• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই ১০টা কাৰণত স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক নষ্ট হৈ ঘটিব পাৰে বিবাহ বিচ্ছেদ! কি কৈছে গৱেষণাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2024 8:33 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো বিবাহিত জীৱনতে সমস্যা হ’ব পাৰে, যদি নিজৰ মাজত সমস্যা সমাধান কৰিব নোৱাৰিলে তেন্তে বিবাহ ভাঙিব পাৰে।

সকলো দম্পতীৰে সমস্যা হ’ব পাৰে। কিন্তু নিজৰ মাজতে আলোচনা কৰি সেই সমস্যা সমাধান কৰিব লাগিব। যদি স্বামী-স্ত্ৰীয়ে নিজে সমস্যা সমাধান কৰিব নোৱাৰে তেন্তে ইয়াৰ ফলত বিবাহ বিচ্ছেদ হ’ব পাৰে।

বিবাহ বিচ্ছেদৰ কাৰণ সন্দৰ্ভত কি কোৱা হৈছে আমেৰিকাৰ সমীক্ষাত

২০০৫ চনত আমেৰিকাত বিবাহ বিচ্ছেদৰ কাৰণসমূহৰ ওপৰত এক সমীক্ষা কৰা হৈছিল। সেই অধ্যয়ন অনুসৰি যদি পতি-পত্নীৰ মাজৰ কোনোবা এজন সম্পৰ্কটোৰ বাবে দায়বদ্ধ নহয় তেন্তে সম্পৰ্কটো ধ্বংস হ’ব পাৰে।

স্বামী-স্ত্ৰীৰ মাজত অহৰহ কাজিয়া

আমেৰিকাৰ এই অধ্যয়ন অনুসৰি যদি স্বামী-স্ত্ৰীৰ মাজত তুচ্ছ বা গুৰুত্বপূৰ্ণ কাৰণত সঘনাই কাজিয়া হয়, তেন্তে ইজনে সিজনৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। তেনে ক্ষেত্ৰত বিবাহ বিচ্ছেদৰ আশংকা বাঢ়ি যায়।

ইজনে সিজনৰ প্ৰতি আস্থাহীনতা

অধ্যয়নত দেখা গৈছে যে যদি কোনো স্বামী বা পত্নীয়ে ইজনে সিজনক বিশ্বাস নকৰে তেন্তে সম্পৰ্কটো নিঃশেষ হৈ যায়। পাৰস্পৰিক বিশ্বাস আৰু আস্থা অবিহনে কোনো সম্পৰ্ক স্থায়ী হ’ব নোৱাৰে।

কম বয়সতে বিয়া

অধ্যয়নত দেখা গৈছে যে যদি কোনো দম্পতীয়ে কম বয়সত বিবাহপাশত আবদ্ধ হয় তেন্তে বয়স বঢ়াৰ লগে লগে ইজনে সিজনৰ প্ৰতি আকৰ্ষণ কমি যাব পাৰে। বয়স বঢ়াৰ লগে লগে বহু কথাৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী সলনি হয়। তেতিয়া স্বামী বা পত্নীৰ লগত মতানৈক্য হ’ব পাৰে।

উচ্চাকাংক্ষাৰ লগতে অবাস্তৱ চাহিদা

যদি কোনো স্বামী বা পত্নীয়ে তেওঁলোকৰ সংগীয়ে তেওঁলোকৰ সকলো প্ৰয়োজন পূৰণ কৰিব বুলি আশা কৰে তেন্তে সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি আমেৰিকাৰ অধ্যয়নত প্ৰকাশ পাইছে। হতাশা আৰু বিৰক্তিয়ে সম্পৰ্ক ধ্বংস কৰিব পাৰে।

বয়সৰ পাৰ্থক্য, শিক্ষাগত অৰ্হতা ইত্যাদিৰ পাৰ্থক্য

আমেৰিকাৰ অধ্যয়ন অনুসৰি স্বামী-স্ত্ৰীৰ মাজত যদি বেছি দূৰত্ব থাকে তেন্তে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এজনে আনজনৰ ওপৰত জোৰকৈ সিদ্ধান্ত ল’লে আনজন হতাশ হৈ পৰে। ইয়াৰ ফলত সম্পৰ্ক ধ্বংস হ’ব পাৰে।

ভালদৰে প্ৰস্তুত হোৱাৰ আগতেই বিয়া

আমেৰিকাৰ সমীক্ষা অনুসৰি বিবাহৰ বাবে শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে প্ৰস্তুত নহ’লে ভাল পৰিয়াল এটা গঢ়ি তোলাটো কঠিন। প্ৰতি পদে পদে সমস্যা হব পাৰে।

শাৰীৰিক বা মানসিক নিৰ্যাতন

যদি স্বামী বা পত্নীয়ে আনজনক শাৰীৰিক বা মানসিকভাৱে নিৰ্যাতন চলাই থাকে তেন্তে সংশ্লিষ্ট ব্যক্তিজন আতংকিত হৈ পৰে। তেনে ক্ষেত্ৰত তেওঁ এই সম্পৰ্কৰ পৰা মুক্তি পাব বিচাৰে।

আৰ্থিক সমস্যা

আমেৰিকাৰ অধ্যয়ন অনুসৰি বিয়াৰ পিছত যদি ঋণৰ পৰিমাণ বাঢ়ি যায়,  হাতত টকা নাথাকে, উপাৰ্জনৰ তুলনাত খৰচ বেছি হয়, তেতিয়া স্বামী-স্ত্ৰীৰ মাজত সমস্যা হ’ব পাৰে।

ঘৰৰ দৈনন্দিন কামকাজক লৈ দ্বন্দ্ব

বেছিভাগ পুৰুষে ভাবে যে ঘৰৰ সকলো কাম পত্নীয়ে কৰিব। এই মনোভাৱে প্ৰায়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ পত্নী আৰ্থিকভাৱে স্বাৱলম্বী হ’লে।

নৰ্থইষ্ট নাওৱে আমেৰিকাত বিবাহিত লোকৰ সমস্যাৰ ওপৰত কৰা যি সমীক্ষাৰ ফলাফল সেয়া বিশ্লেষণ কৰি চোৱা নাই। ফলত কোনো দম্পতীয়ে আতংকিত হ’ব নালাগে। কিন্তু নিজৰ মাজত ভাল সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd