• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত এনআৰচি লিংকৰে কৰা হ’ব আধাৰ পৰীক্ষণঃ কোনসকল লোক পৰিব বিপদত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2024 6:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে ৰাজ্য চৰকাৰে অসমত আধাৰ কাৰ্ডৰ বাবে আবেদনকাৰীৰ পৰীক্ষণ আৰম্ভ কৰিব আৰু যিসকল আবেদনকাৰীৰ পৰিয়ালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অংশ হ’বলৈ আৱেদন কৰা নাই তেওঁলোকক নাকচ কৰিব।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত শৰ্মাই এন আৰ চিৰ আবেদনৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। তেওঁ কৈছিল যে ৰাজ্য চৰকাৰে ভৱিষ্যতে আধাৰ কাৰ্ড প্ৰদানৰ বাবে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰট’কল (এছ অ’ পি) জাৰি কৰাৰ সিদ্ধান্ত লৈছে, যাৰ অধীনত ২০১৫ চনত ইয়াৰ বাবে আবেদন কৰা যিকোনো ব্যক্তিয়ে এন আৰ চিৰ আবেদন নম্বৰ দিয়াটো বাধ্যতামূলক হ’ব।

Apply Now

বুধবাৰে অনুষ্ঠিত বৈঠকৰ অন্তত তেওঁ কয় যে এই সন্দৰ্ভত এছ অ’ পি কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ কেবিনেটে অনুমোদন জনাইছে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগেই ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে ন’ডেল এজেন্সী হ’ব, যিটো জিলা পৰ্যায়ত অতিৰিক্ত জিলা উপায়ুক্ত আৰু ৰাজহ সংমণ্ডল পৰ্যায়ত সংমণ্ডল বিষয়াই নিৰীক্ষণ কৰিব।

তেওঁ কয়, ‘যোৱা দুমাহত অসম আৰক্ষী, ত্ৰিপুৰা আৰক্ষী আৰু বি এছ এফে বহু অনুপ্ৰৱেশকাৰীক ধৰিছে। এই কাৰণেই বাংলাদেশৰ পৰা অনুপ্ৰৱেশ আমাৰ বাবে চিন্তাৰ বিষয়। আমি আমাৰ ব্যৱস্থাটো শক্তিশালী কৰিব লাগিব আৰু সেইবাবেই আমি আধাৰ কাৰ্ড ব্যৱস্থাক কঠোৰ কৰাৰ সিদ্ধান্ত লৈছো।’

তেওঁ কয় যে আবেদন কৰাৰ পিছত ইউআইডিএআইয়ে ৰাজ্য চৰকাৰলৈ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিব, তাৰ পাছত সংশ্লিষ্ট চক্ৰ বিষয়াই আবেদনকাৰী বা তেওঁৰ পৰিয়ালে এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ আবেদন কৰিছে নে নাই পৰীক্ষা কৰিব।

তেওঁ কয়, ‘এন আৰ চিৰ বাবে আবেদন কৰা বুলি ধৰা পৰিলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চক্ৰ বিষয়াগৰাকীয়ে ক্ষেত্ৰ পৰ্যায়ৰ পৰীক্ষণৰ বাবে যাব। বিষয়াগৰাকী সম্পূৰ্ণ পতিয়ন যোৱাৰ পাছত আধাৰ অনুমোদন দিয়া হ’ব।’

২০১৯ চনত ‘চূড়ান্ত এন আৰ চি’ প্রকাশ হোৱাৰ পূৰ্বে এন আৰ চি উন্নীতকৰণৰ প্রক্রিয়া ২০১৫ চনৰ পৰা আৰম্ভ হৈছিল৷ ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে আবেদনকাৰীয়ে ৰাজ্যখনত প্ৰৱেশ কৰিছিল নে নাই সেইটো নিৰ্ণয় কৰিবলৈ এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। সেই তাৰিখৰ পূৰ্বে অসমত প্ৰৱেশ কৰা বুলি ধৰা পৰা সকলক এন আৰ চিত অন্তৰ্ভুক্ত কৰি নাগৰিক হিচাপে স্বীকৃতি দিব লাগিছিল। এন আৰ চিৰ পৰা আঁতৰি থকাসকলক ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণ ব্যৱস্থাত বিচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল।

উল্লেখ্য যে, ২০১৯ চনৰ ৩১ আগষ্টত অসমৰ নাগৰিকৰ চূড়ান্ত তালিকা অৰ্থাৎ আপডেট কৰা এনআৰচি প্ৰকাশ পাইছিল, য’ত ৩১,১২১,০০৪ জন লোকক অন্তৰ্ভুক্ত কৰা হৈছিল, আনহাতে ১,৯০৬,৬৫৭ জন লোকক যোগ্য বুলি গণ্য কৰা হোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd