• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জ্যেষ্ঠ সাংবাদিক, ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ দেহাৱসান; সুধীসমাজত শোকৰ ছাঁ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 28, 2024 12:10 pm
152
VIEWS
Share on FacebookShare on Twitter

অসমৰ সাহিত্য তথা সাংবাদিকতাৰ জগতখনৰ বাবে এক দুঃখবৰ৷জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ, ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ আজি দেহাৱসান হয়। আজি পুৱা নাহৰকটীয়াৰ নিজা বাসগৃহত মৃত্যু হয় সাংবাদিক তথা সাহিত্যক বুলন কুমাৰ শইকীয়াৰ।

দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল বুলন কুমাৰ শইকীয়া। কেইবাখনো জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা আছিল বুলন কুমাৰ শইকীয়া। বুলন কুমাৰ শইকীয়াই সাংবাদিকতাৰ লগতে নিৰৱিচ্ছিন্নভাৱে চলাই গৈছিল সাহিত্যৰো চৰ্চা।

শেহতীয়াকৈ শইকীয়াই ৰচনা কৰা আৰাকান ইণ্টেল গ্ৰন্থখনে পাঠকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল

শেহতীয়াকৈ চি ইন চি নামৰ এখন গ্ৰন্থৰ কামো কৰি আছিল শইকীয়াই৷ শইকীয়াৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ আন এজন জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে লিখিছে- “আৰাকান ইণ্টেলৰ দৰে এখন বহুপঠিত উপন্যাসৰ স্ৰষ্টা আৰু চি-ইন-চি নামৰ আন এখন গ্ৰন্থ প্ৰকাশৰ বাবে সাজু কৰা বুলন মানে বুলন কুমাৰ শইকীয়াৰ অকাল মৃত্যুৰ বাতৰি পালো । ফেচবুকত শাসক-বিৰোধী উভয় পক্ষকে শানিত ৰাজনৈতিক টিপ্পনী আৰু ব্যংগ-ভ্ৰুকূটিৰে সদা সক্ৰিয় বুলনক কাহানিও লগ পোৱা নাই যদি তেওঁৰ কলমে সততেই আমাৰ মন-মগজুক আচোঁৰ মাৰি গৈছিল । শেহতীয়াকৈ তেওঁক কিছু স্তিমিত হৈ পৰা দেখিয়েই অনুমান কৰিছিলো যে হয়তো শাৰীৰিক অসুবিধাই কিছু পীড়িত কৰি ৰাখিছে । কাৰন ২০২২ চনত যকৃত ৰোগত আক্ৰান্ত হৈ মৃত্যুপথৰ পৰা উভতি আহিলেও সম্পূৰ্নৰূপে আৰোগ্য হোৱা নাছিল । তাৰ মাজতো কাৰোৰে ওচৰত হাত নপতাকৈ পেটৰ ভাত মোকলাবলৈ নিজে এটা ক্ষুদ্ৰ খাদ্য উদ্যোগ প্ৰতিষ্ঠানো গঢ়ি তুলিছিল । তাৰ আগতে এটা পৰ্টেলো জন্ম দিছিল । মোৰ বিশ্বাস এখন উপযুক্ত মঞ্চ পোৱা হলে বুলনৰ অধিক দুদান্ত সাহসিকতাৰ পৰিচয় হলহেতেঁন । কিন্ত সচাঁ কথা সাহসেৰে কোৱা মানুহবোৰৰ আজিৰ সমাজত স্থান নাই । সুবিধাবাদী ; তোষামোদকাৰী আৰু সোতঁত উটি যোৱা মানুহৰ ভিৰ বাঢ়িছে । সময়ত এইখন সমাজে বুলনহতঁৰ দৰে মানুহৰ অভাৱ আৰু শূন্যতা অনুভৱ কৰিব । সঘনাই চেক আপৰ বাবে হায়দৰাবাদলৈ অহা-যোৱা কৰা বুলনে অক্টোবৰ মাহত ফেচবুকত দিয়া পোষ্টৰ পৰাই জানিছিলো যে ৪৮ মাহৰ ভিতৰত সি বৃক্ক সংৰোপনৰ বাবে ঠিৰাং কৰিছে আৰু ইয়াৰ বাবে প্ৰয়োজন হব ৩৫ লাখৰো অধিক টকা । কিন্ত সেই সপোন ফলৱতী নহল । জুই আৰু মৃত্যুৰ সতে খেলা কৰি ভালপাওঁ আৰু জীয়াই থকাতো মোৰ বাবে এক স্বপ্নবিলাস বুলি ঘোষনা কৰা স্বাভিমানী বুলন আমাৰ মাজৰ পৰা একেবাৰে গুচি গল । অনুভৱ কৰিছো কিবা এক শূন্যতা । বহুতৰ পচন্দ নহলেও দেশ-দহৰ ভালৰ বাবেই আমৃত্যু মাত মতা এজন নিঃস্বাৰ্থ অসমপ্ৰেমী আৰু অন্যায়ৰ বিৰুদ্ধে সৰৱ এটা কণ্ঠ হেৰাই যোৱা মানে আমিবোৰ দুৰ্ভগীয়া৷”

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd