বিয়াৰ প্ৰতিশ্ৰুতিৰে এগৰাকী ছাত্ৰীক একাধিকবাৰ ধৰ্ষণ কৰিলে এগৰাকী উচ্চপদস্থ বিষয়াই।
আই আই টি কানপুৰৰ এগৰাকী গৱেষক ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে মহম্মদ মহছিন খান নামৰ এগৰাকী সহকাৰী আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে।
অভিযুক্ত আৰক্ষী বিষয়া মহম্মদ মহছিন খানে মিছা প্ৰতিশ্ৰুতি দি বিবাহ কৰাৰ প্ৰতিশ্ৰুতি দি কেইবাবাৰো ধৰ্ষণ কৰিছিল।
জানিব পৰা মতে, ঘটনাটো পোহৰলৈ অহাৰ লগে লগে বিষয়াজনক সহকাৰী আৰক্ষী আয়ুক্ত পদৰ পৰা অপসাৰণ কৰি লক্ষ্ণৌৰ ডিজিপিৰ কাৰ্যালয়লৈ বদলি কৰা হয়।
উল্লেখ্য যে অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। ২৬ বছৰীয়া যুৱতীগৰাকীয়ে অভিযোগ কৰে যে মহম্মদ মহছিন খানে বিয়াৰ প্ৰতিশ্ৰুতিৰে কেইবাবাৰো তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু শেহতীয়াকৈ তেওঁ বিয়াৰ কথা পাতিবলৈ খোজোতে মহছিনে বিয়াৰ কথা অস্বীকাৰ কৰে।
আৰক্ষী সূত্ৰ অনুসৰি অভিযুক্ত আৰক্ষী বিষয়াগৰাকীয়ে ৫ মাহ পূৰ্বে চাইবাৰ অপৰাধ আৰু অপৰাধ বিজ্ঞানত পি এইচ ডিৰ বাবে আই আই টি কানপুৰত নামভৰ্তি কৰিছিল। সেই সময়ত তেওঁ গৱেষক ছাত্ৰীগৰাকীক লগ পাইছিল। অভিযোগ অনুসৰি ক্ৰমান্বয়ে সম্পৰ্ক ঘনিষ্ঠ হোৱাৰ লগে লগে অভিযুক্ত আৰক্ষী বিষয়াজনে বিবাহৰ প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্ক স্থাপন কৰিছিল।
ইতিমধ্যে আৰক্ষীয়ে এখন কমিটি গঠন কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছে।