• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছত যোগদান কৰিলে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ষ্টিফেন লাক্ৰাসহ ১০ নেতাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 13, 2024 8:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতীয় কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ আজি কেবাজনো গুৰুত্বপূৰ্ণ জাতীয় সংগঠনৰ নেতা আৰু ৰাজনৈতিক দলৰ নেতৃত্ব বহন কৰা নেতাই কংগ্ৰেছত যোগদান কৰে৷

ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সঞ্চালনাত অনুষ্ঠিত সভাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ষ্টিফেন লাক্ৰাসহ কেবাগৰাকী আদিবাসী নেতাই কংগ্ৰেছত যোগদান কৰে৷

Apply Now

এই নেতাকেইগৰাকী হৈছে আদিবাসী জনগোষ্ঠীৰ প্ৰভাৱশালী নেতা ষ্টিফেন লাক্ৰা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি মেলকাছ টপ্প, সাংস্কৃতিক সম্পাদক বাদল কাৰ্তি, কাৰ্যবাহী সদস্য শংকৰ কৰ্মকাৰ আৰু আদিবাসী গায়ক ভিক্টৰ লাক্ৰা৷ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আদিবাসী নেতাকেইজনক কংগ্ৰেছ দললৈ আদৰণি জনায়৷

জীতেন্দ্ৰ সিং আৰু ভূপেন বৰাই ফুলাম গামোচা পিন্ধাই আদিবাসী নেতাসকলক দললৈ আদৰণি জনাইছে৷ আজিৰ যোগদান সভাখনত এআইইউডিএফৰ দুই সাধাৰণ সম্পাদকেও কংগ্ৰেছত যোগদান কৰে।

এআইইউডিএফৰ সাধাৰণ সম্পাদক আনোৱাৰ আলী, ড০ হাৰুণ আহমেদ, এনপিপি নেতা আব্দুল বাটেন ছিকদাৰ, চেঙাৰ আটোৱাৰ ৰহমান ভূঞা, আব্দুল আৱালে কংগ্ৰেছত যোগদান কৰে৷

যোগদান সভাত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে আদিবাসী নেতাকেইজনক দললৈ আদৰণি জনাই কয় যে সকলো প্ৰকাৰৰ লোক, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ বাবে কংগ্ৰেছ দলৰ অন্তৰত সুকীয়া স্থান আছে৷ কংগ্ৰেছে দৰিদ্ৰ লোকৰ আঘাত অনুভৱ কৰা জানে৷ নিজৰ ভাষণত ষ্টিফেন লাক্ৰাৰ প্ৰসংগও উল্লেখ কৰে সিঙে৷ ষ্টিফেন লাক্ৰাই নিজ জনগোষ্ঠীৰ বাবে বহু আন্দোলন কৰিলে বুলি কৈ কয় যে আপুনি আক্ৰমণৰ বলি হৈছে৷ জনজাতিৰ বাবে তেজ দিছে৷ ঘাম দিছে৷ গৰীৱ, জনতাৰ বাবে কাম কৰাৰ বাবে আৰক্ষী আৰু চৰকাৰে অত্যাচাৰ কৰিছে৷ কিন্তু আপোনাৰ জনজাতিয়ে বিচাৰিছিল ৰাজনৈতিক যাত্ৰা কৰাটো৷

জীতেন্দ্ৰ সিঙে আজি কংগ্ৰেছত যোগ দিয়া প্ৰতিগৰাকী নেতাকেই আদৰণি জনাই সকলোকে অসমৰ প্ৰগতি আৰু উন্নয়নৰ হকে কাম কৰিবলৈ আহ্বান জনায়। আনাহতে, নেতাকেইজনক দললৈ আদৰণি জনাই ভূপেন বৰাই কয় যে বিজেপিৰ ফেঁচীবাদ আৰু সাম্প্ৰদায়িকতা, ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰিবলৈ জাত, পাত, ধৰ্মৰ নামত কৰা বিভাজনৰ ৰাজনীতি, চিণ্ডিকেট ৰাজ, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শক্তিশালী যুঁজ দিবলৈ অসমৰ যিকোনো ব্যক্তি, যিকোনো দল-সংগঠনৰ নেতাক ৰাজীৱ ভৱনলৈ হিয়া উজাৰি আদৰিবলৈ সদায়েই সাজু হৈ থাকো৷ আজি যিসকলে যোগদান কৰিছে সংখ্যাত কম হ’ব পাৰে৷ কিন্তু আটাইকেইগৰাকীয়ে এটা এটা সংগঠনক সন্মুখৰ পৰা দীঘলীয়া সময় ধৰি নেতৃত্ব দি আহিছে৷ মই জীতেন্দ্ৰ সিং ডাঙৰীয়াক যেতিয়া এখেতসকলৰ কথা কৈছিলো তেতিয়া তেখেতে খোদ কৈছিল এই যোগদান সভাত ময়ো থাকিম৷ জীতেন্দ্ৰ সিং ডাঙৰীয়াই বিচাৰে অসমৰ পৰা ভ্ৰষ্টাচাৰী, দুৰ্নীতিগ্ৰস্ত বিজেপি আতৰি যাওক৷ আজি অসমত ৬ হাজাৰ চাকৰিৰ বাবে ১৬ লক্ষ নিবনুৱাই আবেদন কৰে৷ আজি অসমত ৩২ লক্ষ নিবনুৱা আছে৷

বিজেপিৰ নেতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিণ্ডিকেট চলাই থকাৰ সুবিধা দিয়াৰো অভিযোগ উত্থাপন কৰে বৰাই৷ এডিআৰ পৰীক্ষাত পিয়ন, চালকৰ পদত লক্ষ লক্ষ যুৱকে আবেদন কৰাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি বৰাই আৰু কয় যে বিজেপিৰ ল’ৰাই চিণ্ডিকেট চলাই লক্ষ লক্ষ টকা অবৈধভাৱে উপাৰ্জন কৰি আহিছে৷ কিন্তু অসমৰ ল’ৰাই ড্ৰাইভাৰ হৈ ঘৰ চলাব৷ এয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ চিন্তা৷ মই আজিৰ এই যোগদান সভাৰ পৰাই আহ্বান জনাই সকলোকে কৈছো যে অসমৰ যিসকল লোক বিজেপি বিৰোধী সকলোৱে কংগ্ৰেছৰ সৈতে চামিল হওক৷ বিজেপি বিৰোধী লোকৰ বাবে ৰাজীৱ ভৱনৰ দুৱাৰ খোলা আছে৷ জীতেন্দ্ৰ সিঙ ডাঙৰীয়াৰ উপস্থিতিত সকলোকে আদৰণি জনাম৷

নতুনকৈ যোগদান কৰা আদিবাসী নেতাসকলক বৰাই কয় যে আপোনালোকে কংগ্ৰেছৰ একো একোজন সেনাপতি৷ আজিৰ পৰা বিজেপি বিৰোধী যুঁজখনৰ আপোনোলোক এজন এজন সেনাপতি৷

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd