নতুন ‘বি ই’ চাব ব্ৰেণ্ডৰ অধীনত মহিন্দ্ৰাৰ প্ৰথমখন ইভি বি ই ৬ই মুকলি কৰা হৈছে।
এই গাড়ীখনত আঠটা ৰঙৰ বিকল্প পোৱা যায়: টেংগো ৰেড, ডেজাৰ্ট মিষ্ট, এভাৰেষ্ট হোৱাইট চেটিন, ফায়াৰষ্টৰ্ম অৰেঞ্জ, ডেজাৰ্ট মিষ্ট চেটিন, হোৱাইট মিষ্ট চেটিন, ডিপ ফৰেষ্ট, আৰু নাপোলি ব্লেক উল্লেখযোগ্য।
ইয়াত আছে পেনোৰামিক ছানৰুফ, মাল্টি-জোন এচি, বেতাঁৰ ফোন চাৰ্জাৰ, আৰু ছেগমেণ্ট-ফাৰ্ষ্ট অগমেণ্টেড ৰিয়েলিটি (এ আৰ) ভিত্তিক হেডছ-আপ ডিছপ্লে।
ছেফটি ছুইটত আছে ৭টা এয়াৰবেগ, ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক, আৰু এডিএএছ।
মহিন্দ্ৰাই দুটা বেটাৰী পেক – ৫৯ কিলোৱাট ঘণ্টা/ ৭৯ কিলোৱাট ঘণ্টা – ৬৮২ কিলোমিটাৰ পৰ্যন্ত এমআইডিচি ৰেঞ্জৰ দাবী কৰিছে।
দাম ১৮.৯০ লাখ টকাৰ পৰা আৰম্ভ হ’ব৷