অৱশেষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ মন্ত্ৰীসভাত সোমাল বৰ্ষীয়ান বিজেপি নেতা প্ৰশান্ত ফুকন। দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল বিধায়ক প্ৰশান্ত ফুকনৰ। বছৰ-বছৰ ধৰি আশা কৰি থকা খবৰটো লাভ কৰিলে প্ৰশান্ত ফুকনে।
২০১৬ চনত অসমত প্ৰথমবাৰৰ বাবে গঠন হৈছিল বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। ২০২১ চনত দ্বিতীয়বাৰৰ বাবে অসমত গঠন হৈছিল এনডিএৰ চৰকাৰ। দুটা কাৰ্যকালত কেইবাবাৰো সম্প্ৰসাৰণ কৰা হ’ল মন্ত্ৰীসভা। মন্ত্ৰীসভাৰ ৰদ-বদল হ’লে প্ৰত্যেকবাৰেই চৰ্চালৈ আহে বিধায়ক প্ৰশান্ত ফুকনৰ নাম। কিন্তু বাৰেম্বাৰ বিমুখ হৈছিল ফুকন।
কিন্তু ৫ ডিচেম্বৰৰ বিয়লি ৫ বাজি ১০ মিনিটত প্ৰশান্ত ফুকনৰ জীৱনলৈ আহিল বহুপ্ৰতীক্ষিত বতৰাটো। মুখ্যমন্ত্ৰীৰ ‘X’ প’ষ্টৰ পাছতে বিধায়ক প্ৰশান্ত ফুকন হ’ল মন্ত্ৰী প্ৰশান্ত ফুকন।
উল্লেখ্য যে, ২০০৬ চনৰ পৰা ক্ৰমাগতভাৱে ডিব্ৰুগড় বিধানসভা আসনৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছে প্ৰশান্ত ফুকন। প্ৰথম দুটা কাৰ্যকালত বিৰোধী দলৰ নেতা হিচাপে সৰৱ ভূমিকা পালন কৰিছিল বিধায়ক ফুকনে।
স্মৰ্তব্য যে, ৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব বিধায়ক প্ৰশান্ত ফুকনে। তদুপৰি পৰহিলৈ মন্ত্ৰী হিচাপে শপত ল’ব আন তিনি বিধায়ক ৰূপেশ গোৱালা, কৃষ্ণেদু পাল আৰু কৌশিক ৰায়ে।