আজি ডেৰ বছৰ ধৰি অশান্ত হৈ আছে মণিপুৰ। প্ৰত্যেক দিনাই হত্যা হিংসাৰে জৰ্জৰিত হৈ আছে উত্তৰ পূবৰ ৰাজ্যখন। এতিয়ালৈকে কেইবাশ মানুহৰ প্ৰাণহানি হৈছে, হাজাৰ হাজাৰ মানুহে ঘৰ-বাৰী হেৰুৱাই মাহৰ পিছত মাহ আশ্ৰয় শিবিৰত অবৰ্ণনীয় অৱস্থাত দিন কটাবলগা হৈছে। মানুহৰ স্বাভাৱিক জীৱন নোহোৱা হৈছে। কিন্তু কেন্দ্ৰ চৰকাৰ নিৰ্বিকাৰ। নিৰ্বিকাৰ উত্তৰ পূবক অষ্টলক্ষী আখ্যা দিয়া নৰেন্দ্ৰ মোদী। ৰুছ-ইউক্ৰেইনৰ যুদ্ধ নিশেষ কৰিবলৈ যোৱা নৰেন্দ্ৰ মোদীয়ে নিশেষ কৰিব পৰা নাই মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ। মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ দাবীত আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ দিনা চানমাৰি থানাৰ সমুখত এঘন্টা সময় মৌন প্ৰতিবাদ সাব্যস্ত কৰে অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমে। এই অনুষ্ঠানত উপস্থিত থাকে ড০ হীৰেন গোহাঁই, পৰেশ মালাকাৰ, প্ৰভাত বৰাকে ধৰি বহুকেইজন বুদ্ধিজীৱি আৰু ৰাজনীতিবিদ। এই অনুষ্ঠানত ড০ হীৰেন গোহাঁয়ে সকলো বিৰোধী শক্তিক একলগ হৈ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম চলাই নিবলৈ আহ্বান জনায়।
এই অনুষ্ঠানত উপস্থিত থাকি চৰকাৰে মানুহৰ অধিকাৰ খৰ্ব কৰা বুলি বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে পৰেশ মালাকাৰে।
লগতে এই অনুষ্ঠানত উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতাকে ধৰি ভূপেন কুমাৰ বৰা আৰু মীৰা বৰঠাকুৰ। প্ৰতিবাদ সাব্যস্ত কৰি দলৰ স্বাৰ্থতকৈ ৰাইজৰ স্বাৰ্থত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি কয় –
আজিৰ এই প্ৰতিবাদী অনুষ্ঠানত কেইবাশও লোক উপস্থিত থাকে। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু সমাজ কৰ্মীয়ে এই অনুষ্ঠাত উপস্থিত হৈ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ দাবী উত্থাপন কৰে। লগতে ফেচিবাদী বিজেপিক সকলোৱে একেলগে উৎখাত কৰাৰ সংকল্প গ্ৰহণ কৰে।