আগন্তুক কুঁৱলীময় বতৰৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীৰ সুৰক্ষা আৰু পৰিচালন দক্ষতা নিশ্চিত কৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰে’ল সেৱাৰ বাতিলকৰণ আৰু চলাচলৰ ফ্ৰীকুৱেন্সী হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক বিজ্ঞপ্তিক এই কথা প্ৰকাশ কৰা হৈছে।
শীতৰ মাহবোৰত কুঁৱলীময় বতৰৰ ফলত প্ৰায়ে দৃশ্যমানতা হ্ৰাস হৈ পৰে, যাৰ ফলত ৰে’ল চলাচলৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হয়, পৰিণামস্বৰূপে গতিবেগৰ সীমাবদ্ধতা প্ৰয়োগ আৰু সুৰক্ষাৰ দিশত হব পৰা বিপদাশংকাৰ বাবে ৰে’ল চলাচলতপলম হয়।
এই প্ৰত্যাহ্বানসমূহ লাঘৱ কৰাৰ অৰ্থে আৰু সুৰক্ষাৰ মানদণ্ড বজাই ৰাখিবলৈ ৰে’লৱেই নিম্ন অনুসাৰে নিম্নলিখিত ৰে’লসমূহ নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে:
ৰে‘ল সেৱাৰ বাতিলকৰণ:
১। ৰে’ল নং ১৫৯০৩ (ডিব্ৰুগড়- চণ্ডীগড়) এক্সপ্ৰেছ প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰে ২৮ ফেব্ৰুৱাৰী, ২০২৫ লৈকে বাতিল থাকিব।
২। ৰে’ল নং ১৫৯০৪ (চণ্ডীগড় – ডিব্ৰুগড়) এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু দেওবাৰে ০২মাৰ্চ, ২০২৫লৈকে বাতিল থাকিব।
৩। ৰে’ল নং ১৫৬২০ (কামাখ্যা – গয়া) এক্সপ্ৰেছ প্ৰতি সোমবাৰে ২৪ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।
৪। ৰে’ল নং ১৫৬১৯ (গয়া – কামাখ্যা) এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২৫ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।
৫। ৰে’ল নং ১৫৬২১ (কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ প্ৰতি বৃহস্পতিবাৰে ২৭ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।
৬। ৰে’ল নং ১৫৬২২ (আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা) এক্সপ্ৰেছ প্ৰতি শুক্ৰবাৰে ২৮ ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।
ৰে‘ল সেৱাৰ ফ্ৰীকুৱেন্সী হ্ৰাস:
১। প্ৰতি দেওবাৰ আৰু বুধবাৰে ০৮জানুৱাৰী, ২০২৫লৈকে ৰে’ল নং ১২৫০৫ (কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) নৰ্থ ইষ্ট এক্সপ্ৰেছ বাতিল থাকিব। একেদৰে, প্ৰতি মঙলবাৰে আৰু শুক্ৰবাৰে ১০ জানুৱাৰী, ২০২৫লৈকে ৰে’ল নং. ১২৫০৬ (আনন্দ বিহাৰ টাৰ্মিনেল – কামাখ্যা) নৰ্থইষ্ট এক্সপ্ৰেছ বাতিল থাকিব।
২। ৰে’ল নং ১৫৪৮৩ (আলিপুৰদুৱাৰ – দিল্লী) ছিকিম মহানন্দা এক্সপ্ৰেছ প্ৰতি বুধবাৰ আৰু শনিবাৰে ০৮জানুৱাৰী, ২০২৫লৈকে বাতিল থাকিব। একেদৰে, প্ৰতি শুক্ৰবাৰে আৰু সোমবাৰে ১০জানুৱাৰী, ২০২৫লৈকে ৰেল নং ১৫৪৮৪ (দিল্লী – আলিপুৰদুৱাৰ) ছিকিম মহানন্দ এক্সপ্ৰেছ বাতিল থাকিব।
৩। ৰে’ল নং ১২৫২৩ (নিউ জলপাইগুড়ী – নিউ দিল্লী) এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২৫ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব। একেদৰে, প্ৰতি বুধবাৰে ২৬ফেব্ৰুৱাৰী, ২০২৫লৈকে ৰে’ল নং ১২৫২৪ (নিউ দিল্লী– নিউ জলপাইগুড়ী) এক্সপ্ৰেছ বাতিল থাকিব।
৪। ৰে’ল নং ১৫৯০৯ (ডিব্ৰুগড় – লালগড় জংচন) অৱধ অসম এক্সপ্ৰেছ প্ৰতি শনিবাৰে ২২ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল হৈ থাকিব। একেদৰে, ৰে’ল নং. ১৫৯১০ (লালগড় জংচন – ডিব্ৰুগড়) অৱধ অসম এক্সপ্ৰেছ প্ৰতি মঙলবাৰে ২৫ফেব্ৰুৱাৰী, ২০২৫লৈকে বাতিল থাকিব।