মাত্ৰ ৭০ হাজাৰ টকাৰ বিনিময়ত ভুৱা মেডিকেল চাৰ্টিফিকেট উলিয়াই ৰমৰমীয়া ব্যৱসায় চলাইছিল। তাকো স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্য গুজৰাটত।
গুজৰাটৰ চুৰাটত সন্ধান পোৱা গৈছে ভুৱা ডিগ্ৰী প্ৰদানকাৰী চক্ৰৰ। তেওঁলোকৰ জিম্মাৰ পৰা ডাটাবেছত উদ্ধাৰ হৈছে ১২০০টা ভুৱা ডিগ্ৰীৰ। সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৪জন ভুৱা চিকিৎসকক।
জানিব পৰা মতে, আটাইকেইজনেই চক্ৰটোৰ পৰা ভুৱা ডিগ্ৰী কিনিছিল আৰু সেই ডিগ্ৰী দেখুৱাই প্ৰেক্টিছ কৰি আছিল। সমগ্ৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড ডাঃ ৰমেশ গুজৰাটীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তই ধনৰ বিনিময়ত ব’ৰ্ড অৱ ইলেক্ট্ৰ’ হোমিঅ’পেথিক মেডিচিনৰ ডিগ্ৰী দি আছিল। তালাচীৰ সময়ত শতাধিক আৱেদন প্ৰ-পত্ৰ, ভুৱা প্ৰমাণ পত্ৰ আৰু ডাকটিকট উদ্ধাৰ কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে, একাংশ চিকিৎসকে ভুৱা ডিগ্ৰী লৈ এলোপেথী প্ৰেকটিছ কৰি থকাৰো তথ্য লাভ কৰিছে। ৰাজহ বিভাগক লগত লৈ আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন ক্লিনিকত অভিযান চলায়। তাতেই ভুৱা ডাক্তৰৰ সন্ধান পোৱা যায়। জনা যায় যে তেওঁলোকৰ বহুতেই অষ্টম শ্ৰেণী উত্তীৰ্ণ। ভুৱা ডিগ্ৰী যোগাৰ কৰি এই ৰমৰমীয়া ব্যৱসায় চলাই আছে।
জানিব পৰা মতে, ব’ৰ্ড অৱ ইলেক্ট্ৰ’ হোমিঅ’পেথিক মেডিচিনে অভিযুক্তক যি ডিগ্ৰী প্ৰদান কৰে, গুজৰাট চৰকাৰে প্ৰকৃততে তেনে কোনো ডিগ্ৰী প্ৰদান নকৰে। অভিযুক্তই ভুৱা ৱেবছাইটত ডিগ্ৰীৰ পঞ্জীয়ন দেখুৱাইছিল। ‘ইলেক্ট্ৰ’-হোমিঅ’পেথী’ৰ প্ৰশিক্ষণ প্ৰদানৰ বাবেও ৫ জন কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল। ডিগ্ৰী পাঠ্যক্ৰমৰ ম্যাদ তিনি বছৰ নৌহওঁতেই শেষ হৈ যায়।
এই ভুৱা প্ৰমাণ পত্ৰ প্ৰতি বছৰে নবীকৰণ কৰিবলগীয়া হৈছিল। ইয়াৰ বাবে ৫ হাজাৰৰ পৰা ১৫ হাজাৰ টকা চাৰ্জ কৰা হৈছিল। এই ধন নিদিয়া ভুৱা চিকিৎসকৰ ডিগ্ৰী বাতিল কৰাৰ হুংকাৰ দিয়ে চক্ৰটোৱে।