• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নভোটেল গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰীতিভোজস্থলী আৰু ১৮৮ ডাউনটাউন আধুনিক খাদ্য তথা সামাজিক গন্তব্যস্থল মুকলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2024 3:29 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উন্নয়ন আৰু উৎকৃষ্টতাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি অৰ্জন কৰি সুস্বাদু ভোজন তথা পাৰস্পৰিক সম্পৰ্ক স্থাপনৰ যাত্ৰাত এক নতুন অধ্যায়ৰ পাতনি মেলিছে জি এছ ৰোডৰ নভোটেল গুৱাহাটীয়ে। শেহতীয়াকৈ নভোটেল গুৱাহাটীয়ে তেওঁলোকৰ পৰিসৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। হোটেলখনৰ এই সম্প্ৰসাৰণত নতুনকৈ সংযোজন কৰা সুবিধাসমূহৰ ভিতৰত আছে দুটা অত্যাধুনিক প্ৰীতিভোজ গৃহ আৰু বহুমুখী ৰেষ্টুৰেণ্ট ১৮৮ ডাউনটাউন, যিয়ে উত্তৰ-পূব ভাৰতত আতিথ্যৰ মানদণ্ড পুনৰ সংজ্ঞায়িত কৰিবলৈ সাজু হৈছে।

উল্লেখ্য যে, গ্ৰেণ্ড আৰু ৰয়েল চেলিব্ৰেশ্যন নামৰ এই প্ৰীতভোজ গৃহ দুটা ক্ৰমে ৩৮০০ আৰু ৩০০০ বৰ্গফুটত বিস্তৃত। এই নতুন সংযোজনৰ লগে লগে নভোটেলত ভোজগৃহৰ সংখ্যা পাঁচটালৈ বৃদ্ধি পাইছে। বিশ্বমানৰ সা-সুবিধা আৰু ৩০০ৰো অধিক অতিথিৰ বাবে ভোজনপৰ্ব একেলগে আয়োজন কৰিব পৰা ক্ষমতাসম্পন্ন এই বহুমুখী স্থানসমূহ কৰ্পৰেট অনুষ্ঠান, বিবাহ অনুষ্ঠান আৰু বিভিন্ন উদযাপনৰ বাবে উত্তৰ-পূব ভাৰতৰ অন্যতম শ্ৰেষ্ঠ গন্তব্যস্থান হিচাপে পৰিগণিত হৈছে।

Apply Now

নতুন ৰেষ্টুৰেণ্ট “১৮৮ ডাউনটাউন”য়ে এক স্থান, আঠ প্ৰকাৰৰ খাদ্য আৰু অসীম অভিজ্ঞতা প্ৰদানৰ এক বিশিষ্ট ধাৰণা উপস্থাপন কৰিছে। ৰেষ্টুৰেণ্টখনত ৯৬ গৰাকী অতিথি বহিব পাৰে আৰু ইয়াক কেফে, ৰেষ্টুৰেণ্ট আৰু আউটড’ৰ আলফ্ৰেস্কো, এই তিনিটা ভিন্ন অংশত ভাগ কৰা হৈছে। মন কৰিবলগীয়া যে, এইখনেই হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ৰেষ্টুৰেণ্ট যিয়ে দিনটোৰ ভিতৰতে নিজৰ ৰূপ সলনি কৰে। ৰাতিপুৱা আৰামদায়ক কেফে হিচাপে আৰম্ভ হৈ দুপৰীয়াৰ ভাগত এখন সজীৱ ৰেষ্টুৰেণ্টলৈ সলনি হয় আৰু ৰাতি উলাহেৰে ভৰপূৰ বাৰলৈ পৰিণত হৈ পৰে নভোটেল গুৱাহাটী। সৃষ্টিশীল আলোকসজ্জা আৰু শব্দ ডিজাইনৰ জৰিয়তে হোটেলখনৰ এই ৰূপান্তৰ সম্ভৱ কৰা হৈছে, যিয়ে প্ৰতিটো পৰিৱেশক এক নতুন অভিজ্ঞতা প্ৰদান কৰে। ৰেষ্টুৰেণ্টখনত অতিথিসকলে একেটা ঠাইতে ভিন্ন সময়ৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব আৰু ইয়ে নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতিটো মুহূৰ্ত বিশেষ আৰু স্মৰণীয় কৰিব তুলিব।

হোটেলখনৰ সম্প্ৰসাৰণক লৈ আনন্দ প্ৰকাশ কৰি নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমীত সিঙে কয়, ‘এই সম্প্ৰসাৰণে আমাৰ অতিথিসকলৰ অভিজ্ঞতা বৃদ্ধিৰ প্ৰতি আমাৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰিছে। প্ৰীতিভোজ গৃহ আৰু ১৮৮ ডাউনটাউনৰ সংযোজনৰ ফলত আমি আমাৰ অতিথিসকলক একেটা ঠাইতে অন্তহীন স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্য ৰাখিছো। সৰু সৰু মিলন পৰ্বৰ পৰা আৰম্ভ কৰি ভৱিষ্যৎ উদযাপন, আৰামদায়ক কেফেৰ মুহূৰ্ত আৰু সজীৱ নৈশ জীৱনলৈকে নভোটেল গুৱাহাটী এতিয়া সকলো ধৰণৰ অনুষ্ঠানৰ বাবে আদৰ্শ গন্তব্যস্থান হৈ পৰিছে।”

লক্ষণীয় যে, এই বহুমুখী স্থল আৰু খাদ্যৰ বিকল্পৰ সমন্বয়ে আৰাম, বিলাসীতা আৰু বিশ্বমানৰ সেৱাৰ সংমিশ্ৰণেৰে আতিথ্য উদ্ভাৱনৰ ক্ষেত্ৰত নভোটেল গুৱাহাটীক অগ্ৰণী হিচাপে প্ৰতিষ্ঠা কৰিছে।

উত্তৰ-পূবৰ প্ৰাণকেন্দ্ৰস্বৰূপ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত নভোটেল গুৱাহাটী হৈছে জি এছ ৰোডস্থিত এখন বিলাসী হোটেল। নভোটেল গুৱাহাটীয়ে অতিথিসকলক ইয়াৰ বিলাসী স্থান, আধুনিক সুবিধা আৰু উৎকৃষ্ট সেৱাৰ প্ৰতি দায়বদ্ধতাৰে আৰামদায়ক আৰু সুবিধাজনক অৱস্থান প্ৰদান কৰে। হোটেলখনে পৰিৱেশ-অনুকুল পদক্ষেপৰ প্ৰতি দায়বদ্ধ হোৱাৰ সমান্তৰালভাৱে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ কম কৰাৰ লগতে অতিথিৰ সন্তুষ্টি সৰ্বাধিক কৰি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবেও সক্ৰিয়ভাৱে প্ৰয়াস কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd