• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home পৰিবেশ

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়” কাৰ্যসূচীত ১৭ শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 27, 2024 4:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজ্যিক প্ৰাণী এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ প্ৰতি কম বয়সীয়া শিক্ষাৰ্থীসকলৰ আগ্ৰহী কৰি তোলাৰ বাবে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে গ্ৰহণ কৰা উদ্যোগৰ অংশহিচাপে অলপতে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ কেইখনমান বিদ্যালয়ত আয়োজন কৰা “গঁড় বিদ্যালয়লৈ যায়” শীৰ্ষক এলানি কাৰ্যসূচীত ১৭০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।


পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কৰ্তৃপক্ষৰ সহযোগত আৰু ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন (ডি এছ ডব্লিউ এফ)ৰ সহায়ত এই সজাগতা কাৰ্যসূচীলানি অনুষ্ঠিত কৰা হয় । ইয়াৰে ২১ নৱেম্বৰত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা প্ৰথমটো কাৰ্যসূচীত প্ৰায় ৪৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।  

Apply Now


মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে উদ্বোধন কৰা এই কাৰ্যসূচীত আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্ৰৱন্ধক আৰিফ হুছেইনে গঁড়ৰ আৱাসভূমি, সংৰক্ষণৰ প্ৰয়োজনীয়তা, পৰিৱেশতন্ত্ৰত ইয়াৰ গুৰুত্ব আদিকে ধৰি তৃণভোজী প্ৰাণীবিধৰ বিষয়ে বিস্তৃতভাৱে উপস্থাপন কৰে । আৰক্ষী বিষয়া নাথে শিক্ষাৰ্থীসকলক বন্যপ্ৰাণী সংৰক্ষণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।


বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু অন্যান্য শিক্ষকসকলৰ লগতে মায়ং থানা সমিতিৰ সচিব ধৰ্ম নাথো উপস্থিত থকা অনুষ্ঠানটোত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱাই অভয়াৰণ্যখনৰ চহকী জৈৱ বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে ।


“গঁড় বিদ্যালয়লৈ যায়” অভিযানৰ দ্বিতীয়টো কাৰ্যসূচী ২২ নৱেম্বৰত শংকৰদেৱ শিশু নিকেতন আৰু বুঢ়া‌‌‌-বুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় ।  


প্ৰায় ৮৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত আৰণ্যকৰ প্ৰতিনিধি আৰিফ হুছেইনে শিক্ষাৰ্থীসকলক পৰিৱেশতন্ত্ৰত গঁড়ৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে আৰু তেওঁলোকক এই অমূল্য প্ৰাণীবিধৰ সংৰক্ষণৰ কাৰণে সাধ্যানুসৰি হাত উজান দিবলৈ অনুপ্ৰাণিত কৰে ।


পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱা, দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয় আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল আৰু অভয়াৰণ্যখনৰ ফৰেষ্টাৰ নং ১ মিতুল দাসেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।


পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ হাইস্কুলত ২৩ নৱেম্বৰত “গঁড় বিদ্যালয়লৈ যায়” অভিযানৰ তৃতীয়টো কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।  


প্ৰায় ৪০০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত গঁড় বিষয়ক পাৱাৰ পইন্ট উপস্থাপন, মত-বিনিময় আৰু মুকলি কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় ।


আৰণ্যকৰ প্ৰতিনিধি আৰিফ হুছেইনে শিক্ষাৰ্থীসকলক পৰিৱেশতন্ত্ৰত গঁড়ৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে আৰু তেওঁলোকক এই অমূল্য প্ৰাণীবিধৰ সংৰক্ষণৰ কাৰণে সাধ্যানুসৰি হাত উজান দিবলৈ অনুপ্ৰাণিত কৰে ।


বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱা, দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয় আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল আৰু অভয়াৰণ্যখনৰ ফৰেষ্টাৰ নং ১ মিতুল দাসেও অংশগ্ৰহণ কৰা এই কাৰ্যসূচীতো আৰণ্যকৰ প্ৰতিনিধি আৰিফ হুছেইন মূল সমল ব্যক্তিৰুপে আছিল ।


তিনিওটা কাৰ্যসূচীতে আৰণ্যকৰ ক্ষেত্ৰ প্ৰতিনিধি উজ্জ্বল ভূঞা আৰু ৰাহুল দাস উপস্থিত থাকে  ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd