• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদায়ৰ পূৰ্বে ব্যৱহাৰ কৰিলে ‘চূড়ান্ত ক্ষমতা’; প্ৰতিশ্ৰুতি ভংগ কৰি পুত্ৰক ক্ষমাদান জো বাইডেনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2024 11:21 am
বিদায়ৰ পূৰ্বে ‘চূড়ান্ত ক্ষমতা’ ব্যৱহাৰ কৰি পুত্ৰ হাণ্টাৰৰ বাবে বিনাচৰ্তে ৰাষ্ট্ৰীয় ক্ষমা ঘোষণা কৰিলে

বিদায়ৰ পূৰ্বে ‘চূড়ান্ত ক্ষমতা’ ব্যৱহাৰ কৰি পুত্ৰ হাণ্টাৰৰ বাবে বিনাচৰ্তে ৰাষ্ট্ৰীয় ক্ষমা ঘোষণা কৰিলে

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২০ জানুৱাৰীত ক্ষমতাৰ পৰা বিদায় ল’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। সেইদিনা তেওঁ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ক্ষমতা অৰ্পণ কৰিব। কিন্তু বিদায়ৰ পূৰ্বে ‘চূড়ান্ত ক্ষমতা’ ব্যৱহাৰ কৰিলে বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে। তেওঁ নিজৰ পুত্ৰ হাণ্টাৰৰ বাবে বিনাচৰ্তে ৰাষ্ট্ৰীয় ক্ষমা ঘোষণা কৰে।

স্থানীয় সময় অনুসৰি দেওবাৰে জাৰি কৰা এক বিবৃতিত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ পুত্ৰক ক্ষমাদান দিয়াৰ কথা ঘোষণা কৰে। বিচাৰত দোষী সাব্যস্ত হ’লেও বাইডেনে পুত্ৰক ক্ষমা নকৰে বুলি পূৰ্বে প্ৰতিশ্ৰুতি দিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দুটা অপৰাধমূলক গোচৰত শাস্তি লাভ কৰা হাণ্টাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাষ্ট্ৰীয় ক্ষমা ঘোষণা কৰে। বিবৃতিটোত বাইডেনে কয় যে তেওঁৰ পুত্ৰক “বেলেগ কৰি চোৱা হৈছে” (বিচাৰৰ নামত)। তেওঁ লগতে পুত্ৰৰ গোচৰসমূহক ‘ন্যায়ৰ ব্যৰ্থতা’ বুলিও অভিহিত কৰে।

বিবৃতিটোত বাইডেনে কয় যে ‘’আজি মই মোৰ পুত্ৰ হাণ্টাৰৰ বাবে ক্ষমা ঘোষণাৰ চুক্তিত স্বাক্ষৰ কৰিলোঁ। এক্সিকিউটিভ গ্ৰাণ্ট অৱ ক্লেমেন্সিৰ কপি অনুসৰি ই এক সম্পূৰ্ণ আৰু নিঃচৰ্ত ক্ষমা।”

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, ‘মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা (ৰাষ্ট্ৰপতি হিচাপে) মই কৈছিলো যে মই ন্যায়পালিকাৰ সিদ্ধান্ত গ্ৰহণত হস্তক্ষেপ নকৰো আৰু মই মোৰ কথা পালন কৰিছো। অৱশ্যে মোৰ পুত্ৰক বেলেগ ধৰণে আৰু অন্যায়ভাৱে বিচাৰৰ সন্মুখীন হোৱা দেখিলোঁ৷”

বাইডেনে ঘোষণা কৰা এই ক্ষমা নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও বাতিল কৰিব নোৱাৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ছেপ্টেম্বৰৰ আৰম্ভণিতে হাণ্টাৰ বাইডেনে কৰ ফাঁকিৰ অভিযোগত দোষী সাৱ্যস্ত হয় আৰু ইয়াৰ পূৰ্বে যোৱা জুন মাহত অবৈধ ড্ৰাগছ সেৱনকাৰী হোৱাৰ পিছতো বন্দুক ৰখাৰ গোচৰত দোষী সাব্যস্ত হৈছিল। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত হাণ্টাৰক আমেৰিকাৰ ডেলাৱেৰৰ এখন আদালতত আগ্নেয়াস্ত্ৰৰ সৈতে জড়িত গোচৰত অভিযুক্ত কৰা হৈছিল।

হোৱাইট হাউছে অৱশ্যে পূৰ্বে কৈছিল যে জো বাইডেনে নিজৰ পুত্ৰক ক্ষমা নকৰে। যোৱা বছৰৰ ডিচেম্বৰ মাহত হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰিন জিন-পিয়েৰে কৈছিল, “মই অতি স্পষ্টভাৱে কৈছো; ৰাষ্ট্ৰপতিয়ে (যদি বিচাৰত দোষী সাব্যস্ত হয়) তেওঁৰ পুত্ৰক ক্ষমা নকৰে।”

৫৪ বছৰীয়া হাণ্টাৰ বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বিতীয় সন্তান। তেওঁৰ জন্ম হৈছিল বাইডেনৰ প্ৰথম পত্নী নেইলী হাণ্টাৰৰ গৰ্ভত।

১৯৬৬ চনত নেইলী হাণ্টাৰে জো বাইডেনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীহালৰ দুজন পুত্ৰ বিউ বাইডেন আৰু হাণ্টাৰ বাইডেন আৰু কন্যা নাওমি বাইডেন। ১৯৭২ চনত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত নেইলী হাণ্টাৰ আৰু নাওমি বাইডেনৰ মৃত্যু হয়। ২০১৫ চনত বাইডেন-নেইলীৰ ডাঙৰ সন্তান বিউ বাইডেনৰো দুৰাৰোগ্য কৰ্কট ৰোগত মৃত্যু হৈছিল।

নেইলী হাণ্টাৰৰ মৃত্যুৰ ৫ বছৰৰ পাছত জো বাইডেনে তেওঁৰ বৰ্তমানৰ পত্নী আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল ট্ৰেচি জেকব বাইডেনক বিয়া কৰায়। এই দম্পতীৰ একমাত্ৰ কন্যা এছলী বাইডেন। আইনৰ ডিগ্ৰীধাৰী হাণ্টাৰ বাইডেনে নিজৰ কেৰিয়াৰৰ প্ৰথম কেইবছৰমান আইনী ব্যৱসায়ত জড়ি আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd