• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনেও কথা নকয় : কাইলৈ এঘন্টাৰ বাবে মৌন থাকিব চানমাৰি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 9, 2024 5:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ডেৰ বছৰে মণিপুৰ ভাতৃঘাতী সংঘৰ্ষত অশান্ত হৈ আছে। এতিয়ালৈকে কেইবাশ মানুহৰ প্ৰাণহানি হৈছে, হাজাৰ হাজাৰ মানুহে ঘৰ-বাৰী হেৰুৱাই মাহৰ পিছত মাহ আশ্ৰয় শিবিৰত অবৰ্ণনীয় অৱস্থাত দিন কটাবলগা হৈছে। মানুহৰ স্বাভাৱিক জীৱন নোহোৱা হৈছে। কিন্তু কেন্দ্ৰ চৰকাৰ নিৰ্বিকাৰ। মণিপুৰৰ অস্বাভাৱিক অৱস্থাৰ  কথা তেওঁলোকে মানি ল’বই নিবিচাৰে। সংসদত সেই বিষয়ে একো আলোচনা কৰিব নিবিচাৰে। আজিলৈকে, দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অৱস্থাৰ বুজ ল’বলৈ এবাৰো মণিপুৰলৈ নগ’ল।

আচলতে, আমাৰ দেশ কেনেকৈ চলিছে তাৰ জ্বলন্ত উদাহৰণ মণিপুৰ। ৰাষ্ট্ৰযন্ত্ৰ আৰু অনুষ্ঠান -প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণকৈ হাত কৰি,  বিভিন্ন কৌশলেৰে বিৰোধীৰ মাজত বিভাজন আনি আৰু  অকল্পনীয় ধনবল ব্যৱহাৰ কৰি কেৱল নিৰ্বাচনত জিকাটোৱেই হৈ পৰিছে এতিয়া বিজেপিৰ ৰাজনীতি। তাৰ শেহতীয়া উদাহৰণ, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ। সকলোৱে ভাবিছিল লোকসভা নিৰ্বাচনৰ ফলাফলে বিজেপিক কিছু বেকায়দাত পেলাব। কিন্তু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থনত চলি থকা বিজেপি  চৰকাৰখনে আগৰ দৰেই এতিয়াও এফালৰ পৰা সকলো মহটিয়াই নিব ধৰিছে। আনহাতে, সাম্প্ৰদায়িক বিষবাষ্প, মূল্যবৃদ্ধি ,কৰ্ম- সংস্থানহীনতা আৰু আন হেজাৰটা সমস্যাই সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিছে।শাসকীয় দলৰ উচটনি আৰু আনমনা মনোভাবৰ বাবেই  আজি মণিপুৰৰ এই অৱস্থা।

কাইলৈ সেই অৱস্থা উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যলৈ যে বিয়পি নাযাব তাৰ কি নিশ্চয়তা আছে? বিজেপিৰ এই কু-শাসনৰ  পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ বিকল্প – বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু সাধাৰণ ৰাইজৰ ঐক্যবদ্ধ প্ৰচেষ্টা।সেয়ে, আহক দহ ডিচেম্বৰৰ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ দিনা মণিপুৰৰ জনসাধাৰণ লগত সমমৰ্মিতা প্ৰকাশ কৰি মণিপুৰলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দাবীত অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসম-এ ঐক্যবদ্ধ হৈ কাইলৈ ২:০০ বজাৰ পৰা ৩:০০ বজালৈ এক মৌন প্ৰতিবাদ কৰিব। উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ সকলো সচেতন নাগৰিকক আহ্বান জনাইছে অসম নাগতিক সমাজৰ অজিত ভূঞা আৰু ভাৰত জোড়ো অভিযান, অসমৰ পৰেশ মালাকাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd