনিক ভাৰতীয় শাসন ব্যৱস্থাৰ প্রধান আধাৰ বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৪৬ চনৰ ১৩ ডিচেম্বৰত অনুষ্ঠিত সংবিধান সভাৰ তৃতীয়খন বৈঠকত সংবিধান প্ৰণয়ন কৰাৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল।

তেওঁ লগতে কয় যে বিভিন্ন কমিটীৰ প্রতিবেদন আৰু সংবিধান সভাত হোৱা আলোচনালানিৰ আধাৰত সংবিধান বিশেষজ্ঞ বি এণ ৰাওয়ে ১৯৪৭ চনৰ অক্টোবৰৰ ভিতৰত সংবিধানৰ খচৰা প্রস্তুত কৰি খচৰা কমিটীত দাখিল কৰাৰ পাছত খচৰাটো পুংখানুপুংখভাৱে পুনৰীক্ষণ আৰু পৰ্যালোচনাৰ অন্তত ১৯৪৮ চনত ভাৰতৰ সংবিধানৰ খচৰাটোৱে নিৰ্দিষ্ট ৰূপ লাভ কৰে। চৰকাৰৰ গাঁথনি, কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্ক আৰু নাগৰিকৰ অধিকাৰকে ধৰি সংবিধান নথিত থাকিবলগীয়া সকলো দিশ বিস্তাৰিতভাৱে খচৰাত সামৰি লোৱা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে বহুতো আলোচনা আৰু যুক্তি তৰ্কৰ অন্তত, ১৯৪৯ চনৰ ২৬ নবেম্বৰৰ দিনটোত সংবিধান সভাই খচৰা সংবিধানৰ চূড়ান্ত ৰূপটোক ভাৰতৰ সংবিধান হিচাপে গ্রহণ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ সংবিধানে দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষাক প্রতিফলিত কৰি আহিছে আৰু বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট ভাৰতবৰ্ষই জনসাধাৰণৰ কল্যাণকে মুখ্য স্থান দিছে। সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণে যাতে স্বাধীনতা, সমতা আৰু ন্যায় পাব পাৰে তাৰ বাবে সংবিধানত বিভিন্ন ব্যৱস্থা অন্তৰ্ভূক্ত কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে সংবিধানে যিদৰে নাগৰিকৰ বিভিন্ন সুবিধা আৰু সুৰক্ষা প্ৰদান কৰিছে, সেইদৰে সংবিধানৰ মূল দৰ্শন আৰু আদৰ্শ জীয়াই ৰখাত প্রতিগৰাকী নাগৰিকৰো দায়িত্ব আৰু কৰ্তব্য আছে। মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষৰ সংবিধানে বিভিন্ন ধৰণে বিশেষ বিশেষ মুহুৰ্তত প্রত্যাহ্ানৰো সন্মুখীন হ’বলগীয়া হৈছে। ১৯৭৫ চনত ভাৰতৰ সংবিধানৰ প্রমূল্যবোধক নাইকীয়া কৰি দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰাৰ পিছত দেশৰ সংবিধানৰ প্রতি বৃহৎ প্রত্যাহ্ান আহি পৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ ন্যায়পালিকাই সেই সময়ত সংবিধানৰ আধাৰত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰক জীয়াই ৰাখিবলৈ প্ৰচেষ্টা চলাইছিল। তেওঁ কয় যে সংবিধানৰ ধৰ্মনিৰপেক্ষ শব্দৰ ওপৰত আজিও বহু বিতৰ্ক হোৱা দেখা যায়। ভাৰতবৰ্ষৰ সংবিধানত ধৰ্মনিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰিবলৈ ১৯৪৮ চনত নৱেম্বৰত বিহাৰৰ অধ্যাপক কে টি শ্বাহে সংবিধান সভাত প্রস্তাৱ আগবঢ়াইছিল। সেই প্রস্তাৱৰ বিৰোধীতা কৰি বি আৰ আম্বেদকাৰে কৈছিল যে সংবিধানৰ প্রতিটো অনুচ্ছেদতে ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাটো প্রকট কৰি তোলা হৈছে। সেইবাবে প্রস্তাৱনাত ধৰ্ম-নিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰাৰ কোনো অৰ্থ নাই বুলি আম্বেদকাৰে অভিমত প্রকাশ কৰিছিল বুলিও তেওঁ মন্তব্য কৰে।

