এই শীতকালত বজাৰত নতুন জেকেট আহিল। ইয়াৰ পাছত সংসদ চৌহদত লোকসভাৰ নতুন সদস্য প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ লগতে কংগ্ৰেছৰ সদস্যসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। ৰাহুল গান্ধীও তাত আছিল, কিন্তু তেওঁ শীতকালীন কাপোৰ পিন্ধা নাই, সেয়েহে পিঠিত প্ৰিন্ট থকা তেওঁৰ চিগনেচাৰ টি-চাৰ্ট পিন্ধিছিল। সকলোৰে পিঠিত লিখা আছিল ‘মোডী-আদানী এক হ্যে’।
বৃহস্পতিবাৰে সংসদ চৌহদত দেখা গ’ল এনে এক নতুন প্ৰতিবাদ। সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাৰ পৰাই আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতে দিয়া অভিযোগক লৈ সৃষ্টি হৈছে হুলস্থুল। বেছিভাগ দিনেই সভাখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু, সেইদিনা সংসদৰ ভিতৰত আদানীৰ ওপৰত আলোচনা হ’বলৈ নিদিয়াৰ বাবে কংগ্ৰেছকে ধৰি বিৰোধী সদস্যসকলে জেকেট আৰু কাপোৰ পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে।
কংগ্ৰেছকে ধৰি বিৰোধীয়ে আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এখন যুটীয়া সংসদীয় সমিতি গঠন কৰিবলৈ দাবী জনায়। বৃহস্পতিবাৰে ৰাহুল-প্ৰিয়ংকাকে ধৰি দলটোৰ সাংসদসকলে ক’লা হাফ জেকেট পৰিধান কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
সাংবাদিকৰ সন্মুখত বিৰোধী নেতা ৰাহুলে কয় যে মোডী জীয়ে আদানীৰ বিৰুদ্ধে তদন্ত হ’বলৈ নিদিয়ে।আচলতে মোডী আৰু আদানী দুয়োজনেই এজন ব্যক্তি। বেলেগ নহয়।