সমাজবাদী শব্দটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ড০ বি আৰ আম্বেদকাৰে ‘সমাজবাদী’ শব্দটো সংবিধানত অন্তৰ্ভুক্তিৰ বিৰোধীতা কৰি কৈছিল যে ভৱিষ্যতৰ দিনত ভাৰতবৰ্ষৰ জনসাধাৰণে কেনেধৰণৰ সমাজত বাস কৰিব সেয়া আজিয়ে ভৱিষ্যতৰ সমাজখনৰ ওপৰত জাপি দিয়াতো উচিত নহয়। ড০ আম্বেদকাৰে সংবিধানৰ প্রস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ-_ এই দুয়োটা শব্দৰে সংলগ্নকৰণৰ বিৰোধীতা কৰিছিল বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

জৰুৰীকালীন অৱস্থাত সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ ঠাইত সৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ কৰা হৈছিল আৰু ‘ৰাষ্ট্ৰৰ এক্য’ শব্দযুগলৰ সংশোধনী ঘটাই ‘ৰাষ্ট্ৰ এঁক্য আৰু সংহতি’ কৰা হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে সেয়া আছিল সংবিধানৰ প্রস্তাৱনাৰ প্ৰথম সংশোধন।

তেওঁ লগতে কয় যে ইয়াৰ পিছত সংবিধানৰ প্রস্তাৱনাৰ কোনো সংশোধন হোৱা নাই। তেওঁ লগতে কয় যে ভাৰতবৰ্ষৰ সভ্যতালৈ দৃষ্টি দিলে এই কথা বোধগম্য হয় যে ভাৰতৰ সংবিধানখন হৈছে পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল ভেটিক সংবিধান সভাই গ্রহণ কৰিছিল। সংবিধান সংশোধন কৰাৰ সময়ত দেশ বিভাজন হৈছিল আৰু বিভাজনৰ সেই সময়ছোৱাত সাম্প্ৰদায়িক দৃষ্টিভংগীয়ো বিৰাজমান আছিল বুলি তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষ চিৰকালে এখন ধৰ্ম নিৰপেক্ষ দেশ হোৱাৰ বাবে সংবিধান সভাই ভাৰতীয় সভ্যতাৰ মূল ভেটিকে সংবিধানত প্ৰদৰ্শন কৰিছিল আৰু ন্যায়ৰ আধাৰত এখন সমাজ নিৰ্মাণৰ পোষকতা কৰিছিল। ভাৰতবৰ্ষ এখন ব্যতিক্ৰমী দেশ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৯০ শতাংশ এটা ধৰ্মৰ লোক থকাৰ পিছতো সাহসেৰে ভাৰতৰ সংবিধানখনক ধৰ্ম নিৰপেক্ষ কৰা হৈছিল। ভাৰতবৰ্ষৰ সংবিধান সভাত ধৰ্মৰ আধাৰত সংবিধান নিৰ্মাণ কৰাৰ সুযোগ থকাৰ পাছতো ভাৰতীয়সকলে সংবিধানক ধৰ্ম নিৰপেক্ষ হিচাপে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। তেওঁ লগতে কয় যে ভাৰতৰ সংবিধান পশ্চিমীয়া ধাৰণা নহয়, ই পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ সাৰ। তেওঁ লগতে কয় যে পাঁচ হাজাৰ বছৰৰ পৰা ভাৰতে বিশ্ব শান্তিৰ পোষকতা কৰিছিল আৰু সকলো ব্যক্তিৰ সুখ-শান্তিৰ কামনা কৰিছিল। সংবিধান সভাই কৈছিল যে ভাৰতবৰ্ষৰ সভ্যতাই ধৰ্ম নিৰপেক্ষ আৰু ধৰ্ম নিৰপেক্ষ বুলি প্রমাণ কৰাৰ প্রয়োজন নাই। ভাৰতৰ সংবিধান সভাত ডণ বি আৰ আম্বেদকাৰে দিয়া অন্তিম ভাষণটোৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেই ভাষণ শুনিলে সংবিধানৰ সাৰমৰ্ম হৃদয়ংগম কৰিব পৰা যায়। সংবিধান দিৱসৰ পবিত্ৰ দিনটোত মুখ্যমন্ত্ৰীয়ে সকলোকে সংবিধানৰ প্রমূল্যবোধ আৰু দৰ্শন অধিক সমৃদ্ধ কৰাৰ বাবে নিষ্ঠা আৰু দায়বদ্ধতাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকায়ো ভাষণ প্রদান কৰে। এই অনুষ্ঠানত পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, শ্রম আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষানৰ উপৰি অতিৰিক্ত মুখ্য সচিব বি আৰ ছামাল প্ৰমূখ্যে অসম চৰকাৰৰ শীৰ্ষ বিষয়া আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd